মোৰ নহয়
আজিকালি ঘৰৰ পূজাভাগিও
মোৰ নহয়
কাৰণ
মই হেনো ; এজনী 'বিয়া দিয়া ছোৱালী'
আমি সহোদৰ
তথাপিও আজিকালি সিহঁতৰ ঘৰৰ
মই আলহী
আমি সহোদৰ
তথাপিও আজিকালি সিহঁতৰ ঘৰৰ
মই অতিথি
কাৰণ
দেউতাই কুশ বন ছিঙি ঘৰৰ পৰা উলিয়াই দিয়া
মই হেনো ; এজনী 'বিয়া দিয়া ছোৱালী'
এতিয়াও মই পাহৰা নাই
আমাৰ শৈশৱৰ ধেমালিবোৰ
পাহৰা নাই
আমাৰ শৈশৱৰ ধেমেলীয়া কাজিয়াবোৰ
পূজাত কিনা ফ্ৰক্ , চুলিত মৰা ফিটা , হাতত পিন্ধা খাৰু , ডিঙিত পিন্ধা মণি আৰু বুকুত লোৱা পুতলাবোৰ
আজিও পাহৰিব পৰা নাই
মনত পৰে সাপ বেলুন আৰু পানী বেলুনবোৰৰ কথা
কি যে বিচিত্ৰ আৰু ৰঙীণ আছিল
সহোদৰৰ সৈতে ঘূৰা পূজাৰ থলীবোৰ !
কাৰণ আমি যে সহোদৰ
তথাপিও সিহঁতে আজিকালি কিয় কয়
তই যে এজনী 'বিয়া দিয়া ছোৱালী' !!
বৰ দুখ লাগি যায়
'বিয়া দিয়া ছোৱালী' বুলি ক'লেই
বৰ দুখ লাগি যায়
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ