সুখে-দুখে ছাঁৰ দৰে অবিনশ্বৰ হৈ ৰোৱা বট বৃক্ষ সদৃশ মানুহজনৰ দুৰাৰোগ্য ব্যাধিত প্রাণ যোৱাত উত্তপ্ত ৰ'দজাকত ভম্ ভমকৈ জ্বলি উঠা জুইকুৰাত তাইৰ আপদীয়া শৰীৰটো জ্বলি উঠিল।মূৰটো আচন্দ্ৰাই কৰিলে।
সৰাপাতৰ দৰে জহি-খহি যোৱা হাড়কেইডালত পূৰ্বৰ দৰে শক্তি ৰসেৰে টনটনীয়া অশ্বাৰোহী কৰ্মগতিৰে ক্ষিপ্ৰতা মনোবল বঢ়াই তাই কাম কৰিবলৈ ওলাই গ'ল,একমাত্ৰ পেটৰ ভোকটোৰ বাবে।
সমাজৰ মুখা পিন্ধা ভদ্ৰ সমাজ খনত নিজৰ উঠন বুকুখন ঢাকি তাই কান্দি উঠিল, প্ৰচণ্ড বতাহ ধুমুহাই গছ-বন উৰুৱাই নিয়াৰ দৰে, জীৱিকাৰ বঠাপাত ভাঙি ছটফটোৱা
বুকুৰ বিষটো ফাঁলি ওলাই অহা ধৰাসাৰ লোতকখিনি ,কোনোৱে নেদেখাকৈ বৰষুণ জাকৰ লগত তাই মিলাই দিলে।
🔳 বিটুমনি কোছঁ
ধেমাজি (মাছখোৱা)