উপন্যাস-একাঁজলী বিৰহ খণ্ড নং -১৭

Rinku Rajowar
0
বৰমাকক নেদেখি ৰনে তগৰলৈ চাই ক'লে , "আমি বাস কৰা এইখন পৃথিৱীৰ সৌন্দৰ্য্য আটাইতকৈ মনোমোহা । এই ধুনীয়া পৃথিৱীত দুখৰ পৰা সুখৰ চালিত জী থাকিবলৈ শিকিব লাগে বৌ । নিজৰ বাবে চিন্তা কৰিবলৈ শিকা । শিক্ষাই ঢুকি নোপোৱা কিছুমান কুটিল মনৰ মানুহৰ প্ৰয়োজন মতে ব্যৱহাৰ হৈ থাকিবলৈ তোমাৰ জন্ম হোৱা নাই ।"

ৰনে মৰমেৰে কোৱা কথাবোৰ শুনি তাই এটা সৰল হাঁহি মাৰি ৰনলৈ চালে । ইজনে সিজনক জনোৱা আদৰণিৰ সঁহাৰি ,এক নয়নাভিৰাম দৃশ্য ।
তগৰে ভাবিলে ৰনে ভবাৰ দৰেই সকলো হৈ যোৱা হ'লে !! বুকুৰ বিষ তাইও অনুভৱ কৰিব পাৰিছে । নিজক সজাবলৈ সুস্থিৰ চিন্তা কৰিবলৈ দিনৰ পিছত দিন তাই পাৰ কৰিছে । কিছু দিন মুকলিকৈ থাকিবলৈ তাইৰো মন । কিন্তু পৰিস্থিতিৰ কোবাল সোঁতে তাইক অন্য ফালে উটুৱাই নিছে ।

এটা দুখৰ হুমুনিয়াহ সৰি পৰিল তাইৰ । দুখ কঢ়িওৱাত যন্ত্ৰণা ইমান নহয় ? যিমান ভালপোৱা জনক হেৰুৱাই জীয়াই থকাৰ যন্ত্ৰণা হয় । এই কথাটোকে ৰনক বুজাব পৰা হ'লে !!

ৰামভায়ে তগৰলৈ কেইটামান পনিয়ল বিচাৰি আনি তগৰক দিলে । তগৰে পনিয়ল কেইটা থ'বলৈ ভিতৰলৈ গ'ল ।

ৰনে ৰামভাইক ক'লে , "নাৰীৰ বেদনা বুকুতে ৰৈ যায় ;সেয়েহে নাৰীক সহনশীলা বুলি কয়।"

ৰামভায়ে ক'লে , "সকলো নাৰীৰ চৰিত্ৰ একেই নহয় ; কিছুমান নাৰীয়ে আনৰ বাবে মমবাতি হৈ জ্বলি শেষ হৈ যায় । এনে ধৰণৰ নাৰী পুৰুষৰ শ্ৰদ্ধাৰ পাত্ৰ ।"

অন্য বিধ নাৰী বুলি ক'বলৈ লওতেই ৰামভাইৰ কথাত বাধা দি ৰনে কৈ উঠিল - "তুমিটো মহাজ্ঞানী । বৰমা নথকা সময়ত তোমাৰ লগত কথা পাতিবলৈ আহিম ।"
ৰামভায়ে উৎসাহেৰে ক'লে , "আহিবা , আহিবা ৰনবাবু ।তুমি আহিলে বোৱাৰী জনীয়ে শান্তি পায় । তুমি , মই যদি খেয়াল নাৰাখোঁ , বেচেৰীক খেয়াল ৰখা মানুহ কোনো নাই ।"
এইবোৰ বাদ.. বৰদেউতাই আজি হঠাৎ বৰমাক লৈ বজাৰলৈ গ'ল । কথাটো নাভূত -নাশ্ৰুত ।

বোৱাৰী জনীৰ প্ৰতি দায়িত্ব নাই । দাদাটোও ম'হৰ খুঁটিৰ পৰা নহাই হ'ল । বৌদিৰ চৰিত্ৰ জানাই । অকল খুঁত উলিয়াই বোৱাৰী জনীৰ গাত দোষ জাপি দিয়ে । তুমি মই কিবা এটা যোগাৰ দিলে বিপদ বোৱাৰী জনীৰহে হ'ব ।এইখন সমাজৰ মানুহে ভাল কথাত চকু নিদিয়ে , বেয়াটোহে দেখিব । সেইবাবে মালিক হ'লেও কিছুমান কথা শুনাই আহিলোঁ । সেইবাবে আজি বৌদিৰ স'তে বোৱাৰীলৈ কাপোৰ কিনিবলৈ বজাৰলৈ গৈছে ।

তগৰে তামোল কাটি ৰনক খাবলৈ দিলে ।
তগৰলৈ চাই ৰনে ক'লে , "আজি নতুন কাপোৰ পাবা ।
বৰমা-বৰদেউতাই তোমালৈ কাপোৰ আনিবলৈ গৈছে ।"

অকণমানি ছোৱালী এজনীৰ দৰে তগৰৰ মনটো ৰঙীন হৈ পৰিল ।

ৰনে ক'লে , "তগৰ ফুলে মিচিকিয়াই হাঁহিলে । হাঁহিবা , হাঁহিবা । হাঁহিৰে জীৱনটো উপচায় দিয়া ; মই যাওঁ।"
তগৰৰ মনটোৱে হাহাকাৰ কৰি উঠিল আৰু অলপ সময় তাইৰ কাষত থাকি যাব নোৱাৰেনে ?

ৰন গ'লগৈ ; ৰামভাই বাৰীত কাম কৰিবলৈ গ'ল ।
তগৰে আনন্দমনে কামত লাগিল ।

ইফালে বজাৰত তগৰৰ শহুৰেকে তগৰলৈ কাপোৰ চাবলৈ কোৱাত শাহুয়েক জঠৰ লাগিল । মানুহজনে বোৱাৰীয়েকৰ বাবে কাপোৰ কিনিবলৈ লগত লৈ অনা কথাটো ভাবি তগৰৰ শাহুয়েকে কথাটো বেলেগকৈ ভাবিলে । ইমান দিনৰ মূৰত মানুহজনৰ লগত বজাৰ কৰাৰ হেঁপাহ নিমিষতে ধূলিস্যাৎ হ'ল । তগৰৰ বাবে সকলো কাপোৰ লোৱা শেষ হ'লত নিজৰ বাবেও চাদৰ এখন লোৱা বুলি কোৱা মানুহ জনলৈ ঘোপা চাৱনি এটা মাৰি দোকানৰ পৰা উচাৎ মাৰি উলাই অহা দৃশ্যটো দেখি দোকানীয়ে নহহাকৈ  থাকিব নোৱাৰিলে ।

গধুলি ৰামভাইৰ হতুৱাই এটা ডাঙৰ মাছ অনোৱালে ।।মাছটো দেখি তগৰৰ যি স্ফূৰ্তি !! 
সেই দেখি শহুৰেক আচৰিত হ'ল । তাই যেন বহু দিন মাছ খাবলৈ পোৱা নাই ।

আজি আমাৰ বোৱাৰীক ডাঙৰ ডাঙৰ পিচ দিবলৈ নাপাহৰিবা বাপুৰ মাক ।

"বোৱাৰীলৈ দেখোন বৰ দৰদ" - তগৰৰ শাহুয়েকে ক'লে।
কিয় নহ'ব ?? এজনীয়েই বোৱাৰী । বোৱাৰী নহয় ; এই আমাৰ জী...।

তগৰৰ শাহুৱেকৰ গা জ্বলিল ।

ডাঙৰ মাছ খাবলৈ তগৰৰ ভীষণ ইচ্ছা গৈছে । কথাটো ক'বলৈ কাকো সুবিধা পোৱা নাই ।

ৰাতি ভাতৰ পাতত বহি শহুৰেকে তগৰক কাষতে বহি খাবলৈ মাতিলে । শহুৰেকে তগৰলৈ মাছৰ আঞ্জাৰ বাটিটো ঠেলি দি তগৰৰ বাটিটো নিজে ল'লে ।
তগৰৰ আঞ্জা বাটিটোত মাছৰ মূৰৰ অকণমান খেপিয়াই পায় টকালি-টকালি উগাৰ মাৰি ক'লে - "বাপুৰ মাক , বহু দিনৰ মূৰত মাছৰ মূৰৰ খোলাটোৰে এসাঁজ খালোঁ ।"আগলৈ,,,,,,।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)