প্ৰকৃতিৰ ৰহস্য আমি মানৱে আজিও নুবুজিলো । হয়তো ভৱিষ্যতেও বুজিব নোৱাৰিম । সঁচায়ে ৰহস্যময় প্ৰকৃতি । মাত্ৰ সৌ সিদিনালৈকে 36 ডিগ্ৰী তাপত দহি মৰা মানুহে কিমান অশান্তিত জীৱন পাৰ কৰিছিল । এতিয়া কাতি মাহ । কাতি মাহ সোমোৱাৰ লগে লগে নিয়ৰ পৰিছে আৰু কাতিৰ নিয়ৰৰ আস্বাদন ফালি সঙ্গোপনে শীত নামিছে । এই নাতিশীতোষ্ণ বতৰত মনটো ভৰি পৰে । মাতৃ সদৃশ প্ৰকৃতিয়ে কাহানিও নিজৰ সন্তানক বেছি সময় খং কৰি থাকিব নোৱাৰে । প্ৰকৃতিয়েও বুজিছিল ইমান গৰমত সন্তান সকলে কিমান জীয়াতু ভুগিছে । সেই দুখ প্ৰকৃতিয়েও সহিব পৰা নাছিল । তাৰ পৰা সকাহ দিবৰ বাবে সঙ্গোপনে আলফুলে নিয়ৰৰ আস্বাদনেৰে শীতৰ আলফুল চুমা দিছে । সেই চাটি-ফুটি গৰম নাই কষ্ট নাই দুখ নাই । সেই আমনিবোৰৰ পৰা প্ৰকৃতিয়ে এতিয়া সকাহ দিছে । সন্তান সকলে সেই আমনিবোৰৰ পৰা সকাহ পাইছে মাতৃৰ হৃদয় কিমান মৰমীয়াল কিমান সহনশীল । আমাৰ অলক্ষিতে আমাৰ মাজলৈ এতিয়া শীত আহিছে । শীতে যেন আলফুলে আমাক চুমা যাচিছে , আলিঙ্গন কৰিছে ।
ভাল লাগিছে এনে স্নেহস্পৰ্শত । নিয়ৰ ডাঠকৈ নপৰিলেও পাতল মনো-নমনোকৈ চাব পৰা এখন শুভ্ৰ চাদৰ । বনৰ ওপৰত মুকুতা মণি সদৃশ বুদ বুদ নিয়ৰ । হাতেৰে চুই দিলে কোমল শীতৰ এক মিঠা শিহৰণ । সেয়েহে ভাল লাগে এনে শিহৰণবোৰ । ইয়াৰ স্পৰ্শানুভূতিয়ে শৰীৰত পুলক জগাই । এই পুলক আনন্দৰ পুলক । তথাপিও আমি প্ৰকৃতিক নুবুজিলো । বুজিবলৈ চেষ্টাই নকৰিলোঁ । সেয়া আমাৰ তাড়না । কিয় এনে হয় তাৰ কাৰণেই আমাৰ ওপৰত দুষ্ট হয় প্ৰকৃতি । হ'বই , কিয় নহ'ব । আমি মাতৃৰ মঙ্গলৰ কাৰণে কি কৰিছোনো কেৱল ধ্বংস কৰিছোঁ । তাৰ শাস্তি স্বৰূপে আমি পাইছোঁ আগতে নোহোৱা নোপোজা কিছুমান বিশেষ ঘটনা । কিছু কিছুয়ে মন্তব্য ও কৰিছে আমি আৰু ঠাণ্ডা দিন নাপামেই নেকি নিহালিৰ উভয় আমেজ নাপামেই নেকি ! নানা আশঙ্কাই আমাক ভবাই তুলিছিল । চিন্তিত কৰি তুলিছিল । সঁচায়ে তেনে হ'ব নেকি । প্ৰায় ৩৬৫ টা দিন কেৱল আমি ফেনৰ বতাহ লৈয়ে পাৰ কৰিব লাগিব নেকি সময় । এনে দুঃচিন্তাই আমাক আহত কৰিছিল । আমি উপলদ্ধি কৰিছিলোঁ আমাৰ কৃতকৰ্মৰ ফল আমি ভোগ কৰিব লাগিব । এনে জল্পনা-কল্পনাৰ ওৰ পেলাই কাতি মাহ আৰম্ভ হোৱাৰ লগে লগে আমাক আলফুল মৰ্মে চুই গ'ল ।
মনটো ভৰি গ'ল । আনন্দত ভৰি পৰিল মন । বাঃ বাঃ ! আমাৰ মাজলৈ শীত আহিল ।
এতিয়া এখন পাতল নিহালীৰ মিঠা উভয় আমেজ ল'ব পাৰিম ।
নিয়ৰৰ মুকুতা সদৃশ বুদবুদবোৰ চুই চাম লগে লগে মনত পৰিল প্ৰতিমাৰ খনিকৰ জোনাকী যুগৰ অন্য এক ত্ৰিমুৰ্তি কবি চন্দ্ৰ কুমাৰ আগৰৱালাৰ সেই কালজয়ী কবিতাটোলৈ - "মুকুতা মণিটি পাহিত জিলিকে / ফটিক পানীত ধোৱা / নিশাৰ তৰা এটি সৰিয়েহে আছে / সৰগত টোপনি যোৱা ।" ফুলনিত কোনে নিশা নাচিছিল ছিগি ৰৈ গ'ল মণি ।
নিয়ৰৰ এনে সুন্দৰ উদাহৰণ আৰু দ্বিতীয়টো পাবলৈ নাই কিজানি । ক্ৰমান্বয়ে শীত আৰু গভীৰ হ'ব নিয়ৰৰ পাতল আস্বাদন ডাঠ হ'ব । ঘৰৰ চালত টোপ টোপ নিয়ৰ পৰিব । বাঃ কিমান যে ভাল লাগিব ।
নিহালীৰ তলৰ সেই সময়কণ সেই আৰামকণ কাৰোৰে সৈতে ভগাই ল'বলৈ মন নাযায় । সেয়া আমাৰ মাজলৈ আহিছে আলফুলে সঙ্গোপনে । আমি সৰু থাকোঁতেই ককা-আইতাৰ মুখত শুনিছিলো ঠাণ্ডাই হেনো আহিনত অহিয়াই । কাতিত কুটকূটাই । আঘোণত আঘাত কৰে । পুহত পকে মহৰ শিঙৰ লৰে আৰু মাঘত সৰে ।
এতিয়া অৱশ্যে তেনে ঠাণ্ডা নাই এই সকলো বোৰৰ বাবে দায়ী আমি মানৱ সমাজ । গতিকে আমাৰ কৃত কৰ্মৰ ফল আমি ভোগ কৰিবই লাগিব । সেয়া ধুৰুপ । এতিয়া আমি সকলোৱে অলপতে সন্তুষ্ট থাকিব লাগিব ।
✍️হেমেন হাজৰিকা
মিৰ্জা। ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ