জীৱনৰ অন্তিম যাত্ৰা ক'ত
তেতিয়া সপোন নেদেখিলোহেঁতেন
এতিয়া নাজানো বাবেইতো
জীয়াই থকাৰ মাদকতা
দুগুণে বাঢ়িবলৈ ধৰিছে।
এটাৰ পিছত আন এটা সপোনে
পাহি মেলিবলৈ ধৰিছে
যিমানেই ডাঙৰ হৈছোঁ
জীৱনৰ প্ৰকৃত অৰ্থ বুজিছোঁ
বেদনাবোৰ সহ্য কৰিবলৈ শিকিছোঁ।
সাহসেৰে যুঁজি গৈছোঁ
জীৱন যুঁজত...
কেতিয়াবা বিফলতাৰো মুখামুখি হৈছোঁ
তথাপিও থমকি ৰোৱা নাই
কাৰণ মই জানো
জীৱনত এটাৰ পিছত এটাকৈ
বাধা আহিয়েই থাকিব।
জীৱন মানেই সংগ্ৰাম
সংগ্ৰাম নকৰিলেতো
মই সফল নহওঁ
মোক পৰিস্থিতি আৰু
সময়ে বাধ্য কৰাইছে
জীৱনত সংগ্ৰাম কৰিবলৈ।
✍🏻দিপশিখা ৰাজকোঁৱৰ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ