মই লগ পাওঁ নীৰৱতাক ।
প্ৰতিটো সময়তে যেন মোৰ লগত
এক অভিন্ন অংগ হৈ পৰে নীৰৱতা।
মোৰ হৃদয়ত আৰু ভাগৰুৱা মনত ???
জীৱনৰ প্ৰাৰম্ভিক সময়ৰ পৰায়ে যেন
নীৰৱতাই সংগ দিছে মোক ;
নীৰৱতাৰ লগতে যেন আগবাঢ়ি যাওঁ ।
কেতিয়াও জীৱনত পোহৰ নেদেখা
যৌৱনৰ সময়খিনিৰ ওপৰেদি।
চকুপানীৰে নিগৰি থকা আবেগবোৰ,যেন
কেতিয়াও ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি ???
জীৱনৰ এই আশাবোৰ যেন আজি
সপোন সপোন হৈয়ে থাকিব যেন পাওঁ ???
অনুভৱৰ দ্ধাৰা যেন কল্পনা কৰিব
পৰা নাযায় এই অতিবাহিত সময়খিনি ।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ