ওলমি থাকে
হেঁপাহৰ জীপাল
আশা বোৰ
এই মাতাল আৱেষ্টনীত
ভাবনাৰ আকাশ খনো
নিশকতীয়া হৈ আহে ।
মই হাঁহো
কান্দো
জী থাকোঁ
মই মৰি থাকোঁ
নাই ! নাই !
কোনো তফাৎ নাই ।
মই ওলমি থাকোঁ ;
শূণ্য সাঁকোত
স্মৃতিৰ শিপাক
সুঁৱৰি সাবটি ।
কেতিয়া শেষ হ'ব
দেওলগা সময়ৰ
অবিৰত গতি ??
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ