প্রতিটো গীতৰ সুৰ ,
প্রতিটো কবিতাৰ শব্দ আৰু
হৃদয়ৰ স্পন্দনত এটি আশা থাকে
হেঁপাহৰ........
উশাহবোৰ ক্ষন্তেকীয়া !!
কেতিয়া হেৰাই যাম নাজানো
বিলীন হৈ যাম ধোঁৱাৰ লগত !!
মই নাথাকিলেও মোৰ প্রিয়
শব্দবোৰ থাকি যাব...
হয়তো শব্দবোৰে আনৰ চিয়াঁহীৰে
প্রাণ পাব !!
আজিৰ খং ,অভিমান এদিন
পুৰি ছাই হৈ যাব...
হেৰাই যাব আজিৰ আপোন !
তথাপিও থাকি যাব সময় ।
এদিন চোন নিজেই হেৰাই যাম
তথাপিও কিয় এই ৰঙ্গমঞ্চত
অভিনয় কৰি জীয়াই থাকিব লাগে...??
কিয় হেৰুৱাব লগা হয়
প্রতিজন আপোনক...??
থাকি যায় সৰি পৰা শেৱালিৰ সুবাস...
✍🏻ধৃতাশ্ৰী বৰ্মন।
কামৰূপ মহাবিদ্যালয়।
চামতা, নলবাৰী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ