জীৱিকা বিচাৰি ,
জীৱনৰ মাদকতা আৰুনো কিমান হেৰুৱাম ?
প্ৰতিঘাতৰ বাটে বাটে
মৰম বেচা কিনাৰ হাট !
জীৱন নদীৰ ঘাটে ঘাটে
আঘাতৰ এৰাল ছিঙা মাত !
মানুহৰ বজাৰত মানুহৰ কিমান দাম ?
মূল্যহীন আজি ,
খাটি খোৱা নিৰীহৰ দেহৰ কেঁচা ঘাম...
সপোনৰ পম খেদি
সপোন এটা দৌৰে ,
খেদি ফুৰা সপোনে
সপোন এটা সামৰে ।
মানুহৰ বজাৰত মানুহৰ কিমান দাম ?
প্ৰতিদিনে সাবটি ,
এটা আধৰুৱা আধামৰা সপোনৰ নাম ।