সেউজীয়া ৰ'দালি আকোঁৱালি লোৱাৰ
সপোন মইও দেখিছিলো
পিছে পৰ্বতৰ প্ৰতিটো ঢাপেই শেলুৱৈ ধৰা ।
সপোন মোৰো আছিল
চৰাইৰ পিঠিত উঠি নীল আকাশ চুমি চোৱাৰ
কিন্তু বিজুলীৰ সৰ্পিল গতিৰ
চলিছে মহা আয়োজন
মোৰ সপোন আধৰুৱা কৰাৰ।
সপোন ময়ো দেখিছিলো
উদিত সূৰুযৰ ৰৌদ্ৰজ্বলেৰে উদ্ভাসিত হৈ
হৃদয়ৰ অন্তৰীক্ষ ওপচোৱা
বৰ্ষণমুখৰ মোৰ প্ৰাত্যাহিক চেতনাৰ প্ৰান্তৰত
এহেজাৰ ৰঙা কৃষ্ণচুড়া ফুলাৰ ।
সপোন ময়ো দেখিছিলো সৰাপাতৰ বুকুত ইতিহাস ৰচাৰ
পৃথিৱীৰ বুকুৰ উকা কলাজত
জীৱন বুৰঞ্জী লিপিবদ্ধ কৰাৰ
পিছে নিজস্বতাৰ এই অস্তিত্বৰ যুঁজত
ধৰাশায়ী হ'ল মোৰ সপোনবোৰ ।
সপোন ময়ো দেখিছিলো
দূৰ দিগন্তত দেখা ৰামধেনুৰ সাতো ৰঙেৰে জীৱন কৰিম ৰাঙলী ;
পিছে ৰামধেনুৰ ৰংবোৰ চোন
হ'ল ৰঙীণ চছমাৰ চিকমিকনি।
সপোন ময়ো দেখিছিলো
অমানিশাৰ আকাশত পোহৰ বিলোৱা
জোনাকী পৰুৱাৰ পোহৰেৰে
অজ্ঞান আন্ধাৰ দূৰ কৰি
ধৰালৈ জোনাকৰ বৰষুণ নমোৱা ।
সপোন মোৰো আছিল
নীল সমুদ্ৰৰ পাৰৰ অস্তাচলত
সময়ক শৃংখল লগোৱা
পিছে বাস্তৱৰ পৰশত আজি আৱদ্ধ
মোৰ ভৰুণ সপোনৰ প্ৰতিচ্ছবিবোৰ।
সপোন আজিও দেখো মই
আহিব এদিন বাজীকৰ
সময়ৰ তামী ঘোঁৰাত উঠি
সপোনবোৰ আনিব আদৰি ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ