নতুবা পাঁচআলি ,
মহাবিদ্যালয় আৰু পঢ়াশালি
ভৱিষ্যত সুৰক্ষিত কৰি ।
অকণমান দূৰৈত
পথালিকৈ শয়ন কৰিছোঁ ,
উদ্দেশ্য মোৰ মহান
সকলোকে সুৰক্ষিত কৰিছোঁ ।
মোক যদি চিনিব পাৰিছে
হোৱা নাই বেমেজালি ,
চিনাকি হৈয়ো অচিনাকি হয়
হ'ব যে কিমান খেলিমেলি ।
মইতো নিমাত
আৰু নিস্তব্ধ ,
সহিছো কতনা
ভৰ।
হোৱাটো নাই মই
কেতিয়াও ক্লান্ত ,
ময়েই কৰো জানা
সবাৰে বিপদ মুক্ত ।
পথত পথালিকৈ
আছো শয়ন কৰি ,
ময়েই হ'লো
বাহক দ্ৰুত গতি ।।