জ্যোতিপ্ৰসাদ আগৰৱালাৰ প্ৰৱন্ধত সাংস্কৃতিক চেতনা-অন্তৰা শৰ্মা

Rinku Rajowar
0
('শিল্পীৰ পৃথিৱী' আৰু 'অসমীয়া সংস্কৃতি' প্ৰৱন্ধৰ আধাৰত)
          
অসমীয়া সাহিত্য,সমাজ,সংস্কৃতিলৈ অৱদান আগবঢ়োৱা অন্যতম ব্যক্তিজন হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজত সংস্কৃতিবান মনটোৰ চিন্তা-ধাৰা প্ৰকাশ পায়। আধুনিকতাই অসমীয়া ভাষা,সাহিত্য,সংস্কৃতিক পোহৰাই তোলাৰ সময়তে সুন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ চিন্তা-চেতনাই বহু ক্ষেত্রত নতুনত্বৰ বাট মুকলি কৰে।বিংশ শতিকাৰ প্ৰথমাৰ্ধত বিশেষকৈ অসমীয়া সাংস্কৃতিক ক্ষেত্রখনলৈ নৱজাগৰণৰ উন্মেষণ কৰা ব্যক্তিজনেই হ'ল জ্যোতিপ্ৰসাদ আগৰৱালা।নিজৰ সৃষ্টিশীল চিন্তা-চৰ্চাৰে বিপ্লৱৰ জয়গান গোৱা তেওঁ জনতাৰ শিল্পী।
    জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিশাল সৃষ্টিৰাজীৰ ভিতৰত প্ৰৱন্ধসমূহত তেওঁৰ চিন্তা চৰ্চাৰ বিশেষভাৱে পোষকতা লাভ কৰিছে। তেওঁৰ প্ৰায় ২৩ টা প্ৰৱন্ধ পকাশ পাইছে। অভিভাষণৰ আৰ্হিৰ প্ৰৱন্ধসমূহত মানুহৰ সংস্কৃতিৰ সম্পৰ্কে যি চিন্তাধাৰা, পূৰ্বৰ সংস্কৃতিৰ লগত বৰ্তমানৰ মানুহৰ ধাৰণা,সংস্কৃতিৰ প্ৰতি মানুহৰ চিন্তাৰ উন্মেষ ঘটোৱা ইত্যাদিৰ আভাস দিয়া হৈছে।সৰুৰে পৰা এক সংস্কৃতিবান পৰিয়ালত ডাঙৰ হোৱাৰ বাবে সংস্কৃতিৰ প্ৰতি সদায় সংবেদনশীল আছিল।সংস্কৃতিৰ সম্পৰ্কে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ধাৰণা আছিল ব্যাপক আৰু গভীৰ।অসমীয়া আৰু ভাৰতীয় সংস্কৃতিয়ে পূৰ্বৰ পৰা ভৱিষ্যতলৈ কিদৰে মানুহৰ লগত সম্পৰ্ক গঢ়ি তোলে আৰু সংস্কৃতিৰ বিভিন্ন ৰূপসমূহৰ সম্পৰ্কে তেওঁৰ প্ৰৱন্ধৰ মাজত প্ৰকাশ পাইছে।বিশেষকৈ সাংস্কৃতিক চেতনাবোধ থকা প্ৰৱন্ধসমূহত তেওঁৰ সাংস্কৃতিক সৃষ্টি আৰু চিন্তাৰ অন্তৰালত থকা সামাজিক আৰু ৰাজনৈতিক দৃষ্টিভংগীৰ প্ৰকাশ পায়।
      জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'শিল্পীৰ পৃথিৱী' নামৰ প্ৰৱন্ধটো শিৱসাগৰত হোৱা সদৌ অসম শিল্প সংঘৰ অধিৱেশনত নিমন্ত্ৰিত অতিথি হিচাপে দিয়া অভিভাষণ।এই অভিভাষণ আৰ্হিৰ প্ৰৱন্ধত শিৱসাগৰক পূণ্যতীৰ্থৰূপে গণ্য কৰিছে।য'ত মহামহীয়সী জয়মতীয়ে ইতিহাসত এক অভূতপূৰ্ব দুষ্কৃতি প্ৰতিৰোধৰ মহান চানেকি জিলিকাই থৈ গ'ল।ইয়াত জয়মতীৰ কাহিনীৰ মাজেৰে অসমৰ পুৰণি গৌৰৱ অসমীয়া সংস্কৃতিক নতুনকৈ পৰিচয় কৰাৰ কথা দাঙি ধৰিলে।এই প্ৰৱন্ধত মানুহ আৰু সংস্কৃতিৰ সম্পৰ্ক,অন্তৰ সংস্কৃতি আৰু বৰ্হি:সংস্কৃতিৰ সম্পৰ্কত,দুষ্কৃতিৰ সম্পৰ্কে জ্যোতিপ্ৰসাদৰ ধাৰণা,সুকুমাৰ কলাক গুৰুত্ব দিয়াৰ লগতে শংকৰদেৱক সংস্কৃতিৰ গুৰু বুলি অভিহিত কৰিছে।আগৰৱালাদেৱে মানুহ আৰু সংস্কৃতিৰ সম্পৰ্কত কৈছে মানুহৰ জীৱন-নিৰ্বাহৰ যি চক্ৰ সেয়া সংস্কৃতিৰে এটা ৰূপ।পৃথিৱীখনেই হৈছে শিল্পীৰ ঘৰ আৰু এই শিল্পীসকলেই হৈছে সাংস্কৃতিক সম্পদৰ প্ৰদৰ্শক।মানুহৰ জীৱনত সংস্কৃতি আছে বাবেই মানুহ পশুতকৈ বেলেগ।তেওঁ অন্তৰ সংস্কৃতি আৰু বৰ্হি:সংস্কৃতিৰ ওপৰত প্ৰাধান্য দিছিল।মানুহৰ সমস্ত বাস্তৱ জীৱনটো মানুহৰ অন্তৰখনৰ প্ৰতিচ্ছবি।মানুহৰ হৃদয় আৰু মন দুয়োটাৰে সমানেই বিকাশ তেতিয়াহে হ'ব যেতিয়া অন্তৰ সংস্কৃতৰ ওপৰত গুৰুত্ব দিয়া হ'ব।জ্যোতিপ্ৰসাদে শংকৰদেৱৰ আদৰ্শক নতুনকৈ সূক্ষ্মভাৱে বিশ্লেষণ কৰি সেই আদৰ্শক গ্ৰহণ কৰিবলৈ কৈছে।প্ৰৱন্ধটোত শংকৰদেৱৰ সংস্কৃতিৰ আন নাম কৃষ্ণ সংস্কৃত বুলি উল্লেখ কৰিছে।'কৃষ্ণ' শব্দৰ ব্যাকৰণিক অৰ্থ হৈছে সংস্কৃতি। কৃষ্ণ সংস্কৃতিৰ সম্পৰ্কত কৈছে যে ভাৰতৰ সত্য,ত্রেতা যুগ পাৰ হৈ দ্বাপৰ যুগত আহি ভাৰতীয় সংস্কৃতিয়ে যি ৰূপ ধৰিলে সেই ৰূপকে কৃষ্ণ সংস্কৃতি বোলে।জৱহৰলাল নেহেৰুৱেও কৃষ্ণ সংস্কৃতিৰ আদৰ্শ মানি চলিছিল বুলি এই প্ৰৱন্ধত উল্লেখ কৰিছে।শংকৰদেৱে সমাজত যি সাংস্কৃতিক ভাবাদৰ্শ দেখুৱাই থৈ গৈছিল,সেই আদৰ্শ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাংস্কৃতিক চেতনাত গুৰুত্ব পাইছে।
       জ্যোতিপ্ৰসাদ আগৰৱালাৰ আন এটি প্ৰৱন্ধ 'অসমীয়া সংস্কৃতি'ত ভাৰতীয় সংস্কৃতি,আৰ্য অাৰু আসু্ৰীক সংস্কৃতি,প্ৰাকশংকৰী-শংকৰী যুগৰ সংস্কৃতি আৰু প্ৰাগজ্যোতিষপু্ৰৰ সংস্কৃতিৰ সম্পৰ্কত তেওঁ চিন্তা-ধাৰাৰ প্ৰকাশ পাইছে।এই প্ৰৱন্ধত মহাভাৰতীয় সংস্কৃতিক অসমীয়া সংস্কৃতিৰ পূৰ্ব ভাৰতীয় ৰূপ বুলি উল্লেখ কৰিছে।ভাৰতীয় সংস্কৃতিৰ মধ্যযুগীয় যি বিকাশ পূৰ্ব-ভাৰতীয় সংস্কৃতিত প্ৰতিফলিত হৈছিল সেয়াই অসমীয়া সংস্কৃতি আৰু শংকৰদেৱে হৈছে অসমীয়া সংস্কৃতিৰ পূৰ্ণৰূপ দিয়া ব্যক্তি।প্ৰাক-শংকৰী যুগত বিশেষকৈ সুকুমাৰ কলাত অসমীয়া সংস্কৃতি  ভাৰতৰ সকলো প্ৰদেশতকৈ যে উন্নতৰ আছিল সেয়া পুৰাণ-মহাভাৰতত পোৱা যায় বুলি জ্যোতিপ্ৰসাদে উল্লেখ কৰিছে।যিহেতু পূৰ্বতে অসমৰ নাম কামৰূপ আছিল অাৰু এই কামৰূপৰ সভ্যতা সংস্কৃতিত আৰ্য সংস্কৃতিৰ প্ৰাধান্য বেছি আছিল সেয়ে তেওঁ আৰ্য সভ্যতা সংস্কৃতিৰ পৰাই অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে বুলি প্ৰকাশ কৰিছে। প্ৰ‍ৱন্ধটোত আৰ্য সংস্কৃতিক দৈৱী সংস্কৃতি বুলি কৈছে।জ্যোতিপ্ৰসাদে এই প্ৰৱন্ধটোত উল্লেখ কৰিছে যে পূৰ্ব ভাৰতত বিশেষকৈ অসমত আৰ্য আৰু আসুৰীক সংস্কৃতিৰ আদান-প্ৰদান হৈছিল।উদাহৰণস্বৰূপে উষা -অনিৰুদ্ধৰ বিবাহৰ কথা বৰ্ণনা কৰিছে।
   এইদৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুটা প্ৰৱন্ধ 'শিল্পীৰ পৃথিৱী' আৰু 'অসমীয়া সংস্কৃতিৰ' মাজেৰে তেওঁ সাংস্কৃতিক চিন্তাধাৰাৰ কিছু আভাস দিয়াৰ চেষ্টা কৰা হ'ল।তেওঁ প্ৰৱন্ধবোৰত শিল্পী সমাজ,মাতৃসমাজ,শিক্ষকসমাজ ইত্যাদিৰ উদ্দেশ্যে অভিভাষণৰ আৰ্হিত সংস্কৃতিৰ ধাৰণা দিব বিছাৰিছিল।জ্যোতিপ্ৰসাদ আগৰৱালাই সাংস্কৃতিক দৰ্শনত মানুহৰ বাহ্যিক দিশৰ লগতে আভ্যন্তৰীণ দিশৰ ওপৰত গুৰুত্ব দিছিল।তেওঁ সাংস্কৃতিক চিন্তাধাৰাত বৈজ্ঞানিক ভাবধাৰাৰ উমান পোৱা যায়।সকলো জাতি-উপজাতিৰ সাংস্কৃতিক সমন্বয়তাৰে বান্ধি ৰখাৰ দৃষ্টিভংগীয়ে জ্যোতিপ্ৰসাদ আগৰৱালাৰ সাংস্কৃতিক চেতনাক এক উচ্চ স্হান দিব পৰা যায়।..........

   🔏অন্তৰা শৰ্মা
    শিৱসাগৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)