সোনালী সূতাৰ সপোন অধ্যায় ১- ড° মৃদুল চন্দ্ৰ শৰ্মা

Rinku Rajowar
0
বেৰৰ জলঙাইদি এচেৰেঙা ৰ'দৰ পোহৰ আহি মুখত পৰাত মহেনে সাৰপাই লৰালৰিকৈ উঠি আহিল । বঙালী এৰাৰ ঠাৰি ডালেৰে দাঁত ঘঁহি জপনাৰ ফালে আগবাঢ়ি গ'ল । ধুনীয়া ফৰকাল আহিন মাহৰ পুৱা । নীল বৰণীয়া আকাশত শুকুলা ডাঁৱৰ দেখি তাৰ মনটো ভাল লাগি গ'ল । আগফালৰ শেৱালি জোপা ধুনীয়াকৈ ফুলিছে । তলৰ সৰি থকা ফুল বিলাক মাকে ইতিমধ্যে বুটলি আনিলে । গোঁসাই ঘৰত মাকে বতৰৰ ফুল দি পুৱাই চাকিগছি জ্বলায় । মহেনেও ফুল ভাল পায় । নানা ধৰণৰ তগৰ, খৰিকাজাই আদি সুগন্ধি ফুলেৰে এখন ধুনীয়া ফুলনি কৰি থৈছে । ঘৰখনত মানুহ মাত্ৰ দুজনেই, মাক আৰু মহেন । দেউতাকৰ আজি দুবছৰৰ আগতেই মৃত্যু হ'ল । মাত্ৰ তিনি দিন ভাইৰেল জ্বৰত ভুগি দেউতাক ঢুকাই থকাত মহেনৰ সৰগ ভাগি পৰা যেন লাগিছিল । এজন আদৰ্শ খেতিয়ক দেউতাক মনেশ্বৰ চমুৱা  ভাল মুগা পালকো আছিল । ঢকুৱাখনাৰ গোবিন্দপুৰ অঞ্চলৰ মনেশ্বৰ চমুৱাক চিনি নোপোৱা মানুহ নাই । মুগা পালক বুলি ক'লে ‌তেখেতৰ নামেই মনলৈ আহে । মুগা বাঁহৰ লাদ চায়েই তেওঁ কেনে হ'ব ক'ব পাৰিছিল । পলুৰ বৰণ, লক্ষণ আদিৰ বিষয়ে তেওঁৰ অগাধ জ্ঞান আছিল । সুদূৰ গাৰো পাহাৰৰ পৰা সঁচ আনি মুগা পলু পালন কৰি বহুত পকাব পাৰিছিল । নিজৰ থকা পকীঘৰ, মহেনৰ বিশ্ববিদ্যালয়ৰ পঢ়াৰ খৰচ সকলো মুগাৰ পৰাই আৰ্জন কৰিছিল । দেউতাকৰ লগত থাকি সৰুৰে পৰাই মহেনেও মুগাৰ বিষয়ে প্ৰায় বিলাক কথা জনা হ'ল । সঁচৰ মুগা খোলা আনি চকৰি পেৰাত ৰখা, চকৰী ওলালে খৰিকাত বন্ধা, জুমুঠি জ্বলাই  যোৰা পতা চকৰা সময়ত আঁতৰাই দিয়া, খৰিকা চাকত ওলোমাই ৰখা, কণী ফুটিলে চোমগছত ওলোমাই বন্ধা সকলো কাম সি কৰিব পৰা হ'ল । কলপটুৱাৰে গাৰিবান্ধদি মহেনে বাটুল গুটি বনাই দেউতাকক সহায় কৰে । গুটিধনুখন সি বনাব নাজানে । দেউতাকৰ পৰা গুটিধনু মাৰিবলৈ শিকি ল'লে । প্ৰথমতে আঙুলিত লাগি দুখ পাইছিল যদিও পাছলৈ পাৰ্গত হ'ল । মহেনে কেটেপাখন বেছি ভাল পায় । এইদুটা বস্তু নহ'লে মুগা পুহিব নোৱাৰি । কাউৰী, দীঘলনেজী এৰাখাতী  আদি নানা চৰাইয়ে  পলু খাই শেষ কৰিব । ৰাতি বাদুলীৰ কাৰণে জাল, টিং আদি ওলোমাই ৰাখিব লাগে । মাকৰ মাতত তাৰ সম্বিত ঘূৰি আহিল । লৰালৰিকৈ পুখুৰীৰ পাৰত গৈ মুখ ধুই আহি আগফালৰ বেঞ্চ খনত বহি ৰঙা চাহ বাতি গুৰৰ লগত খালে । যোৱাবাৰ কমাৰবন্ধাৰ ফাললৈ মুগা সঁচ বিচাৰি যাওঁতে দক্ষিণ হেঙেৰাৰ পৰা গুৰ একলহ আনিছিল । সেইফালে বৰ ধুনীয়া গুৰ বনায় । বিশ্ববিদ্যালয়ৰ পঢ়া দিনৰ বন্ধু নৃপেনৰ দেউতাকে গুৰ কলহ দিছিল । টকা দিবলৈ বহুত জোৰ কৰোতেও ওলোটাই ভেকাহি মাৰি পঠালে । বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞানত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি আহি মহেনে প্ৰথমতে দুই এখন মহাবিদ্যালয়ত প্ৰবক্তাৰ সাক্ষাৎকাৰ দিছিল । তাৰপাছত গম পালে, এই সাক্ষাৎকাৰবোৰ ভেকোভাওনা । আগতেই স্থানীয় এজনক নিৰ্বাচন কৰি ৰাখে । তাৰপিছত মহেনে থিক কৰিলে সি আৰু চাকৰি নিবিচাৰে । দহখনমান উন্নত তাঁতশাল আনি স্থানীয় শিপিনীৰ দ্বাৰা এটা কুটীৰ শিল্প আৰম্ভ কৰিলে । লগতে মুগা আৰু এৰী পলু পোহা কাম চলি থাকিল । প্ৰথমতে বহুতে তাক বিশ্ববিদ্যালয়ত পঢ়ি আহি মুগাচুঙিয়া হোৱা বুলি উপলুঙা কৰিছিল । কিন্তু এবছৰৰ পাছত যেতিয়া তাৰ শালত বোৱা সুন্দৰ নিৰ্ভেজাল মুগা, এৰী কাপোৰে সমগ্ৰ অসমত জনপ্ৰিয়তা লাভ কৰিলে সকলোৱে তাক সমীহ কৰা হ'ল । ইতিমধ্যে কাটনী, শিপিনী কিছুমানক উন্নত প্ৰশিক্ষণ দিয়াই বিভিন্ন ধৰণৰ বস্ত্ৰ আৰু ঘৰুৱা সামগ্ৰী নিৰ্মাণ কৰিব ধৰিলে । নিজেও এবাৰ গুৱাহাটীলৈ গৈ কম্পিউটাৰ ডিজাইনত প্ৰশিক্ষণ লৈ এটা কম্পিউটাৰ কিনি আনিলে । নতুন ধৰণৰ কম্পিউটাৰৰ ডিজাইন কৰাৰ ফলত নতুন প্ৰজন্মৰ ভিতৰত মহেনৰ মুগা, এৰী কাপোৰে অভূতপূৰ্ব জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হয় ।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)