হে সময় ! তুমি নহ'বা নিষ্ঠুৰ ! দুৰ্বলতাৰ , হীন- নীচতাৰ বন্ধন ভাঙি অভিযান ল'বা। উন্নত বুকু দাঙি বিশ্ববিজয়ী প্ৰগতিৰে আগবাঢ়ি যাবা দুষ্টজনক দমন কৰি...
ধুই নিকা কৰা মহা - গোড়ামীৰ মল
পৰিস্কাৰ কৰা এই পৃথিৱীখন,
কাৰো বাবে নকৰিবা অপেক্ষা ! অকলেই আহিছা
সময় হ'লে অকলে যাবা ।
সময়ৰ চিন্তা সময়ত কৰিবা
সময় হলে উত্তৰ দিবা
তুমি নিষ্ঠুৰ নে সাহসী
পুৰণি জীৰ্ণ মোহাৰি ধুনি ধুনি কৰা নাশ ।
পুনু গঢ়ি তোলা নতুনৰ অভিলাষ ,
হে সময় ! তুমি মহান!
সুন্দৰ
ReplyDelete