পিছল-বাণীকান্ত লহকৰ

পংখী মৰাণ
0

চিনা নিচিনা খোজত,
আঠালতীয়া মাটিৰ পিছল।

শেলুৱৈ ধৰা হাতত
কেঁচুমটা লগা নখত;
বেঙেমূতা পানী।

ঘঁহি ক্ষয় কৰিবলৈ
ভেটাৰ উদৰ ভঁৰাল।
নখত পানী জুবুৰিয়াই;
শিল ভঙা হাতৰ উজান।

চৈ দিয়া গৰুৰ গাড়ীত
বেলি আৰু বতাহৰ যুঁজ।
চাইৰেন বজাই আহিছে;
ভূ-লুণ্ঠিত দুৰ্পাক ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)