একাঁজলী বিৰহ-খণ্ড নং-২২-বিটুমনি ভূঞা কোছ

পংখী মৰাণ
0
ৰামভাইৰ মুখত খবৰটো শুনি তগৰৰ শহুৰেক ঠিয় হৈ থকা ঠাইতে বুকুখনত খামুচি বহি পৰিল । ৰামভায়েও বিপদৰ আগজাননী পাই সাবটি ধৰি চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে । এটা সময়ত তগৰৰ শহুৰেকেও দীঘল দীঘল কৈ উশাহ টানি ৰামভাইক সাবটি কান্দিবলৈ ধৰিলে । ৰামভাইয়ে যিমান পাৰে তগৰৰ শহুৰেকক শান্ত কৰিবলৈ চেষ্টা কৰিলে । এটা সময়ত মানুহ জন শান্ত হৈ পৰিল আৰু দীঘলীয়া হুমুনিয়াহ এটা পেলাই ৰামভাইক কৈ উঠিল।

বৌৰৰ দৰে নাৰীবোৰে জানি-বুজি আন এগৰাকী নাৰীৰ কলিজাটো বখলিয়াই আঁচোৰে । তেজ শুহি বিবৰ্ণ কৰি পেলাই আন এগৰাকী নাৰীক । তেজপিয়া এই নাৰী বোৰৰ বাবেই সমাজত নাৰী চৰিত্ৰত কলংকৰ দাগ লাগে ।ভগৱানে আমাক কেতিয়াও ক্ষমা নকৰে ৰামভাই । মোৰ বংশ লোপ পালে । বহু কথাৰ উমান মই পাইছিলোঁ । সেই কাৰণে মোৰ সমস্ত সম্পত্তি মই বোৱাৰীৰ নামত কৰি দিছিলোঁ । কিন্তু সেই নিষ্পাপ ছোৱালীজনী এজনী মানুহ ৰূপী ৰাক্ষসীৰ বলি হৈ এদিন ঘৰৰ পৰা উলাই যাব লাগিব বুলি মোৰ ভাবিবৰ নহ'ল ৰামভাই ।

ইফালে ৰাতি দেখা সপোনটো সাবটি নিৰৱে বুকুৰ মাজত শোকটো লৈ দলংখনৰ মূৰত বহি নদীৰ পকনীয়াবোৰ চাই চাই ৰনে তগৰৰ ছবিখন আঁকিছে । নদীৰ পকনীয়াৰ দৰেই যেন তাৰ জীৱনটো পকনীয়াত পৰি গ'ল । একো নভবাকৈয়ে হৃদয়ে যেন তগৰক সাবটি জীপাল হৈ আছিল আৰু আজি সেই হৃদয় ফাটি দুফাল হ'ল ।আচৰিত নাৰীৰ চৰিত্ৰ ।ইমানখিনি হৈ গ'ল । প্ৰতি পল খবৰ ৰখা প্ৰিয়জনক নিজৰ দুখৰ কথা কৈ দুখ দিব নিবিচাৰিলে । পশ্চিম আকাশৰ ৰান্ধনী বেলিৰ অপৰূপ দৃশ্যৰ মাজতো আজি ৰনে তগৰৰ ছবিখন আঁকি কান্দি উঠিছে । পুৰুষৰ হৃদয়ৰ বেদনা একুৰা জুই হৈ বুকুৰ মাজতেই দপদপাই জ্বলি থাকিলেও কাকো সেই জুইৰ তাপৰ উমান পাবলৈ নিদিয়ে ।

ভগৱানৰ সুন্দৰ সুন্দৰ মূৰ্ত্তি দেখি তগৰ অবাক হৈ পৰিল ।ইমান সুন্দৰ ভগৱানৰ মূৰ্ত্তি ।সুন্দৰ ৰং-বিৰঙৰ কাপোৰ পিন্ধা । প্ৰতিদিনেই নতুনকৈ ফুলৰ মালা পিন্ধোৱা ভগৱানৰ মূৰ্ত্তিবোৰৰ অপৰূপ দৃশ্যবোৰ চাই চাই এখোজ দুখোজকৈ গৈ তাই মন্দিৰৰ প্ৰধান প্ৰভুৰ আসনৰ ওচৰ পালেগৈ । পুৱা-গধূলি ইমান ভক্তৰ লানি দেখি তাই আচৰিত হ'ল । সকলো ভক্তই প্ৰধান প্ৰভুক ভগৱানৰ স্বৰূপ বুলি গণ্য কৰাৰ দৰে এই কেইদিনতেই তগৰেও সেই কথা বিশ্বাস কৰি আহিছে ।তগৰে নিজৰ আসনত বহি একান্তমনে প্ৰধান প্ৰভুৰ তত্ত্বগধুৰ শাস্ত্ৰৰ কথা শুনিবলৈ ল'লে ।

প্ৰধান প্ৰভুৱে ভক্ত সকললৈ চাই প্ৰশ্ন কৰিলে , আপুনি কোন ? আপুনি আপোনাৰ শৰীৰটো নেকি ? নে আপোনাৰ মনটো ? নে অন্য কিবা এটা ? আপুনি জানে নেকি ? আপুনি কোন ? নে জানো বুলি আপুনি ভাবেহে ?আৰু সঁচাকৈয়ে ইয়াৰ কিবা অৰ্থ আছে জানো । আমি দেহাটোৰ ভৰণ-পোষণ , সাজ-সজ্জা আৰু সুখ-স্বাচ্ছন্দ্যৰ খাতিৰত আমাৰ বহুমূলীয়া সময় অপব্যয় কৰিছোঁ ।
এই অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়টোৰ উদ্দেশ্য হৈছে , মানৱ সমাজৰ পাৰমাৰ্থিক মৃত্যুৰ পৰা ৰক্ষা কৰা ।পৰমেশ্বৰ ভগৱানৰ সৈতে আমাৰ হেৰাই যোৱা সম্পৰ্ক পুনঃপ্ৰতিষ্ঠা কৰা আৰু আত্ম উপলদ্ধি কৰাই হৈছে মানৱ জীৱনৰ প্ৰধান উদ্দেশ্য ।পৰমেশ্ব‌ৰ ভগৱান শ্ৰীকৃষ্ণৰ সৈতে আমাৰ যি সম্পৰ্ক সেই বিষয়ে অৱগত হোৱা । সকলো তত্ত্ব জ্ঞানী মহাপুৰুষে ভগৱত গীতাখনক সমস্ত বৈদিক জ্ঞানৰ ভেটি বুলি স্বীকৃতি দি থৈ গৈছে আৰু এই ভগৱত গীতাৰ পৰাই আমি জানিব পাৰোঁ যে কেৱল মানুহেই নহয় সকলো জীৱই হৈছে পৰমেশ্বৰ ভগৱানৰ অবিচ্ছেদ্য অংশ ।

তত্ত্ব গধুৰ শাস্ত্ৰৰ কথাবোৰ তগৰে বুজিবলৈ চেষ্টা কৰিলে ।তাই ভগৱানৰ চৰণ যুগললৈ চাই সেৱা কৰি কৈ উঠিল , "প্ৰভু মোক আৰু মোৰ সন্তানক তোমাৰ চৰণত অকণমান ঠাই দিবা । তোমাৰ বাহিৰে এই সংসাৰত আমাৰ কোনো বন্ধু নাই ।" ভগৱানক কথাষাৰ কৈ তাইৰ মনটো মুকলি হৈ পৰিল ।আগলৈ,,,,,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)