যাবলৈ দিলোঁ।
ৰাতিটোৰ বুকুত দীৰ্ণতাৰ ছবি সুস্পষ্ট।
ৰাতিৰ গভীৰ বুকুত শুনিছিলোঁ ফুলাৰ মন্ত্ৰ..।
দুৰ্নিবাৰ প্ৰতিধ্বনিত মুখৰিত নীৰৱতা,
পিছে সকলো ব্যৰ্থ।
দুপৰ নিশাৰ মৌনতাবোৰ অহা বাটেৰেই উভতি গʼল,
ছাই হৈ পৰি ৰʼল এজাপ প্ৰহেলিকা যেন লগা ধূসৰ স্মৃতি।
সপোনবোৰ যাবলৈ ওলাল,
যাবলৈ দিলোঁ।।