মৃত্যু এক চিৰন্তন সত্য যদিও কেতিয়াবা বিশ্বাস কৰিব নোৱাৰি - কনমনি নাথ

Aditi Tanti
1
মানুহ মৰণশীল,আমি সকলোৱে জানো বা বুজো! মানুহ জন্ম হলে এদিন মৃত্যু অনিবাৰ্য,ই প্ৰকৃতিৰ নিয়ম। কিন্তু এই মৃত্যু আমি কেতিয়াবা হঠাৎ সংঘটিত হোৱা কৰুণ ঘটনা সহজ ভাৱে ল'বলৈ অমান্তি বা বিশ্বাস কৰিব নোৱাৰা যেন অনুভৱ কৰোঁ। কিয়নো ফুল কুমলীয়া বা সুস্থ সবল ব্যক্তি এজন কেতিয়াবা হঠাৎ সংঘটিত হোৱা কৰুণ ঘটনাত মৃত্যুক আঁকোৱালি এই মায়াময় সংসাৰৰ পৰা চিৰবিদায় মাগিবলগীয়া হ'য় তেতিয়া পৰিয়ালৰ লগতে প্ৰত্যেক জন নাগৰিকে সেই মৃত্যু সহজ ভাৱে ল'বলৈ অমান্তি হও যদিও মৃত্যু হোৱা ব্যক্তি জন পুনঃজীৱন ঘুৰাই পাব নোৱাৰি বা পোৱা অসম্ভৱ। সেই কৰুণ ঘটনাত সমগ্র অঞ্চল বাসী শোকত ভাগি পৰা দেখিবলৈ পোৱা যায়। আমি কাৰ কেতিয়া কেনেকৈ কোন মুহূৰ্তত মৃত্যুক আঁকোৱালি লবলগীয়া হয় কোনেও নাজানো! ই হঠাৎ সংঘটিত হোৱা এক দুঃখবৰ। মৃত্যুৰ কোনো সংবাদ বা আগজাননী নাপাওঁ! যদি বয়জ্যেষ্ঠ ব্যক্তি এজনৰ যেতিয়া মৃত্যু ঘটে তেতিয়া সেই ব্যক্তি জনৰ মৃত্যুৰ কিছু আগজাননী বা অনুমান কৰিলে বুজিব পৰা হয় আৰু যেতিয়া কোনো ফুলকুমলীয়া ল'ৰা বা ছোৱালী এজনী হঠাৎ আগজাননী নোপোৱাকৈ আমাৰ মাজৰ পৰা চিৰবিদায় মাগে তেতিয়া সেই মৃত্যু আমি সহজে মানি লবলৈ অমান্তি হওঁ। সকলোৰে মুখুত মাথোঁ এটা কথাই হে ভগৱান, ব্যক্তি জনক ইমান সোনকালে কম বয়সতে আমাৰ মাজৰ পৰা লৈ গ'লা! ভগৱান ইমান নিৰ্দয়,নিষ্ঠুৰ হ'ব পাৰে নে? 
সঁচাকৈ ডেকা বা গাভৰু কোনো এজন ব্যক্তি দুৰ্ঘটনা বা আন কাৰণ বশত অকাল মৃত্যুক আঁকোৱালি লবলগীয়া হয় তেতিয়া সকলোয়ে দুখ বা শোকত ভাগি পৰা দেখিবলৈ পোৱা যায়। অকাল মৃত্যুক সাৱটি লোৱা ব্যক্তি জনৰ কিমান আশা বুকুত বান্ধি বাস্তৱ ৰূপায়িত কৰাৰ ক্ষেত্ৰত দিন ৰাতি একাকাৰ কৰি নিজৰ পঢ়া পাতি আদিকে ধৰি দৈনন্দিন কাৰ্য সমূহ সুন্দৰকৈ চলাই যায়! কিন্তু সেই কলা দিনটোত নিজে দোষ নকৰিলেও আনৰ ভুলৰ দ্বাৰা পৰিচালিত হৈ হ'লেও বা আন বিশেষ কাৰণ বশত দুৰ্ঘটনা সংঘটিত হৈ একো গম নোপোৱাকৈ হঠাৎ এই সংসাৰৰ পৰা চিৰবিদায় লয়। এক কৰুণ দৃশ্য, বুজাব নোৱাৰা অনুভূতি! ভগৱান ইমান নিষ্ঠুৰ হব পাৰে নে? সেই ফুলকুমলীয়া ব্যক্তি জনৰ মৃত্যু হোৱাত কৈ কোনো বৃদ্ধ বা বৃদ্ধা এগৰাকী দুখ,কষ্ট যন্ত্ৰণাত চটফটাই থকা ব্যক্তি এজনৰ মৃত্যু হ'লহেঁতেন তেতিয়া সেই ফুলকুমলীয় ব্যক্তি জনৰ গোটেই জীৱন কাল সুন্দৰকৈ বৰ্তাই আশা বোৰ বাস্তৱ ৰূপায়িত কৰি চলি থাকিব পাৰিলেহেঁতেন! কিন্তু সেয়া কেতিয়াও সম্ভৱ হৈ নুঠে। কথাত কোৱা আছে যে "জন্ম, মৃত্যু, বিবাহ কপালৰ লিখন, ই কেতিয়াও নাযায় খণ্ডন" 
কিন্তু উক্ত কথাষাৰ সঁচা যেন লাগিলেও আমি কেতিয়াবা বিশ্বাস কৰিব নোৱাৰো যেন অনুভৱ কৰোঁ! কিয়নো এনে কিছুমান ঘটনা সংঘটিত হয় যে কল্পনাই কৰিব নোৱাৰি।
নিজৰ ৰুগীয়া ককা,আইতা বা মাক,দেউতাক থাকিলেও ফুলকুমলীয়া সন্তান জনৰ হঠাৎ অকালতে মৃত্যুবৰণ কৰি আমাৰ মাজৰ পৰা চিৰবিদায় লয়! তেতিয়া সেই ঘটনাটো বুজাব নোৱাৰা এক কৰুণ দৃশ্য যাক সহজে মানি ল'বলৈ অমান্তি হবলগীয়া হয়! কিয়নো বয়জ্যেষ্ঠ লোক থকা সত্ত্বেও যেতিয়া একে পৰিয়ালৰ ফুলকুমলীয়া জনে দুৰ্ঘটনাজনিত বা আন কাৰণ বসত অকাল মৃত্যুক আঁকোৱালি লবলগীয়া হয় তেতিয়া নিশ্চিত ভাৱে সমগ্ৰ পৰিবেশটো এক বুজাব নোৱাৰা পৰিবেশৰ সৃষ্টি হোৱা স্বাভাৱিক। গতিকে আমি সকলোৱে মাথোঁ ভাগ্যৰ দ্বাৰা পৰিচালিত একো একোজন চক্ৰ সদৃশ মানৱ জাতি।সেই জীৱন চক্ৰ ক'ত কেতিয়া স্থবিৰ হৈ পৰে আমি অনুমান কৰিব নোৱাৰোঁ। মানৱৰ জাতি,ধৰ্ম, মাথো বিভাজিত একো একোটা ৰূপ। ধৰ্ম কৰিলে মানৱ জাতিৰ দীৰ্ঘ আয়ুস বাঢ়ে, মনৰ আশা, কল্পনা বাস্তৱ ৰূপায়িত হয় বুলি আমি বিশ্বাস কৰি আহিছোঁ বা ভগৱান আছে বুলি মানি আহিছো বা মানি থকাটো নিত্যান্তই প্ৰয়োজন বোধ কৰোঁ। কিন্তু যেতিয়া আমি কিছুমান ঘটনা বা দৃশ্য চকুৰে দেখো বা বুজো তেতিয়া ম'নলৈ কিছু প্ৰশ্ন উদয় হোৱা স্বাভাৱিক। 
সৌ সিদিনা অইন দিনৰ দৰে ব্যস্ত পৰিবেশৰ মাজত সিদিনাও যোৰহাট,নিমাতী ঘাটৰ পৰা মাজুলী, কমলাবাৰী অভিমুখে ফেৰীৰে যাত্ৰা আৰম্ভ কৰিছিল আৰু বিপৰীত দিশৰ পৰা আন এখন ফেৰী মাজুলী, কমলাবাৰীৰ পৰা নিমাতী ঘাটলৈ আহি থকাৰ সময়ত ফেৰী দুখনৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফল স্বৰূপে নিমাতী ঘাটৰ পৰা যোৱা ফেৰী খন সম্পূৰ্ণ ভাৱে নিমাতী ঘাটতে ব্ৰহ্মপুত্ৰৰ গভীৰ পানীত ডুব গৈছিল আৰু তেতিয়া সেই ফেৰীখনৰ যাত্ৰী সকলৰ মাজত হাহাকাৰ লাগি কান্দোন,চিঞৰ বাখৰ এক বুজাব নোৱাৰা পৰিবেশেৰ সৃষ্টি হৈ যেনেকৈ পাৰে তেনেকৈ প্ৰত্যেকে নিজৰ প্ৰাণ ৰক্ষা কৰাৰ আপ্ৰান চেষ্টা, কোনোৱে সাঁতুৰি, আন কোনোৱে আনৰ সহায় লৈ মৃত্যুৰ মুখৰ পৰা হাত সাৰিবলৈ সক্ষম হৈছিল। যি সকলে সাঁতুৰিবলৈ সুবিধা কন নাপালে বা সাঁতোৰাৰ আভ্যাস নাই সেই কেইজনে অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছেল। আৰু কোনোৱে আনক বচাবলৈ গৈ নিজেই পানীৰ তীব্ৰ সোঁতত আবদ্ধ হৈ দুৰ দিগন্তলৈ বোৱাই নি মৃত্যু বৰণ কৰিলে। এক বুজাব নোৱাৰা পৰিস্থিতি, বুকু সিহঁৰিত উঠা দৃশ্য। সেই সংঘটিত হোৱা দৃশ্যই নিজকে বুজি উঠিছিল যে মৃত্যু হঠাৎ এনেকৈ হয়! আজি মোৰ মৃত্যু হ'ব। কি যে কৰুণ ছবি। নিজকে সুৰক্ষিত কৰি বচাবলৈ কিমান যে চেষ্টা কৰি বিফল হৈ পৰি চটফটাই মৃত্যুক সাৱটি লৈছিল ! ভাবিলেই বেয়া লাগি যোৱা কৰুণ ঘটনা। সেই দুৰ্ঘটনাত প্ৰায় তিনি/চাৰি জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে যদিও তাৰ ভিতৰত বিশেষকৈ সেই কৰুণ ঘটনাত প্ৰাণ হেৰুৱা ২৫ বছৰীয়া পৰিমিতা দাস গুৱাহাটীস্থিত কাহিলীপাৰাৰ আছিল। কৰ্মসূত্ৰে মাজুলী, ৰঙাচাহী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে প্ৰায় সাত মাহ আগতে কৰ্মত যোগদান কৰিছিল। পৰিমিতা ধীৰ, স্থিৰ,গম্ভীৰ অমায়িক স্বভাৱৰ আছিল ছাত্ৰ-ছাত্ৰী তথা সহকৰ্মীৰ লগতে সকলোৰে মৰমৰ আছিল। তীক্ষ্ণ বুদ্ধি, চোকা প্ৰায় সকলো দিশতে পাৰ্গত আছিল। দুৰ্ভাগ্যবশতঃ সেই ক'লা দিনটোত মাক আৰু সহকৰ্মীৰ সৈতে যোৰহাটৰ আঠখেলীয়া নামঘৰ দৰ্শন কৰি আবেলি নিজৰ মাকে পৰিমিতাক "মা কমলা" নামে নাওঁত (ফেৰী) খনত উঠাই মাজুলীলৈ নিজৰ কৰ্মস্থলীলৈ পঠাই দিছিল আৰু ফেৰী চলাই যাত্রা আৰম্ভ হোৱাৰ লগে লগে মাকক হাতেৰে বিদায় সম্ভাষণ জনায় কিছু দূৰত্ব অতিক্ৰম কৰাৰ পিছতে নাওঁ (ফেৰী) খনৰ দুৰ্ঘটনা সংঘটিত হয় আৰু সেই সমগ্র দৃশ্য মাকৰ নিজৰ চকুত আবদ্ধ হৈ থাকিল! সকলোৰে মাজত হাহাকাৰ লাগি গ'ল! এক বুজাব নোৱাৰা পৰিবেশ! মাথোঁ বচোৱা, বচোৱা! ক্ৰমে নাওঁখন সম্পূৰ্ণ ডুবি গ'ল। কিছুসময় পিছত হঠাৎ পৰিমিতাৰ শৰীৰৰ ভিতৰলৈ পানী প্ৰবেশ কৰি উশাহ নিশাহ স্তব্ধ কৰি তুলিছিল, লগে লগে হস্পিতাললৈ নিয়া হয় যদিও পৰিমিতাৰ ইতিমধ্যে মৃত্যু হৈছিল। মাকে নিজৰ ফুলকুমলীয়া ছোৱালী জনীৰ অনাকাংক্ষিতভাৱে মৃত্যু হোৱা সমগ্র ঘটনা নিজৰ চকুৰে দেখা পোৱা দৃশ্য কিমান দুখদায়ক আৰু মৰ্মান্তিক সেয়া ভাষাৰে বুজাব নোৱাৰা!
কি দোষ আছিল পৰিমিতাৰ? সুন্দৰ অনুভৱৰ সৈতে নামঘৰ দৰ্শন কৰিছিল বান্ধৱী আৰু মাতৃৰ সৈতে। মনৰ আশা, কল্পনা বাস্তৱত ৰূপায়িত কৰাৰ অৰ্থে ভগৱানক প্ৰাৰ্থনা জনাইছিল কিন্তু এইয়া কি সম্পূৰ্ণ বিপৰীত ছবি হঠাৎ মৃত্যুক আঁকোৱালি লবলগীয়া হ'ল! এই সমগ্র ঘটনা মাজুলীৰ লগতে সমগ্ৰ অসমত ঐতিহাসিক সাক্ষী হিচাপে ৰৈ থাকিব। পৰিমিতা যতেই থাকে যেন শান্তিত থাকে তাৰেই সহস্ৰ কামনা কৰি পৰিমিতালৈ গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিলোঁ। 
ওম শান্তি !!!
এই মায়াময় সংসাৰৰ মানৱ জাতিৰ কোনো অস্তিত্ব নাই বুলি অনুভৱ কৰোঁ কিয়নো সুস্থিৰ মন, চিন্তাৰ অধিকাৰী হৈ ৰং-ধেমালিৰ মাজেৰে জীৱনটো সুন্দৰকৈ অতিবাহিত কৰি হঠাৎ মৃত্যুক সাৱটি লবলগীয়া হয় তেতিয়া সেই মুহূৰ্তৰ পৰা কেতিয়াও সেই ব্যক্তি গৰাকীক ঘূৰাই পাব নোৱাৰি। পৰিয়াল তথা বন্ধু বৰ্গ, আত্মীয় সকলোৰে মাজত ৰং- ধেমালিৰ সমাপ্তি ঘটাই চিৰবিদায় মাগে। কিয়নো মৃত্যু এক অনিবাৰ্য!. হয়তো কাৰোবাৰ এদিন আগত আৰু কাৰোবাৰ কিছুদিন পিছত মৃত্যু হ'বই।
 যাক যেনেকৈ পৰিচালনা কৰি মানৱ সমাজলৈ পঠিয়াই দিছে সেই খিনি সম্পূৰ্ণ হ'লেই সেই ব্যক্তি গৰাকীকক সৃষ্টি কৰ্তাই লৈ যায়। কিন্তু আমি আত্মীয়ই সেই পৰিবেশ বা দুৰ্ঘটনা সহজ ভাৱে মানি ল'বলৈ অসম্ভৱ হৈ উঠে। কিয়নো সেই ব্যক্তি জনে সমাজ তথা সকলোৰে হৃদয়ত গভীৰ ভাবে সোমাই আকৃষ্ট কৰি জনপ্ৰিয় হৈ পৰে। সেয়ে আমি এই মায়াময় সংসাৰত থকা সময় খিনিত সদায় ভাল কাম কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ মানসিকতা থকা উচিত বুলি ভাবো। এই দুদিনীয়া জীৱন কালত
"মানুহে মানুহৰ বাবে" 
উক্ত কথাষাৰ সঠিক ধৰণেৰে প্ৰয়োগ কৰি হাঁহি, ৰং-ধেমালিৰ মাজেৰে জীৱনটো সুন্দৰকৈ অতিবাহিত কৰি গ'লে মৃত্যুৰ পিছটো আমি অমৰ হৈ থাকিব পাৰিম বুলি বিশ্বাস কৰিব পাৰি।
----------

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. সুন্দৰ লিখনি।

    ReplyDelete
Post a Comment