ৰছীডাল-বিটুমনি কোঁছ

অসমীয়া সাহিত্যৰ চানেকি
0
চিপ চিপ কৈ বৰষুণ দি আছিল।ৰামধনে জাপিটো পিন্ধি গেধা গৰুহাল এচাৰিৰে কোবাই কোবাই হাল বাই আছিল।মাটি ডৰা সোনকালে ৰুই আজৰি হব পাৰিলেই হয়।মানুহজনী গা-ভাৰী ।এই কেইদিনতেই খালাচ হব যেন লাগিছে।আগৰ দুজনী ছোৱালী।এইবাৰ ল'ৰা হলেই হয়।গাওঁৰ নামঘৰৰ লগতে কেইবাখনো থানত আগ কৰি থৈছে।ঘৈণীয়েক মণিক এইবাৰ তেনেকৈ কাম বন কৰিবলৈ দিয়াই নাই।ডাঙৰ জনী ছোৱালী হাতত লগা হৈছে।তাই কৰিব নোৱাৰা কেইখন ৰামধনে নিজেই কৰিছে।ৰামধনৰ মতে ছোৱালী পঢ়াই লাভ নাই।লোকৰ ঘৰৰ  শুৱনি।সৰুৰে পৰা কাম বন শিকাব লাগে।ল'ৰা ঘৰৰ শুৱনি মাক বাপেকক চাব।

কথাবোৰ ভাবি ভাবি হালবাই থকা ৰামধনে গৰুহাল ৰখাই মৈ দিবলৈ মৈখন যোগাৰ কৰাত লাগিল।গৰুহালত মৈখন যুঁতি লৈছে,,,,,ৰছীডাল চিঙি থাকিল।ৰামধনৰ মনত পৰিল,,,,,,।সৰু ছোৱালী জন্ম হওঁতেই ঘৈণীয়েক মণিক বল দিবলৈ ৰচীডাল বনাই দিছিল।আজি দুবছৰ হ'ল,,,,,।কতনো ৰছীডাল ভাল হৈ থাকিব।আজি পথাৰৰ পৰা গৈ মৰাপাটৰ শকত ৰছী এডাল বনাব লাগিব।আগতীয়াকৈ যোগাৰ কৰি থোৱা ভাল।ভগৱানে লৰা পোনাটি ভালে কুশলে দিলেই হয়।কথাষাৰ ভাবি তাৰ মনটো ভাল লাগি গ'ল।

ৰামধনে চিঙি যোৱা ৰছীডাল জইন কৰি মৈখন গৰুহালত যুঁতি লৈছেহে,,,,,,,,।দেতা দেতা বুলি ছোৱালী দুজনী দৌৰি আহিল।ৰামধনৰ বুকুখন চিৰিং কৰি গল। গৰুহাল ৰখাই জীয়েকহঁতক ক'লে--ফোঁফাই জোঁফাই কেলেই দৌৰি আহিছ।দেতা মাৰ পেটত কিবা হৈছে।মাতিছে।ছোৱালী দুজনীয়ে ফোঁফাই ফোঁফাই ক'লে,,,,,,।
ৰামধন ৰৈ নাথাকিল।গৰুহাল খুলি জীয়েকেহঁতৰ পাছে পাছে ঘৰলৈ বাট ল'লে।বাটতে  গাওঁখনৰ ধাই  পদুমী বুঢ়ীক মাতি আহিল।

ৰামধনে আঁতৰৰ পৰা ঘৈণীয়েকৰ কেঁকনি গেঁথনি
 শুনিবলৈ পালে।ওচৰৰ কেইজনী মান মহিলাই মণিক আগুৰি আছিল।ঘৈণীয়েকক কি ৰছী বান্ধি দিব ,,,,চিন্তাত ৰামধনে মূৰ ঘমাব ধৰিলে।প্ৰসৱ যান্ত্ৰনাত মানুহজনী চটফটাই আছিল।কাপোৰ জইন কৰি সি ৰচী এডাল বনাই ঘৈণীয়েকে ধৰি বল দিবলৈ সুবিধা কৰি দিলে।ধাই পদুমী বুঢ়ী আহি   মণিক চালে।মনিৰ ওচৰত ৰৈ থকা মহিলা কেইগৰাকীয়ে ৰামধনক ল'ৰা হ'ব বুলি সুখবৰটো দিলে।লাহে লাহে বিষ আহিলে  লৰা হয়।ছোৱালী বিষ ঘনাই ঘনাই আহে।এয়া পদুমী বুঢ়ীয়ে কৈছে।

ল'ৰা হব বুলি ৰামধনৰ মনটো ভাল লাগিলেও ঘৈণীয়েকৰ কষ্ট দেখি চকুলো ওলাল।পুৱাৰ পৰাই কষ্ট খাই থকা মানুহজনীয়ে ৰাতিলৈ ল'ৰা এটা জন্ম দিলে।ল'ৰা হ'ল,ল'ৰা হ'ল বুলি হুলস্থূল লাগিল।কেঁচা বাঁহৰ চোঁচেৰে কেঁচুৱাৰ নাড়ী কাটি টেকেলিত গৰম কৰা পানীৰে গা ধুৱাই,,,,,,। কেঁচুৱাৰ গাত দিবলৈ ফটাকানি বিচাৰিলে । ৰামধনে  পুৱাৰ পৰাই কঁকালত বান্ধি থোৱা গামোছাখন পদুমী বুঢ়ীলৈ আগবঢ়াই দিলে।কেঁচুৱাৰ বাবে যোগাৰ কৰি থোৱা ঘিউ মৌ চেলেকাই কেঁচুৱাটো মাকক দিবলৈ লৈ গ'ল। ধাই পদুমী বুঢ়ীয়ে মণিক প্ৰথম গাখীৰ খিনি চেপি  পেলাই দিবলৈ কলে।তোৰ ভাগ্য বৰ ভাল অ ', ল'ৰাও পালি ছোৱালীও পালি।ল কেঁচুৱাটো কোঁচত ল। মণিৰ  সাৰসুৰ নাই।বুঢ়ী চিৎকাৰ কৰি উঠিল।ৰামধনে মণিক সাৱটি ধৰিলে।মণিৰ প্ৰাণ বায়ু কেতিয়াবাই উৰি গৈছিল।নিথৰ দেহাটোৰ কাষত ৰছী ডাল লৰচৰ কৰি আছিল।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)