খোজ দি চাঁও
অন্ধকাৰৰ প্ৰতিটো
পল অনুপলে মোৰ
ৰক্ত কণিকা
স্পন্দিত কৰে
গোপন পৃথিৱীৰ
বিভৎস কদৰ্য্যতা ।
বিপন্ন প্ৰহৰে মোৰ বুকুত
মুৰ গুজি উচুপে
মই সাহসী হঁও ।
সঙ্কল্পিত হওঁ
মই স্থিতপ্ৰজ্ঞ হওঁ।
মোৰ তেজৰ ডোঙাত
প্ৰতিবিম্ব হʼলেও মোৰ ছৱি
বিচাৰিম সত্য সুন্দৰ
হেঙুলী আশাৰ নতুন উষা
✍️ বিভা দত্ত
ৰাজ নগৰ
নলবাৰী অসম।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ