২৩ অক্টোবৰ- ইতিহাসত আজিৰ দিনটো

Rinku Rajowar
0

২৩ অক্টোবৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ২৯৬ তম (অধিবৰ্ষত ২৯৭ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬৯টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা:

  • ১৬২৩ খ্ৰীষ্টাব্দৰ এই দিনটোতে হিন্দী কবি তথা হিন্দী ৰামায়ণৰ ৰচয়িতা তুলসী দাসৰ মৃত্যু হয়।
  • ১৯৩৯ চনৰ এই দিনটোতে অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী চিগ্‌মণ্ড ফ্ৰয়েডৰ মৃত্যু হয়।
  • ১৯৪০ চনৰ এই দিনটোতে ব্ৰাজিলৰ প্ৰসিদ্ধ ফুটবল খেলুৱৈ পেলেৰ জন্ম হয়।
  • ১৯৪৩ চনৰ এই দিনটোতে আজাদ হিন্দ ফৌজৰ নাৰী বাহিনী "ঝান্সি ব্ৰিগেড" প্ৰতিষ্ঠা কৰা হয়।
  • ১৯৭৪ চনৰ এই দিনটোতে ভাৰতীয় ঔপন্যাসিক অৰবিন্দ আদিগাৰ জন্ম হয়।
  • ১৯৮৬ চনৰ এই দিনটোতে সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ মৃত্যু হয়।
  • ১৯৮৫ চন এই দিনটোত ভোৰতাল আৰু ওজাপালি নৃত্যৰ অন্যতম ব্যক্তি নৰহৰি বুঢ়া ভকতৰ মৃত্যু হয়।
  • ১৯১৪ চনৰ এই দিনটোত কটন কলেজ প্ৰতিষ্ঠাৰ লগত জড়িত হেনৰী কটনৰ মৃত্যু হয়।
  • ২০১১ চনত তুৰস্কত হোৱা ভূমিকম্পত ৫৮২ জন লোকৰ মৃত্যু।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)