ভৰ যৌৱনা শাওণৰ বুকুতেই
সিঁচি দিলোঁ এমুঠি সেউজীয়াৰ বীজ,
নদন-বদন হৈ উপচি পৰক
পথাৰ ভৰি সোণোৱালী শইচ ;
আলফুলে বুটলি লম দুহাতে
যেতিয়া হেঁপাহবোৰ ফুলি উঠিব
মুঠি মুঠি কৰি ।
( ২)
তুমিয়েইটো নীলিম আকাশৰ
নৱ প্ৰভাতৰ ৰাঙলী সূৰুয ;
লৈ আহা আশাৰ কিৰণ জিলিঙাই,
বিলাই দিয়া এমুঠি
হেঁপাহৰ কাঁচিয়লি ৰ'দালি;
আকৌ বিদায় লোৱা নিৰলে
হেঙুলীয়া আভা সানি
চিকিমিকি সন্ধিয়া পৰত ।