চিৰিক-চিৰিক মাতেৰে;
মোৰ মূৰৰ ওপৰেদি উৰি ফুৰা
পৰিভ্ৰমী চৰাইজাক।
নষ্টালজিয়াৰ বুকুয়েদি বাগৰি
আহিছে..
অনৰ্গল বিষাদবোৰ!
কল্পনাৰ ঢৌ বোৰো যেন স্তব্ধ হৈ
পৰিছে!!
মোহাচ্ছন্ন পৃথিৱীখনৰ ধাৰাসাৰ
গতিত।।
হেপাঁহৰ ডেউকাখনো যেন খহি
পৰিছে!!
নিৰ্জনতাৰ সুযোগ লৈ
হাঁহিটিয়ো যেন ক্লান্ত হৈ পৰিছে
মৌনতাবোৰৰ মাজত..।
ভাগৰুৱা উশাহটিয়েও যেন
এতিয়া কোলাহল যন্ত্ৰণাবোৰৰ
পৰা জিৰণি বিছাৰে!
চকু দুটিয়েও যেন আজি;
দেখিও নেদেখাৰ ভাও জুৰি থাকিবলৈ
বৰ কষ্ট অনুভৱ কৰে!
আৰু এই অনুভৱবোৰকে হেচুঁকি ৰাখিবলৈ...
আন্ধাৰবোৰো যেন নামি আহিছে!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ