পিয়াহ-লৱজ্যোতি দাস

Rinku Rajowar
0
পিয়াহ  হৈছে  দেহত  জুলীয়া পদাৰ্থ বা পনীয়ৰ এক অভাৱ  অনুভৱ । এই  কথা বিশ্বব্ৰহ্মাণ্ডৰ সকলোৱে জানে বুজে অনুভৱ  কৰিব  পাৰে। বতৰ যিমানে শুষ্ক হওঁক অথবা সিক্ত হওঁক জীৱই  পিয়াহৰ অনুভৱ কৰিবই ,যদিও আৰ্দ্ৰতা সলনি হ'লে ইয়াৰ প্ৰয়োজনতা অলপ ইফাল-সিফাল হয়।কিন্তু অলপ পৰিমাণে হওঁক বা সৰহ পৰিমাণে হওঁক দেহত পিয়াহৰ অনুভৱ হবই। দৈহিক ভাৱে এজন মানুহৰ যেনেকৈ পিয়াহত ভোগে ,ঠিক তেনেকৈ মানসিকভাৱে পিয়াহৰ উপস্থিতি অধৰত দেখা পোৱা যায়।পিয়াহ এক অভাৱ অথবা পিয়াহ এক অনুভৱ। পৃথিৱীৰ মানসিভাবে সক্ষম সকলো ব্যক্তিয়ে জীৱনত অন্ততঃ এবাৰ হলেও এক বিশেষ  ধৰণৰ পিয়াহৰ তাৰণাত ভোগে। ইয়াক বিশেষ বুলি এইবাবেই কৈছোঁ কাৰণ এই পিয়াহে এজন ব্যক্তিক তেওঁৰ জীৱনৰ অস্তিত্ব  মান- মৰ্য্যদাৰ মাপ সৰ্ব-উচ্চ নাইবা সৰ্ব -নিম্ন কৰিব পাৰে।যাৰ দাগ চিহ্নই আনুমানিকভাৱে নিৰ্ধাৰণ কৰিব পাৰে সেই ব্যক্তিজনৰ পৰবৰ্তী সময়ছোৱাৰ প্ৰাপ্যৰ মানৰেখা।
 ব্যক্তিয়ে যিমান পৰিমাণে কষ্ট কৰিব তথা ব্যক্তিজনৰ দেহৰ পৰিসীমাৰ অনুপাতে ব্যক্তিজনৰ পিয়াহৰ বোধ হ'ব। তেনেদৰে ব্যক্তি এজনৰ জীৱনৰ লক্ষ্য নিৰ্ধাৰণ হ'ব তেওঁৰ লক্ষ্যৰ প্ৰতি থকা হাবিয়াস আৰু কষ্টৰ ওপৰত আৰু কিছু শতাংশ তেওঁৰ চাৰিওফালৰ সমাজখনৰ ওপৰত( কেতিয়াবা ইয়াৰ ব্যতিক্ৰম দেখা পোৱা যায়।)। লক্ষ্য হৈছে মানুহৰ নৈতিক পিয়াহ। এজন ব্যক্তিৰ লক্ষ্যৰ উচ্চতা আৰু তীক্ষ্ণতা নিৰ্ধাৰণ হয় ব্যক্তিজনৰ কৰ্ম, স্থায়ী মনোভাৱ,আৰু কিছু শতাংশ সমাজখনৰ ওপৰত। সমাজখনৰ আঙুলিয়াই ধৰিলে যদিও তিতা লগে তথাপিও ই সত্য। এখন ভাল সমাজৰ তুলনাত এখন ঠেক সমাজৰ উচ্চ লক্ষ্যৰ লগত প্ৰতিদ্বন্দ্বিতা কৰা শিক্ষাৰ্থী তেনেই কম। এখন ভাল সমাজ মানে এখন ধনী তথা অকল শিক্ষাৰ দিশত আগবঢ়াই  নুবুজায়। এখন ভাল সমাজ হবলৈ হ'লে  সংস্কৃতিৰ দিশৰ পৰা আৰম্ভ কৰি সাম্প্ৰতিক দিশলৈ সকলো ক্ষেত্ৰতে সমাজখনে  আদৰ্শৰে দেখুৱাব লাগিব। সমাজখনৰ আদি স্তৰটো হৈছে নিজৰ ঘৰখন।এজন  শিশুয়ে জীৱনৰ প্ৰথম শিক্ষা নিজৰ ঘৰখনৰ পৰায়ে লয়। সেয়ে অবিভাবক সকলৰো কিছু দায়িত্ব নথকা নহয় নিজৰ পৰবৰ্তী পুৰুষৰ উচ্চ মানদণ্ডৰ জীৱন উদযাপন কৰাৰ ক্ষেত্ৰত। মানুহৰ পিয়াহৰ তাৰণা জীৱনৰ শেষ বিন্দুটোলৈ থাকে। আপোনাৰ জীৱনৰ ৰেখাডাল গতি কৰে আপোনাৰ মনোভাৱ আৰু মনোবলৰ ওপৰত। সেয়েহে মানুহে নিজৰ মনটোৰ মেৰুদণ্ডডালক ধনাত্মক চিন্তাধাৰাৰ পিনেহে পোন কৰি 
থব লাগে নহলে আমাৰ চাৰিওফালে ক্ৰমান্বয়ে দেখা পোৱা যায় লোভৰ বাবদ বিক্ৰী কৰা নিজৰ বিবেক, নিজৰ স্বাভিমান আৰু বিনিময়ত ভোগ কৰে পদে পদে তিৰস্কাৰ। সমাজৰ প্ৰতিটো স্তৰতে এনেকুৱা অনেক প্ৰাণী দেখা যায়।প্ৰতিটো ক্ষেত্রতে অক্ষমতকাৰীবোৰৰ পৰা কেনেকৈ দুটা তিনিটাকে নিজৰ প্ৰয়োজন সাপেক্ষে ক্ষমতা কাঢ়ি লব তাকে ভাবি তেওঁলোকে টোপনি হেৰুৱায় বহু ৰাতি । ইংৰাজী সাহিত্যিক ফ্ৰেঙ্ক ছন্নেনবাৰ্গে কৈছিল "Greedy people are never satisfied that they have enough. They’re like sharks that spend their entire life hunting and consuming. All the oceans in the world can’t satisfy these eating machine" । মানুহে নিজৰ লোভ সমৰিবৰ বাবে যিকোনো কামে কৰিব পাৰে। নিজৰ জীৱনৰ প্ৰতি , নিজৰ ঘৰখনৰ প্ৰতি, আনক সহায় কৰিব খোজা উদাৰতাৰ প্ৰতি যিখিনি প্ৰয়োজন সেইখিনি উপাৰ্জন কৰাটো লোভ হব নোৱাৰে। লোভ হৈছে মানৱৰ পৰা মানৱীয়তাক দূৰ কৰা সূত্ৰ। যি সূত্ৰই সৃষ্টি কৰে মানুহৰ সিৰাৰ যান্ত্ৰিক অনুভূতি। তেতিয়া মানুহে আবেগ হেৰুৱাই, বিবেক হেৰুৱাই আৰু শেষত হৈ ৰৈ যায় মাথোঁ তেজ মঙহৰ যন্ত্ৰ এটা। কেতিয়াবা পিয়াহৰ তাৰনাত কোনোৱে পানী খাই আৰু কোনোৱে মদ।আপোনাৰ পিয়াহৰ তাৰণা আপুনি কি ধৰণে তৃপ্তি তথা প্রশম কৰিব সেইটো আপোনাৰ ওপৰত নিৰ্ভৰশীল।  কোনোবা জনে পিয়াহ আঁতৰাবলৈ মদক সিঠাপি লয় আৰু ইয়াৰ  বাবদ ক্ৰমান্বয়ে ধ্বংস কৰি থাকে নিজক । এজন মানুহে যদি জীৱনত এবাৰ সুখত অথবা দুখত মদ খোৱা আৰম্ভ কৰে তেন্তে তেওঁৰ জীৱনত পৰৱৰ্তী সময়ত যেতিয়া একেটা নহলে তাতোকৈ বেছি নহলে তাতোকৈ কম পৰিমাণৰ সুখ অথবা দুখ ভোগ কৰিব তেতিয়া আকৌ মদক তেওঁৰ সংগী পাতিব, আৰু এনেকৈ অনুক্ৰমে সৃষ্টি হয় নতুন ধ্বংস। আৰু এনেকৈ মানুহে হেৰাই নিজৰ জীৱন লগতে শেষ কৰি পেলাই পৰিয়ালৰ সুখৰ সংজ্ঞা। এনেকুৱা ঘটনাৰ উদাহৰণ সমাজত হেজাৰ হেজাৰ ওলাব ।

প্ৰায় সোতৰমান বছৰৰ পৰা  ল'ৰা- ছোৱালীবোৰৰ মগজুৰ কোনোবা অংশত উদ্ভাৱন হয় পিয়াহ। কিবা এটা হোৱাৰ পিয়াহ কিবা এটা পোৱাৰ পিয়াহ।আৰু এই পিয়াহে সৃষ্টি কৰে তেওঁলোকৰ জীৱনত একোখন নতুন পৃথিৱী।যি পৃথিৱীত কোনোবাজনে ইউক্লিপতাচৰ দৰে শীৰ্ষ হয় আৰু কোনোবাজনে বোকাতে জাহ যায়।  আৰু এই জাহ যোৱাৰ ৪০শতাংশতকৈ অধিকে  নতুন ৰোগ ' ডিপ্ৰেচন' ত ভোগে। এটা ইংৰাজীত কবিতাত পাইছিলোঁ
"it is and will be, so I cling to life,
as one day I might slip and end it with a knife.
But I'm still here, no matter what my dreams might say,
and I hope that one day I will actually be okay."
প্ৰতিযোগিতাৰ পৃথিৱীখনত ডিপ্ৰেচনৰ অভাৱ নাই।কিন্তু ধৈৰ্য হৈছে একমাত্ৰ অস্ত্ৰ যিয়ে মানুহক মানসিক তথা সমাজ শত্ৰুৰ পৰা বচায়। গোটেই পৃথিৱী ২৬৪ মিলিয়নতকৈ অধিক লোক ডিপ্ৰেচনত আক্ৰান্ত। যিখন দেশত বিজ্ঞান সমাজ বেছি উন্নত , যিখন সমাজত বিজ্ঞানে অগ্ৰগতি লাভ কৰে সেইখন দেশতে অন্য দেশৰ তুলনাত ডিপ্ৰেচনত ভোগা ৰোগীৰ সংখ্যা বেছি।ইয়াৰ শেষ পৰিণতিত বেছি শতাংশই মৃত্যুক সাৱটি লয়। মানুহৰ  জীৱনত প্ৰত্যেকেই নিজক বুজি অথবা চিনি উঠাটো অত্যন্ত প্ৰয়োজনীয়। অন্যথা তেওঁ যিমান ধন - সম্পত্তিৰ অধিকাৰী হ'লেও নিৰৰ্থক। পুৰুষৰ প্ৰিয় পিয়াহ নাৰী।আৰম্ভণিৰে পৰা সমাজত নাৰী অসুৰক্ষিত। গোটেই পৃথিৱীখনত নৰীতকৈ জন্তুৰ সুৰক্ষাৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি আহিছে। গৰ্ভচ্যুতৰ সময়ত যদি নাৰী জন্ম হয় তেতিয়াই বাটৰ দাঁতিত পেলাই থোৱা হয়। গৰ্ভত নাৰী সন্তান বুলি চিনাক্তকৰন হলে গৰ্ভপাত কৰোৱা হয় , গৰ্ভতে নাৰীক হত্যা কৰা হয়। পৃথিৱীত আটাইতকৈ অসুৰক্ষিত জীৱ হৈছে নাৰী। বৰ্তমান সমাজত অৰ্থনৈতিক দিশৰ পৰা আদি কৰি বৈজ্ঞানিক দিশলৈ সকলো দিশতে মানু্হ উন্নত হৈছে। কিন্তু উন্নত হোৱা নাই এতিয়ালৈকে নাৰীৰ ওপৰত থকা নিচ ভাৱ । পশুবোৰে নাৰীক কৰে নিৰ্যাতন, ধৰ্ষণ, দমন   আৰু  সমাজত লজ্জিত হয় পুৰুষ। পুৰুষ কেতিয়াও অপ-শব্দ নহয়। এজন ব্যক্তি যেতিয়া ধৰ্ষক হৈ উঠে তেতিয়া সেই ব্যক্তিজনে ত্যাগ কৰে পুৰুষত্ব , তেতিয়া তেওঁ পুৰুষ হৈ নাথাকে আৰু কোনো জাতিৰ অন্তৰ্গত হৈ নাথাকে। পশুৰ কোনো জাতি নাথাকে। বৰ্তমান সমাজত নাৰীৰ সন্মানৰ প্ৰতি তীক্ষ্ণভাৱে গুৰুত্ব দিয়া উচিত। কোনো আয়ে যে কেতিয়াও ধৰ্ষকৰ কবলত উচুপি নপৰে তাৰ প্ৰতি উচিত ব্যৱস্থা লোৱা উচিত। ধৰ্ষকৰ শাস্তিৰ প্ৰতি লক্ষ্য ৰাখি কঠোৰতকৈ কঠোৰ আইন গঢ়া উচিত। মনত ৰাখিব যেতিয়ালৈকে নাৰী নাৰী হৈ থাকিব তেতিয়লৈকে পুৰুষ জীয়াই থাকিব।

✍️ লৱজ্যোতি দাস ( ৰঙিয়া)
   ফোন নং: ৬০০০৫৮৯০৯০

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)