প্ৰহেলিকা-লক্ষিমী বৰা শইকীয়া

 ‌ ‌ এয়া মোৰ অনুৰাগ,
    অনুৰাগ জীৱনলৈ,তোমালৈ,
    মোৰ হেঁপাহৰ জোলোঙাটো , 
    সৰুৰ পৰা ডাঙৰ হ'বলৈ ধৰিছে আৰু
    মন ,
    নীল আকাশৰ শুকুলা ডাৱৰৰ দৰে 
    উৰি যাবলৈ মন কৰিছে।
    কল্পনাৰ যে সীমা নাই।।
  
     প্ৰতিদিনে পুৱা এটা আশা,
     গধূলিলৈ কিন্তু নিৰাশা হৈ পৰে। 
     মৌনতা ভাল লাগে ...
     ইমানো মৌনতা ভাল নালাগে ..
     যেন দুপৰ নিশাৰ নিস্তব্ধতা।
     এমাহ নাইবা এসপ্তাহ।
     
     মোৰ হৃদয়ৰ অনুভূতিবোৰ তোমাৰ হৃদয়ত    
     সোমোৱাতো বাদেই       
     কাষ চাপিবও পৰা নাই ।
     তোমাৰ হৃদয়ত থিতাপি ল'ব পৰাকৈ 
     মোৰ অনুভূতিও হয়তো 
     তোমাৰ জোখাৰে শক্তিশালী নহয় ...।
     সেইটো যে বাৰুকৈয়ে বুজিলোঁ।

      আমাৰ কথা হৈছিল...
      কিন্তু...
      এনে কথাটো হোৱা নাছিল!!!
      কথা আছিল বিশ্বাসৰ ,
      আছিল সুস্থ প্ৰেমৰ।
      কথা আছিল সপোন পূৰোৱাৰ,
      আছিল জীৱন সজোৱাৰ,
      কথা আছিল আদিৰ পৰা অন্তলৈ যোৱাৰ।
      
      বুজি পালোঁ, 
      তুমি অনুৰক্ত হৈছিলা ক্ষণিকলৈ,
      কিন্তু মই অনুৰক্তা জীৱনৰ সন্ধিয়ালৈ।

       এতিয়া মোৰ হৃদয়ত আছে,
       টুকুৰা টুকুৰি উৱলি যোৱা স্মৃতিৰ পাত।
       জোৰা লগাই লগাই স্মৃতিৰ পাতবোৰ 
       লুটিয়াই চাওঁ,
       অধিক সজীৱ হে দেখা পাওঁ।
       ভালো লাগে,
       হৃদয়ত স্মৃতিৰ পাতবোৰ  সযতনে থাকে।

       আজিকালি মই মোক বুজাই লওঁ,
       অভিমান,
       আবেগ,
       অশ্ৰু ,
       কিছুমানৰ ওচৰত মূল্যহীন
       অভিমান বাঢ়ি আবেগ হৈ অশ্ৰুৰূপে বৈ যায়।
       এয়াই  জীৱন!!
       কিন্তু,
       এনে কথাটো হোৱা নাছিল।।

       মোৰ বাবে তুমি এতিয়া এক প্ৰহেলিকা।।

✍️লক্ষিমী বৰা শইকীয়া
     গড়মূৰ
     মাজুলী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send