ভাল আৰু বেয়াৰ পাৰ্থক্য- মানস প্ৰতীম মালী


ভাল আৰু বেয়া দুটি শব্দ মাথোঁ । কিন্তু এই শব্দ দুটিয়েই দিয়ে মানুহৰ পৰিচয় , মানুহৰ কৰ্মৰ পৰিচয় । মানুহ এজনৰ কৰ্মৰ পৰিচয় ভাল হলে মানুহজনৰ পৰিচয়ো ভাল হয় । মানুহৰ বেয়া কৰ্মৰ ফলত মানুহৰ নিজৰ পৰিচয় বেয়া হয় । নিজৰ কৰ্মৰ দ্বাৰাই নিজৰ পৰিচয় দাঙি ধৰা মানুহজনে কেতিয়াও বেয়া কাম কৰিব নোৱাৰে , তেওঁৰ মতে কৰ্মই ধৰ্ম । 
          কৰ্মৰ সৰু বৰ নাই ,
সৎ পথত থাকি ভাল কৰ্ম কৰাজনে নিজৰ কৰ্মক লৈয়েই সদায় সদায় সুখী । 
তেওঁ টকাৰ ধনী নহব পাৰে , 
তেওঁ কিন্তু মনৰ ধনী । 
ভাল মানুহ এজনৰ লগত টকা নাথাকিব পাৰে কিন্তু তেওঁৰ লগত আজীৱন ৰৈ যায় আটাইতকৈ মূল্যৱান তেওঁৰ সততা , তেওঁৰ সন্মান , তেওঁৰ ভাল কৰ্মৰ পৰিচয় । 
          ভাল আৰু বেয়া সম্পূৰ্ণ বিপৰীত , ভালৰ কেতিয়াও অন্ত নাই , কিন্তু বেয়াৰ এদিন শেষ আছে ।
মানুহ এজন নিজেই কেতিয়াও ভাল বা বেয়া নহয় , তেওঁ কৰা কৰ্মৰ ওপৰত নিৰ্ভৰ কৰে , তেওঁ আচলতে ভাল নে বেয়া ।
ভাল কৰ্ম কৰিলে যেনেকৈ এদিন নহয় এদিন হ'লেও ভাল ফল পায় , ঠিক তেনেকৈ বেয়া কৰ্ম কৰিলেও তাৰ ফল এদিন 
নিশ্চয় পায় । 
       ভালৰ ওচৰত এদিন হ'লেও বেয়াৰ পৰাজয় নিশ্চিত ।
ভাল মানুহ এজনে জীৱনত কেতিয়াও থমকি ৰব লগা নহয় , কিন্তু বেয়া মানুহ এজন এদিন বৰ বেয়াকৈ পৰাজিত হয় । 
         ভাল মানুহ এজনৰ শত্ৰু বহুত বেছি । জীৱনৰ বাটত চাৰিওফালৰ পৰা শত্ৰুয়ে সমস্যা হৈ ঘেৰি ধৰে ।
তথাপিও কিন্তু তেওঁ হতাশ নহৈ সকলো সম্প্ৰচাৰৰ মুখামুখি হৈ জীৱন পথত আগবাঢ়ে । ভাল মানুহ এজনক বহুতেই হৰুৱাব বিচাৰে , কিন্তু শেষত হাৰ বেয়াৰেই হয় । মাথোঁ ধৈৰ্য্য ধৰিব লাগে । ধৈৰ্য্য , সাহস , সৎ কৰ্মই হ'ল সফলতাৰ মাপকাঠি।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send