১৪আহিন , শুক্ৰবাৰ,ইং ১ অক্টোবৰ।
২০২১।
সূৰ্য্যোদয় ঘ:৫/১৯/১৪,সূৰ্য্যাস্ত
ঘ:৫/৮/৩৫
*ৰাশি:-* কৰ্কট ৰাশি।
*তিথি :-* কৃষ্ণ দশমী ৰা:ঘ:- ৭/১৮/১৭ লৈ।
*নক্ষত্ৰ :-* পুষ্যা। ৰা:ঘ:- ১২/৩৭/১৭ লৈ।
*শুভ সংখ্যা:-* ৭/৬
*শুভ ৰং :-* বগা/ চিত্ৰ বিচিত্ৰ ৰং ।
*আদ্যঋতু হলে :-* কান্তা যোগ।
*যাত্ৰা:-* উত্তৰ দিশত নাই । ৰা:ঘ:- ৭/১৮/১৭ যোৱাত অগ্নি কোনত নাই।
*যোগিনী :-* উত্তৰ দিশত । ৰা:ঘ:- ৭/১৮/১৭ যোৱাত অগ্নি কোনত।
*মৰণত দোষ:-* নাই।
*ভক্ষাভক্ষ্য:-* কলমৌ খোৱা নিষেধ ।ৰা: ঘ: - ৭/১৮/১৭ যোৱাত উৰহী খোৱা নিষেধ ।
১. *মেষ ৰাশি* (অ,ল) : - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, সম্পদ বৃদ্ধি হব, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
২. *বৃষ ৰাশি*( উ,ব,ই) : - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰত বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ কৰিব, যদিও আজি আপোনাৰ কৰ্মত সামান্য পৰিশ্ৰম বাঢ়িব পাৰে লগতে আজি আপুনি চোৰৰ পৰা সাৱধান হোৱাটো ভাল হব ।
৩. *মিথুন ৰাশি* ( ক,ছ) : - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হব, সামাজিক কৰ্মত সুখ বৃদ্ধি হব, যদিও আজি আপুনি নিজৰ খং আৰু অভিমান ভাৱ দমন কৰিবলৈ চেষ্টা কৰিব।
৪. *কৰ্কট ৰাশি*( ড,হ) : - কৰ্কত ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক কৰৰ্মত জৰিত হোৱাৰ সুযোগ লাভ কৰিব, পুৰণি বন্ধু লাভ হব, যদিও আজি আপুনি সজাগ নহলে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব, আৰ্থিক দিশত সামান্য নাটনি হব পাৰে লগতে আজি আপোনাৰ সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. *কন্যা ৰাশি* (প,ঠ) : - কন্যা ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, যদিও আজি আপুনি সজাগ নহলে কৰ্মক্ষেত্ৰত সামান্য জতিলতা বাঢ়িব পাৰে, লগতে মনত সামান্য অস্থিৰতা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. *তুলা ৰাশি* (ৰ,ত): - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব যদিও কৰ্মত সামান্য প্ৰেৰণা লাভ কৰিব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. *বৃশ্চিক ৰাশি* (ন,য): - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও আজি আপোনাৰ সামান্য মানসিক উদ্বেগ ভাৱ বাঢ়িব পাৰে, লগতে আজি সজাগ নহলে আপোনাৰ ব্যৱসায়িক দিশত সামান্য সাল সলনি হোৱাৰ যোগা দেখা যায়।
৯. *ধনু ৰাশি* (ধ,ভ): - ধনু ৰাশিৰ জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, কৰ্মত যশস্যা বাঢ়িব, যদিও আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হব।
১০. *মকৰ ৰাশি* (খ,জ): - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও আজি আপোনাৰ মানসিক উদ্বেগ ভাৱ বাঢ়িব পাৰে লগতে সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।
১১. *কুম্ভ ৰাশি*(গ,শ,স): - কুম্ভ ৰাশিৰ জাতক জাতিকা সকলৰ আজি দিনটোত প্ৰতিভাৰ বিকাশৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহলে মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে লগতে আজি আপুনি বিবাদৰ পৰা আতৰি থকাটো ভাল হব।
১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ হব, যদিও আজি আপোনাৰ শৰীৰত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে, মনত সামান্য ঙংগ আৰু অভিমান ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: *জ্যোতিষী* :-
শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
Pn no -9101096481
Wp no - 9577136205
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ