১৩আহিন , বৃহস্পতিবাৰ,ইং ৩০ চেপ্তেম্বৰ,
২০২১।
সূৰ্য্যোদয় ঘ:৫/১৮/৪৭,সূৰ্য্যাস্ত
ঘ:৫/৯/৪০
*ৰাশি:-* মিথুন ৰাশি।আ:ঘ:- ৪/৩৬/২৯ যোৱাত কৰ্কট ৰাশি।
*তিথি :-* কৃষ্ণ নৱমী স:ঘ:- ৬/১৫/৫১ লৈ।
*নক্ষত্ৰ :-* পূনৰ্ব্বসু। ৰা:ঘ:- ১২/১৫/৪৫ লৈ।
*শুভ সংখ্যা:-* ৮/৩
*শুভ ৰং :-* হালধীয়া/ ৰঙা ৰং
*আদ্যঋতু হলে :-* কান্তা যোগ।
*যাত্ৰা:-* পূৱ দিশত নাই । স:ঘ:- ৬/১৫/৫ যোৱাত উত্তৰ দিশত নাই।
*যোগিনী :-* পূৱ দিশত । স:ঘ:- ৬/১৫/৫ যোৱাত উত্তৰ দিশত।
*মৰণত দোষ:-* দ্বিপদ।ৰা:ঘ:- ১১/১৫/৪৫ যোৱাত নাই।
*ভক্ষাভক্ষ্য:-* লাও খোৱা নিষেধ ।স: ঘ: - ৬/১৫/৫১ যোৱাত কলমৌ খোৱা নিষেধ ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব,কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহাৰি লাভ কৰিব,যদিও সজাগ নহলে মনত সামান্য ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত আনৰ সহায় সহযোগিতা লাভ কৰিব, কৰ্মত নতুনকৈ আচনি গ্ৰহণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ময যশস্যা লাভ হব,লগতে বিদ্যাৰ্থী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পদ বৃদ্ধি হব, যদিও আজি আপুনি কৰ্মত সজাগ নহলে প্ৰতাৰণাৰ সন্মুখীন হব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰোগাৰোগ্য হব, কৰ্মব্যস্ততা বাঢ়িব, লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, কৰ্মত শুভ হব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত দক্ষতা বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, ধন লাভ হব যদিও আজি আপুনি সজাগ নহলে সামান্য মিচা আপৱাদ পোৱাৰ যোগা দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন ধান বাঢ়িব, শুভ কৰ্মলৈ মনোনিবেশ হব,যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত সফল হব, আমোদ প্ৰমোদ বাঢ়িব, যদিও সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত আৰ্থিক দিশত শুভ হব যদিও কৰ্মক্ষেত্ৰত সামান্য জতিলতা আহিব পাৰে লগতে আজি ছোৱালী সকলে সকলো দিশতে সজাগ হোৱাটো ভাল হব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মস্থান পৰিৱৰ্তন আহিব পাৰে, প্ৰেমত শুভ হব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ