দিচাংমুখৰ দিকচৌ বনত - উৎপল মৰাং

Aditi Tanti
0
ঐ শুনচোন ,
এবাৰ মোক ভালপাই চাবি ?
সৌ আকাশৰ তৰাটিয়ে জোনক ভালপোৱাৰ দৰে
সৌ বতাহজাকে ধুমুহাক চুমাৰ দৰে ,
এবাৰ ভালপাই চা ।
নদীয়ে কঢ়িয়াই নিয়া ফটিক ৰঙীন ছবিটিত
জী উঠে বুকুৰ সপোনৰ নাওখনি ,
দিখৌৰ পৰা ডিমৌলৈ ঐনিতম বাজে
দিচাংমুখৰ দিকচৌ বনত ।
অনুভৱ হৈছে নে তোৰ ?
অধোবদনে প্ৰিয়মান হৈ ক'লি-নহয় !
কি ?
বহিব লাগিব !
নুবুজিলো , প্ৰশ্নও নকৰিলো ।
শুনচোন ,
এবাৰ মোক ভালপাই চা ,
বুকুৰ মাজুলীত আজি প্ৰেমৰ নৌকা চলিছে ।
ঐ ছোৱালীজনী ,
শ্ৰী মতী স্বপ্ন লগত আছে আ-কাৰ
ভাল লগাত ভালপোৱা সিঁচি
তোক বিচাৰিছো ।
এবাৰ মোক ভালপাই চা
শ্ৰীমতী স্বপ্নত আ-কাৰ থকা সুন্দৰী যুৱতীজনী ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)