শাৰদী - সুশান্ত দাস

শুভ্ৰ নিয়ৰৰ টোপালে দি যায়
এক ব্যাপ্ত বতৰা
অসীম বিন্দুত ধ্যানস্থ শৰতে 
ধ্যানত হয় আনমনা ।।

মানৱী আড়ম্বৰতাত মুগ্ধ হৈ শৰতে 
ঢাপলি মেলিলে সমীৰত
নৈৰাশ্য মনক দিলে প্ৰবল প্ৰেৰণা 
অবিচ্ছিন্ন গতিত বৈ গ'ল শৰৎ ।।

শাৰদী অনুভৱে আনে জীৱনৰ ৰঙীন প্ৰভাত
দৃঢ়তা দিয়ে অধোগামী চঞ্চল মনত ,
দুৰ্গেশ্বৰীৰ আগমনে দিয়ে অপাৰ আনন্দ
প্ৰকাশ্য হয় মাদকতা 
   ভক্তৰ অনাবিল সুখত ।।

দীপ্তিৰ প্ৰচুৰ উল্লাসত ,
নাচি-বাগি আহিছে শৰৎ ,
তড়িৎ গতিৰে পৰিধি নেওচি 
দি যায় আশা অদম্য মানৱক ।।

প্ৰকৃতিৰ সাফল্য গতিত 
বৈছে নব্য সোঁত শাৰদৰ ,
বিচ্যুত অখ্যাত মন্থৰ ধাৰণাক
দি যায় আভা সুধাকৰৰ।।

দূবৰিৰ দলিচাত অর্কৰ জেউতি 
অত্যুজ্জ্বলিত নিয়ৰৰ টোপাল ,
শেৱালিৰ গোন্ধে সুবাসিত কৰে 
আই বসুন্ধৰাক ।।

শৰতৰ পূৰ্ণিমাৰ জোনাকৰ শীৰ্ণ কিৰণে 
পূৰ্ণ কৰে অভিলাষ পুঞ্জিভুত ,
পুৱাৰ ক্ষুদ্ৰ শীতলতাই দি যায়
ক্ষণস্থায়ী আস্থা অানন্দপ্লুত ।।

পৰিমল কুসুম গন্ধে 
প্ৰাণ ঢালে তন্দ্ৰালস মনত ,
গীত জোৰে সুন্দৰ বিহগে 
চিত্তহাৰী মৌ-সনা মাতত।।

প্রভাতী উষাৰ হেঙুলীয়া আলোকে 
প্ৰাণ দিলে দীৰ্ণ বনত ,
নৱ কিশলয় দলে দিলেহি বতৰা 
আহিলে সৌৱা শৰৎ ।।



Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send