অসমত ক্রীড়াৰ ভৱিষ্যত-প্ৰজ্ঞান বৰগোহাঁই

Rinku Rajowar
0
“ এই পৃথিৱী এক ক্ৰীড়াঙ্গন , ক্রীড়া হʼল-শান্তিৰ প্ৰাঙ্গন।"– ড° ভূপেন হাজৰিকা।


অসম প্ৰায় ৩ কোটি ১৬ লাখ জনসংখ্যা প্ৰধানতঃ এখন ৰাজ্য । কিন্তু স্বাধীনোত্তৰ কালৰে পৰা অসমৰ পৰা ক্ৰীড়াজগতখনত ৰাষ্ট্ৰীয় , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত নাম তেনেই তাকৰ । দৰাচলতে ভাৰত তথা অসমত ক্রীড়াৰ আন্তঃগাঁথনি একেবাৰেই নিম্নমানৰ । তাৰ কাৰণবোৰ সকলোৱে বিশ্লেষণ কৰিবলৈ সময় হʼল । নানা সমস্যাৰে জৰ্জৰিত অসমৰ দৰে এখন ৰাজ্যৰ পৰা লাভলিনা বৰগোহাঁই , হিমা দাস , ৰিয়ান পৰাগ আদিৰ দৰে উদীয়মান খেলুৱৈ ৰাষ্ট্ৰীয় , আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিবলৈ ইতিমধ্যে সক্ষম হৈছে । তাকে লৈ সমগ্ৰ অসম গৌৰৱান্বিত । কিন্তু তাকে লৈ এতিয়া কেৱল গৌৰৱ কৰি বহি থাকিলে হʼবনে ? নে ভৱিষ্যতৰ  পৰিকল্পনা যুগুত কৰিব লাগে ? ৰাইজে এইবোৰ কথা আলোচনা কৰিব লাগে । বিভিন্ন ৰাজনৈতিক , সামাজিক চক্ৰান্তত পৰি বহুতো প্ৰতিভা হেৰাই গʼল।তেওঁলোকৰ ভৱিষ্যত একপ্ৰকাৰে ধ্বংস কৰা হ'ল। অসমৰ গাঁৱে-ভূঞে অজস্ৰ প্ৰতিভা লুকাই আছে । সময় হʼল তেওঁলোকক সুবিধা প্ৰদান কৰাৰ , তেওঁলোকক উৎসাহিত কৰা , ক্রীড়াৰ আন্তঃগাঁথনি উন্নত কৰাৰ । অসমৰ প্ৰতিগৰাকী মাক-দেউতাকে নিজৰ সন্তানক উৎসাহিত কৰক । সন্তানে খেলি ভাল পায় খেলিবলৈ দিয়ক ।

অসমৰ ক্ৰীড়াজগতখনৰ এক প্ৰধান সমস্যা হৈছে-খেলুৱৈ সকলৰ কৰ্ম সংস্থাপন ।আজিৰ দিনত বহুতো প্ৰাক্তন ৰাষ্ট্ৰীয় , আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈৰ আৰ্থিক অনাটনে দেখা দিছে । তেওঁলোকে যিকোনো ধৰণৰ বৃত্তিকে আঁকোৱালি লʼবলৈ বাধ্য হৈছে । চৰকাৰলৈ আহ্বান যে কৃতি খেলুৱৈসকলৰ বাবে এক স্থায়ী সংস্থাপনৰ ব্যৱস্থা কৰক। তেওঁলোকৰ খেলাৰ সময় কণত তেওঁলোকক সহযোগ কৰক , উপযুক্ত ব্যৱস্থা কৰক । অসমৰ ৰাইজে কেৱল “এই পৃথিৱী এক ক্ৰীড়াঙ্গন , ক্রীড়া হʼল শান্তিৰ প্ৰাঙ্গন" গীতটি গালেই নহʼব , সকলোকে আগবাঢ়ি যোৱাত সহায় কৰক । তেতিয়া দেখিব অসমত হাজাৰজন ভোগেশ্বৰ বৰুৱা , হাজাৰজনী লাভলিনা বৰগোহাঁইৰ সৃষ্টি হৈছে ।

২১ শতিকাত আমি আজি কোনবোৰ বিষয় আলোচনা কৰিব লাগে , কোনবোৰ বিষয় আওকাণ কৰিব লাগে , নিজেই উপলব্ধি কৰা উচিত । চৰকাৰে অসমৰ প্ৰতিখন গাঁৱতে উচ্চ সুবিধা সম্পন্ন খেলপথাৰ তৈয়াৰ কৰক ; উপযুক্ত প্ৰশিক্ষক নিযুক্ত কৰক । সকলোকে সমানে আগুৱাই লৈ যোৱাৰ এক প্ৰচেষ্টা হাতত লওঁক । সমগ্ৰ অসম হৈ পৰক দেশৰ ক্রীড়া ৰাজধানী ।

✍️প্ৰজ্ঞান বৰগোহাঁই 
দ্বাদশ শ্ৰেণী , কটন বিশ্ববিদ্যালয়
যোগাযোগ নম্বৰ : ৭০০২৭৭৯০৮৯

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)