মুঠি,মুঠি,কঠীয়া লৈ দোপালপিটা বৰষুণতো!
তুমি আৰু মই সিঁচিছিলোঁ সৃষ্টিৰ কঠীয়া,
মৰম ভালপোৱা সনা দুটি প্ৰাণ আকলুৱা।
সেউজীয়া আৱেশ ভৰাই তোলা...:!
এবুকু সপোনৰ উক্মুকনি,
হিয়াৰ ৰামধেনুৰ ৰং সানি,!
তুমি দিয়া আলিটোত সন্তৰ্পণে দিলোঁ খোজ,
যদি ভাঙি যায় তোমাৰ কেঁচা ঘামৰ ফচল,
বৰ মৰমৰ তুমি মোৰ...!
এবুকু মৰমেৰে আৱৰি ৰাখিম তোমাক,,
পথাৰত বহি,পকা কঁঠাল,কোমল চাউলৰ সোৱাদ,
হেঁপাহ পলুৱাই উপভোগ কৰিম তোমাৰ সান্নিধ্যত।
গাজনি, বজ্ৰপাতে লৰাব নোৱাৰা তোমাৰ বুকুত,
সমস্ত নিৰাপত্তাৰ গভীৰ প্ৰত্যাশা মোৰ প্ৰাণত।
সপোনে প্ৰাণ পোৱাৰ আগতেই,
কালৰূপ ধৰিলে মহাবাহুৱে...!
নিমিষতে লৈ গ'ল আমাৰ সপোন,
বুকুত জাহ গ'ল মৰমৰ পঁজাটি!
আজি আমি অঘৰী...;
নাই খেতি মাটি,
নাই সম্পত্তি...!
মাথোঁ তুমি আৰু মই ,
মুক্ত বিহঙ্গ দুটি....!
মানুহে কয় মই হেনো পাগলী?
জানানে সোণ, তোমাৰ মৰমৰ হে মই পাগলী।
তুমি আছা মোৰ হিয়াত,
সযতনে ৰাখিছোঁ তোমাক,
যদিও মিলি গ'লা তুমি বৰ লুইতৰ বানত,
তথাপি তুমি মোৰ হৃদয়ত...!
প্ৰতিদিনে,প্ৰতিক্ষণে মোৰ মনৰ মাজত।
সৰগৰ তৰাটি হৈ,যাম তোমাৰ কাষলৈ,
অপেক্ষা, মাথোঁ অপেক্ষা তোমালৈ...!
মোৰ সোণ......!
মাথোঁ অপেক্ষা তোমালৈ....।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ