প্ৰেমৰ শিপা- মোহাইমিনুৰ ৰহমান

©Admin
0


তোমাৰ হৃদয়ত সংগোপনে 
ৰোপণ কৰিছোঁ প্ৰেমৰ ঘাই শিপাডাল
শিপাডাল লহপহকৈ বাঢ়ি আহিবলৈ
সিঁচি দিছো অজস্ৰ মৰমভৰা বৰষুণৰ টোপাল
আৰু দিছোঁ বিশ্বাসভৰা সাৰুৱা মাটিৰ পলস।

তোমাৰ হৃদয়ত থিতাপি লোৱা
প্ৰেমৰ শিপাডাল উভালি নেপেলাবা
জীয়াই থাকিবলৈ দিয়া 
তোমাৰ মৰমৰ সান্নিধ্যৰে
ডাঙৰ হবলৈ দিয়া
আৰু তাত মোক এপাহ
ফুল হৈ ফুলিবলৈ দিয়া।

তোমাৰ হাততে যে 
প্ৰেমভৰা ফুলপাহৰ অস্তিত্ব
নিৰৱে হৃদয়ৰ ক্ষুদ্ৰ কোণ এটা
দখল কৰিবলৈ দিয়া
দেখিবা প্ৰেমৰ সুগন্ধি ফুলপাহে
এদিন তোমাৰ সম্পূৰ্ণ হৃদয় জিনিব
প্ৰীতিভৰা মৰমৰ আলিংগনৰে
দুটি মন এক হৈ
প্ৰেমৰ ৰোমান্টিক সপোন কবিতা ৰচিব।

তুমিও হয়তো সেইদিনা 
হৈ পৰিবা চঞ্চলা প্ৰেমত বলিয়া
আৰু নিৰৱে মোৰো হৃদয়ত 
অংকন কৰিবা প্ৰেমৰ বোঁৱতী
 নদীৰ এখন বাস্তৱ ছবি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)