আবেলি-বাণীকান্ত লহকৰ

©Admin
0
দুদিনীয়া ৰঙাবেলি
উজাই হʼল আবেলি
কজলা বৰণৰ আকাশ খনি
মেঘে ধৰিছে ছানি ।

হাইতাল হেঙুলীয়া বৰণ সানি
দিশ হৈছে সলনি
গুঠিছে স্মৃতিৰ জাল খনি
সোণ ৰূপৰ বাখৰুৱা মনি ।

ঘৰমুৱা পৰিব্ৰাহী চৰাই জনী
ভাগৰি পৰিছে উৰি
এন্ধাৰ হʼব জানি ।

সত্য যি সুন্দৰ সি
পুৱাৰ আছে আবেলি
মাজৰ কৰ্ম দক্ষ দিনটি
নিৰ্মান কৰে স্মৃতি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)