ৰীতা চৌধুৰী ৰ মায়াবৃত্ত:অনুভৱী মনৰ এক মনস্তাত্বিক দলিল -প্ৰিয়ংকা চমুৱা

অসমীয়া সাহিত্যৰ চানেকি
0
গ্রন্থৰ নামঃ মায়াবৃত্ত
লেখকঃ ৰীতা চৌধুৰী

 'মায়াবৃত্ত' হৈছে অসমীয়া ঔপন্যাসিকা ৰীতা চৌধুৰীৰ ৰচিত এখন উপন্যাস। অনুভৱী চৰিত্ৰ পুতি নামৰ এজনী অকণমানি ছোৱালী হৈছে কাহিনীটোৰ মূল চৰিত্ৰ। এক কঠিন সময় বৰ্তমান, যি সময়ত মানুহৰ মনত দয়া মমতা সকলো শেষ হৈ প্ৰকৃতি আইক ধ্বংস কৰাত উন্মাদ হৈ পৰিছে, সেই একে সময়তে  মূখ্য চৰিত্ৰ কণমানি  পুতি আৰু তাইৰ একমাত্ৰ বন্ধু সুবৰ্ণৰ মনটোৱে কিদৰে প্ৰকৃতি ৰক্ষাৰ বাবে হাহাকাৰ কৰি উঠিছে, সেয়া কাহিনীটোৰ মূল অংশ। ৰীতা চৌধুৰী বাইদেউৰ সাহিত্যিক অমূল্য সৃষ্টি "মায়াবৃত্ত" শীৰ্ষক উপন্যাসখনে অনুভৱী  মনক বাৰুকৈয়ে চুই যায়৷ জীৱন আৰু  সময়ৰ চকৰি অতি নিষ্ঠুৰ। সময়ৰ  চক্রবেহুত সোমাই মানুহে প্রায়েই থাউনি হেৰুৱায়। এই ‘মায়াবৃত্ত’ তেনে এক মনস্তাত্ত্বিক বিষয়ক মূল আধাৰ হিচাপে লৈ লিখা ৰীতা চৌধুৰীৰ অন্যতম কালজয়ী উপন্যাস। কাহিনীৰ পৰিৱৰ্তিত মূল  চৰিত্ৰ ‘নীৰা’ই তাহানিৰ ‘পুতি’ক নতুনকৈ আৱিষ্কাৰৰ মানসেৰে গোমুখলৈ কৰা যাত্রাৰে হৈছে  উপন্যাসখনৰ আৰম্ভণি। তেওঁ সাৰথি হিচাপে লগত লৈ গৈছে  ‘পুতি’ময় হৈ থকা নীৰাৰে এখিনি সোণসেৰীয়া সময়ৰ দলিল ডায়েৰীখন। সেই ডায়েৰীৰ খনৰ আঁত ধৰিয়েই উপন্যাসখন আগবাঢ়িছে।স্বাভাৱিকতে কৃষ্ণ বৰণৰ কণমানি  পুতিয়ে মনত অহৰহ ৰামধেনু এখন লৈ ফুৰিছিল। যথেষ্ঠ কৌতূহলী আৰু অনুভৱী ছোৱালীজনীৰ মনত উদয় হোৱা প্রশ্নবোৰৰ সমিধান বিচাৰি মাক-দেউতাকক ব্যতিব্যস্ত কৰিছিল। কিন্তু উত্তৰৰ বিপৰীতে পুতিয়ে পাইছিল ককর্থনাৰ খোঁচ আৰু এআকাশ হতাশা। উৰিবলৈ পিন্ধা শৈশৱী ডেউকা সুলকি তাই হাউলি পৰাৰ উপক্রম হওঁতেই লগ দিছিলহি সুবর্ণই। পুতিক তুলি ধৰি কাষে-কাষে ৰৈ ছাঁ দিছিল সি। অৱধাৰিতভাৱে সিহঁতৰ মাজত আত্মীয়তা বাঢ়িছিল। কিন্তু কালিকা লগা সময়ৰ পকনীয়াত পৰি প্রাক-যৌৱনৰ আলি-দোমোজাত সুবর্ণ হেৰাই গৈছিল। নিজ বাটে বৈ থকা সুঁতি দুটা যেতিয়া পুনৰ লগ হৈছিল, বুকুৱে-বুকুৱে সাৰে থকা সপোনবোৰৰ বাদে আন সকলো সলনি হৈছিল।
 মূল চৰিত্ৰ নীৰাৰ স্বামী ব্রজেন আছিল সম্পূৰ্ণ সুকীয়া বস্তুবাদী মানসিকতাৰ। সংসাৰখন  জীয়াই ৰখাৰ স্বার্থত কোনো কোনো স্থানত তেওঁক ৰক্ষণশীল যেনো বোধ হয়। ইফালে নীৰা আছিল প্ৰকৃতিৰ ৰূপত মুগ্ধ আৰু আলসুৱা মনৰ,গছ, বতাহ ভালপোৱা সেউজীয়া পথাৰ দৰাৰ  দৰে। সুৰীয়া  বৰ্ণিল হেঁপাহখিনিক পূর্ণতা প্রদানৰ নিমিত্তে ব্রজেনে তাইক আবদ্ধ কৰি ৰাখিবলৈ গঢ়া অদৃশ্য প্রাচীৰ নীৰাই তচ-নচ কৰিবলৈ সক্ষম হৈছিল। সন্তান দুটিৰ সৈতে কৰা কথোপকথনখিনিয়ে নীৰাক এগৰাকী সুগৃহিনী আৰু মমতাময়ী হিচাপে তুলি ধৰিছে। একেসময়তে স্বামীক কিছু নিৰুদ্বেগ দেখা গৈছে। ইফালে বন্ধুত্বৰ নিচান উৰুৱাই ৰৈ থকা ডেনিয়েল! তাৰ মনৰ কোনোবা এটা কেঁকুৰিত নীৰাৰ বাবে কিছু দুর্বলতা আছিল যদিও সেয়া এক অসমতুল সমীকৰণ হিচাপেহে ৰৈ গৈছিল।


ৰীতা চৌধুৰীৰ বাইদেউৰ উপন্যাস বুলিলেই এক সুনিপুন আৱেগৰ উপস্থাপনৰ অনির্বচনীয় আকর্ষণীয় দলিল, অপ্রকাশ্য অনুভৱৰ পুখুৰীত ডুবি থকাৰ সুখ। সমান্তৰভাৱে কেইবাটাও ঘটনাক আগুৱাই নিয়াত তেখেত সিদ্ধহস্ত। ‘মায়াবৃত্ত’ও ইয়াৰ ব্যতিক্রম নহয়। ইয়াত এফালে পুতিজনীৰ আলসুৱা মায়াময় পৃথিৱীখন আনফালে ব্রজেনৰ ৰুক্ষ, যন্ত্রৱৎ ৰুটিনমাফিক জীৱন আৰু স্থিতপ্রজ্ঞ সুবর্ণৰ দায়িত্বশীলতা তথা সাময়িক অসহায়তা- এই সকলোবোৰৰ মাজত সংসাৰৰ বৃত্তত আবদ্ধ নীৰাৰ অস্ফুট ছটফটনিখিনি সাধাৰণ পাঠকেও অনুধাৱন কৰিব পৰাকৈ লেখিকাই খুব সাৱলীলতাৰে আক্ষৰিক অনুবাদ কৰিছে। তাৰোপৰি গোমুখ অভিমুখী ভিন্ন ঠাইবোৰৰ ভৌগোলিক অৱস্থান তথা তাৰ আৱাসীসকলৰ জীৱন-প্রণালীৰ যি কৌশলী উপস্থাপন কৰিছে, তাতেই লেখিকাৰ অধ্যয়নপুষ্ট মনটোৰো উমান পাব পাৰি।
এই 'মায়াবৃত্ত' খন সামগ্ৰিকভাৱে এখন নাৰীকেন্দ্ৰিক উপন্যাস বুলি ক’ব পাৰি ৷ লেখকাই "নীৰা" শীৰ্ষক চৰিত্ৰটোৰ মাধ্যমেৰে নাৰী জীৱনৰ কণ্টকময় যাত্ৰা আৰু সমাজ - সংসাৰৰ মেৰপাকত দিশহাৰা হৈ পৰা নাৰীৰ স্বকীয়তাক বৰ সুন্দৰকৈ উপস্থাপিত কৰিছে ৷
     মায়াবৃত্ত   উপন্যাস খনত  শৈশৱৰ "পুতি" য়ে কৈশোৰত "নীৰা" নামেৰে অলংকৃত হয় ৷ নিজৰ মাক-দেউতাকে ক’লা চামৰাৰ অধিকাৰী হোৱা হেতু ফুলকুমলীয়া ছোৱালীজনীৰ ওপৰত চলোৱা অতিশয্যা বৰ নিৰ্মম ৷ কিন্তু , একে সময়তে পুতিৰ তুলনাত বয়সত অলপ ডাঙৰ আৰু নিৰ্মল মনৰ অধিকাৰী সুৱৰ্ণৰ অস্তিত্বই তাইক অলপ সকাহ দিছিল ৷ প্ৰকৃতিপ্ৰেম,জীৱপ্ৰেমৰ নৈ এখন অনবৰতে নিজৰ হৃদয়ৰ মাজত কঢ়িয়াই ফুৰা শান্ত-সমাহিত পুতিজনী সৰুপৰা অন্যায় আৰু অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিব পৰাকৈ পৰাকৈ দৃঢ় আছিল ৷  সপোনৰাজ্যত উমলি ফুৰা , বাস্তৱত নিজৰ দায়িত্বৰ পৰা কাহানিও পিছ নোহোৱা , মানুহৰ চকুযুৰিৰে অন্তৰত প্ৰৱেশ কৰিব পৰা পুতিজনীয়ে কালক্ৰমত "নীৰা" নামৰ এগৰাকী সু লেখিকা হিচাপে প্ৰতিষ্ঠা লাভ কৰে ৷ আচলতে,নীৰা নামৰ সত্বাটোৰ বীজ শৈশৱতে সুৱৰ্ণই পুতিৰ মাজত ৰোপণ কৰি গৈছিল ৷ শৈশৱতে অংকুৰিত সেই বীজ কৈশোৰত লালিত-পালিত হৈ , প্ৰাপ্তবয়স্ক কালত সম্ভাৱনাৰ ৰূপত ধৰা দিছিল ৷  "পুতি"ৰ পৰা " নীৰা" হোৱাৰ যি যাত্ৰা , সেই যাত্ৰা কোনোকালেই মৃসন নাছিল ৷ মাতৃগৃহৰ লগতে স্বামীগৃহ তথা স্বামী ব্ৰজেনৰ পৰা লাভ কৰা অৱজ্ঞা তথা তিৰস্কাৰে পুতিক নীৰা হোৱাত সহায় কৰিছিল ৷ এগৰাকী কল্পনাপ্ৰৱন , অৰ্ন্তমুখী , কিছু পৰিমাণে আত্মবিশ্বাসহীনতাৰে জৰ্জৰিত ছোৱালীজনীৰ এগৰাকী সৱল , কঠোৰ , স্বভিমানী নাৰী হোৱাৰ যি দীঘলীয়া যাত্ৰা ; সেই যাত্ৰাৰ মাজেৰে কাহিনীভাগ আগবাঢ়ি গৈছে৷
    মূল চৰিত্ৰ পুতি তথা নীৰাই  পিতৃ - মাতৃ তথা সহোদৰ আৰু ব্ৰজেনৰ পৰা পোৱা অৱজ্ঞাবোৰৰ বাবে নীৰালৈ পুতৌ জন্মে ৷ একেসময়তে সুৱৰ্ণ,ডেনিয়েল,ৰাজৰ্ষি আৰু জিৰি-ৰোহীৰ পৰা পোৱা আবদাৰ তথা মৰমবোৰে নীৰাক ইৰ্ষাৰ পাত্ৰ কৰি তোলে৷ 
       মায়াবৃত্ত উপন্যাসখনে কঢ়িয়াই উপস্থাপন কৰিছে  গৌৰৱোজ্জ্বল দিল্লী চহৰৰ গৌৰৱময় ইতিহাস, জৱাহৰলাল নেহেৰু বিশ্ববিদ্যালয়ৰ থূলমূল বিৱৰণ , গংগা নদীক কেন্দ্ৰ কৰি সৃষ্টি হোৱা নানান আখ্যান-উপাখ্যান , ভগীৰথী নদীৰ কাহিনী , হৰিদ্বাৰ , গোমুখ ৰ কিছু পৰিচয় , গংগাৰ পাৰৰ সন্ধ্যা আৰতি আদিৰ বৰ্ণনা ৷ তাৰোপৰি , খাপ পঞ্চায়তে দুৰ্বিষহ কৰি তোলা উত্তৰ প্ৰদেশ,মধ্য প্ৰদেশ আদি ঠাইৰ হাজাৰজনী নন্দিনীৰ দৰে ছোৱালীৰ মনত লৈ ফুৰা বেদনা , সন্তানহীনতাৰ বাবে সমাজে কৰা আচৰণত অতিষ্ঠ হৈ মৃত্যুক সাৱতি লোৱা পত্নীৰ স্মৃতি কঢ়িয়াই ফুৰা সুদীপ দত্ত তথা একালৰ প্ৰতাপী ডাক্তৰ,বৰ্তমানৰ সৰ্বাস্ৰান্ত ডা° গুপ্তাৰ দৰে পুৰুষৰ বেজাৰৰ কথা৷ ইয়াৰোপৰি কাহিনীৰ মাজতে লেখিকাই অতি সাৱলীল ভাৱে চিপ্‌কো আন্দোলনত নাৰীৰ সৱল ভূমিকা আৰু উন্নয়ণৰ তথা বিকাশৰ নামত প্ৰকৃতিৰ ওপৰত চলা অত্যাচাৰৰো বৰ্ণনা দি যায় ৷

  প্ৰকৃততে  বস্তুবাদ,বাস্তৱবাদ তথা আত্মাপ্ৰেম আৰু ইশ্বৰ প্ৰীতিৰ পৰা যিয়ে দূৰত অৱস্থান কৰে সেই মানুহ সময়ৰ সোঁতত , প্ৰয়োজনৰ স্বাৰ্থত সলনি হোৱাটো একো ডাঙৰ কথা নহয় ৷ অন্যহাতে , স্থিতপ্ৰজ্ঞ পুৰুষ সদায় কল্যাণকামী তথা স্থিৰ হয় ৷ ৰিপু সমূহক জয় কৰি যি মানৱে কল্যাণৰ কামত আত্মনিয়োগ কৰে,তাক সত্য আৰু শুদ্ধ পথৰ পৰা কোনেও বিচলিত কৰিব নোৱাৰে৷ 
      উপন্যাস খনত সামগ্ৰিক ভাৱে নাৰী জীৱনৰ কণ্টকময় যাত্ৰা , পুৰুষৰ নানা ৰূপ আৰু প্ৰতিজন মানুহে কঢ়িয়াই ফুৰা অসফলতা , গ্লানি তথা নিৰ্লিপ্ততাক লেখিকাই অতি সাৱলীল ৰূপত প্ৰকাশ কৰিবলৈ সামৰ্থ হৈছে ৷ ৫০৬ পৃষ্ঠাযোৰা এই উপন্যাসখনে মোৰ অনুভৱী মনত গভীৰভাৱে ক্ৰিয়া কৰিবলৈ সক্ষম হল।

লেখক  হিচাপে ৰীতা চৌধুৰী অনন্য কথন আৰু বৰ্ণনাত্মক গুণবিশিষ্ট। উপন্যাস খন পঢ়োতে কাহিনীৰ বিস্তৃত বর্ণনাই এনেকৈ মোহাচ্ছন্ন কৰিছে  যেন গোটেই ঘটনাপ্রবাহ মনৰ চকুৰ সন্মুখত জীৱন্ত হৈ পৰে। লেখিকাই প্ৰসংগ ক্ৰমে কৈছিল, ‘মায়াবৃত্ত’ই হেনো তেওঁ লিখিব খোজা অন্তিমখন উপন্যাস! মোৰ বিশ্বাস প্রতিজন পাঠকেও যে ‘মায়াবৃত্ত’ক অসমীয়া সাহিত্যৰ এক অনন্য সম্পদ হিচাপে স্বীকৃতি দিছে আৰু দিব সেয়া ন দি কব পাৰি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)