স্বাধীনতা সংগ্ৰামত অসমৰ বীৰাঙ্গনা-ডাঃ প্ৰভাকৰ দাস

©Admin
0
ব্ৰিটিছৰ বিভীষিকা
অসহ্য অপ্ৰত্যাশিত পৰাধীনতা,
অসম ভূমিত বিদ্ৰোহ
আমাক লাগে স্বাধীনতা।
সংগ্ৰামীৰ বলিদান গ'ল
দেশবাসীৰ প্ৰাণ চুই,
ব্ৰিটিছ শোষণৰ বিৰুদ্ধে
বুকুত সংগ্ৰামৰ জুই।
চেনেহৰ অসমী আই!
এইখন বিপ্লৱীৰ দেশ।

গাভৰু কালতে বুকুত
মুক্তিব্ৰতৰ বীজ সিঁচি,
প্ৰাণ ঢালি অংশীদাৰ হ'ল
গণবিপ্লৱত স্বাধীনতা প্ৰেয়সী।
সাহস আৰু ত্যাগেৰে প্লাৱিত
দেশপ্ৰেমৰ নৈ বোৱতী,
অতি কোমল বয়সত
দেশৰ হকে প্ৰাণৰ আহুতি।
চেনেহৰ অসমী আই!
এইখন কনকলতাৰ দেশ।

মদ নিবাৰণী আন্দোলনৰ
এগৰাকী অন্যতম নেত্ৰী,
ব্ৰিটিছ বিৰোধী আন্দোলনৰ
এগৰাকী প্ৰাণ দাত্ৰী।
ব্ৰিটিছৰ ষড়যন্ত্ৰত
হত্যাৰ বলী হয়,
অপাৰ দেশপ্ৰেমেৰে জীৱিত
সকলোৰে হৃদয়ত ৰয়।
চেনেহৰ অসমী আই!
এইখন মালতী মেমৰ দেশ।

অগ্ৰণী সেনানী
আইন অমান্য আন্দোলনৰ,
গৰ্ভাৱস্থাতে কাৰাবাস
অতুলনীয় চানেকি দেশপ্ৰেমৰ।
বিপ্লৱৰ জুই বুকুত,
অসুস্থ ব্ৰিটিছৰ নিৰ্যাতনত
স্বাধীনতাৰ বাবে যুঁজি যুঁজি
ইহলীলা এৰে কাৰাবাসত।
চেনেহৰ অসমী আই!
এইখন দাৰিকীৰ দেশ।

নিজৰ জীৱনকো কৰি তুচ্ছজ্ঞান
ত্ৰিৰংগৰ মানৰ আগত,
বুকুত গুলি লৈ শ্বহীদ
স্বাধীনতা সংগ্ৰামত।
নগাঁও স্বাধীনতা সংগ্ৰামী 
আঘাত পুলিচৰ গুলিত,
মৃত্যুক আঁকোৱালি
বিলীন মাতৃভূমিৰ ধূলিত।
চেনেহৰ অসমী আই!
এইখন ভোগেশ্বৰীৰ দেশ।

আগবাঢ়িছিল সংগ্ৰামত
দেহত উতলা তেজ লৈ,
আগবাঢ়িছিল দলে বলে
হাতত ত্ৰিৰংগ পতাকা লৈ।
ভাৰত ত্যাগ আন্দোলনত
থানাত পতাকা উত্তোলন,
দেশ স্বাধীনৰ বাবে কৰিলে
কৰুণ মৃত্যুক বৰণ।
চেনেহৰ অসমী আই!
এইখন তিলেশ্বৰীৰ দেশ।

অহিংস সেনানী
স্বাধীনতা আন্দোলনৰ,
খাটিবলগীয়া হ'ল
জীৱনবাস কাৰাবাসৰ।
নিউমনিয়াত ভুগিও
সংগ্ৰামত অগ্ৰসৰ,
মৃত্যুৰ পিছতো 
সংগ্ৰাম হ'ল অজৰ অমৰ।
চেনেহৰ অসমী আই!
এইখন ৰেৱতীৰ দেশ।

বীৰাঙ্গনাই ৰচিছিল 
স্বাধীন দেশৰ সপোন,
পুলিচৰ গুলিয়ে সানিলে আঘাত
ভাঙিল জীৱনৰ দাপোন।
দেশৰ বাবে স্বৰ্গগামী
সন্তান-সম্ভাৱা ক্ষণত,
তুমি সদায় জীয়াই আছা
দেশৰ হিয়া প্ৰাণত।
চেনেহৰ অসমী আই!
এইখন খহুলী দেৱীৰ দেশ।

সাহসী সংগ্ৰামী প্ৰেমিকা
ব্ৰিটিছ বিৰোধী সমদলৰ,
সক্ৰিয় অংশগ্ৰহনকাৰী
ভাৰত ত্যাগ আন্দোলনৰ।
গুলিবিদ্ধ বিৰাঙ্গনাৰ শৰীৰ
ঢেঁকীয়াজুলি গুলিচালনাত,
শেষ নিশ্বাসলৈ যুঁজি
মুদিল চক্ষু মাতৃভূমিৰ কোলাত।
চেনেহৰ অসমী আই!
এইখন কুমলী দেৱীৰ দেশ।

পৰাধীনতা অস্বীকাৰ কৰি
জঁপিয়াই পৰিছিল আন্দোলনত,
গভীৰভাৱে আঘাত প্ৰাপ্ত
পুলিচৰ লাঠিৰ কোবত।
বহু কষ্টেৰে ভুগিল
ছমাহ কাৰাবাস জীৱন,
কাৰাবাসৰ অন্তত কৰিল
হাঁহি হাঁহি মৃত্যুক বৰণ।
চেনেহৰ অসমী আই!
এইখন পদুমীৰ দেশ।

স্বাধীন দেশৰ সপোন লৈ
নামিছিল স্বাধীনতা আন্দোলনত,
সাহসেৰে যুঁজিছিল
লৈ ত্ৰিৰংগ পতাকা হাতত।
অকণো ভয় নাই
ব্ৰিটিছৰ গুলি-লাঠিলৈ,
দেশব্ৰতী-দেশপ্ৰেমী
জীৱনৰ শেষ নিশ্বাসলৈ।
চেনেহৰ অসমী আই!
এইখন লীলাৰ দেশ।

ব্ৰিটিছ নিৰ্যাতনৰ
নিষ্ঠুৰ লাঠি চালনা,
বুকুৱে পিঠিয়ে আঘাত সহি
হবলৈ নিদিলে ত্ৰিৰংগাৰ অৱমাননা।
মৰণৰ চাদৰ ওড়ি যোগালে
সংগ্ৰামত এক বিশেষ অৰিহণা,
হে বিৰাঙ্গনা!
দেশপ্ৰেম তোমাৰ অনন্যা।
চেনেহৰ অসমী আই!
এইখন থুনুকী দাসৰ দেশ।

স্বাধীনতা আন্দোলনৰ
বিশিষ্ট সংগ্ৰামী,
ব্ৰিটিছ বিৰোধী জুইত প্ৰৱাহিত
আন্দোলনৰ সক্রিয় কৰ্মী।
বাওঁ কান্ধ গুলিবিদ্ধ
হাতত দেশৰ ত্ৰিৰংগা,
নিৰ্ভয়ে মৃত্যুক সাৱটি
দেশলৈ প্ৰাণৰ উচ্ছৰ্গা।
চেনেহৰ অসমী আই!
এইখন জালুকী কছাৰীৰ দেশ।

দেহ বুকু উত্তপ্ত
উত্তপ্ত বিপ্লৱৰ জুই,
দপদপকৈ জ্বলি উঠিল
ব্ৰিটিছ বিৰোধী জুই।
পুলিচৰ প্ৰচণ্ড কোবত
শৰীৰ ভাগিল,
দেশ স্বাধীনতাৰ মনোবল
মৰণৰ সময়তো নাভাগিল।
চেনেহৰ অসমী আই!
এইখন কন চুতীয়নীৰ দেশ।

ব্যাপক হাৰত বৃদ্ধি পাইছিল
ব্ৰিটিছৰ দমন-পীড়ন,
অহিংস পদ্ধতিৰে গঢ় লৈছিল
অসমত স্বাধীনতা আন্দোলন।
কৰিম কিম্বা মৰিম
দেশৰ বাবে মোৰ জীৱন,
স্বাধীনতা সংগ্ৰামী তোমাক
দেশবাসীৰ শত শত নমন।
চেনেহৰ অসমী আই!
এইখন বিপ্লৱীৰ দেশ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)