যদি সুযোগে টোকৰ নামাৰে-হেমেন হাজৰিকা

প্রখ্যাত লেখক মিণ্টেন বেৰ্লে কৈছিল যদি সুযোগে টোকৰ নামাৰে এখন দুৱাৰ নিৰ্মাণ কৰক  |
      সুযোগে উন্নতিৰ দুৱাৰ মুকলি কৰি দিয়ে | আগুৱাই যায় জীৱন | নহ'লে জীৱন স্থবিৰ হৈ যায় | সুযোগে টুকুৰিয়াবলৈ এখন দুৱাৰ লাগে | দুৱাৰ খুলি দিলেই সুযোগে প্রৱেশ কৰে | সেই সুযোগে বাট দেখুৱাই আগবঢ়াই লৈ যায় | সুযোগ আহিবলৈকো অৱলম্বন লাগে | সেই অৱলম্বন হৈছে দুৱাৰ | বন্ধ দুৱাৰেৰে সুযোগ সুমাব নোৱাৰে | সুযোগ নহয় একোৱেই সুমাব নোৱাৰে বন্ধ দুৱাৰেৰে | সুযোগ আহিলে ইচ্ছা জাগে | ইচ্ছা জাগিলে ইচ্ছাই এটা উজ্বল আৰু সুখী কেৰিয়াৰৰ দুৱাৰ মুকলি কৰি দিয়ে | সেই ইচ্ছাই পৰিশ্রমী হ'বলৈ শিকায় | পৰিশ্রমে সেই দুৱাৰদলি পাৰ হৈ আগুৱাই যায় আৰু সেই অনিৰুদ্ধ যাত্রাৰ শেষত আহে কৃতকাৰ্যতা 
       কৃতকাৰ্যতা ও হাতেৰে ঢুকি পোৱা নাযায় | তাৰবাবে কি কৰিব লাগিব সেয়া অকৃতকাৰ্যতাত ভোগা সকলে হৃদয়ঙ্গম কৰিব পাৰিব | তেতিয়া তাক আজুৰি আনিবৰ বাবে আমি অপেক্ষা কৰিব লাগিব সুযোগৰ | সুযোগ কিন্তু এবাৰেই আহে | সেয়েহে ইংৰাজীত কয়...Chance never comes twice. তাৰবাবে আমি নিৰ্মাণ কৰিব লাগে এখন দুৱাৰ | এৰা, দুৱাৰেই যদি নাথাকে তেন্তে টোকৰ পৰিব ক'ত ? নানান সমস্যাৰে ভৰা আমাৰ জীৱনটোত কিবা এটা কৰিবলৈ কিবা এটা হ'বলৈ সুযোগৰ অপেক্ষাত থাকোতেই যায় | সুযোগ আৰু নাহে | তেতিয়া কওঁ কিবা এটা হ'বলৈ সুযোগেই নাপালে | তেনে অনুশোচনাত দগ্ধ হয় হৃদয় | নিজে নিজে জ্বলি পকি মৰিব লাগে | আনৰ উন্নতিত | মই কিয় তেনে হ'ব নোৱাৰিলো | কাৰণ মোৰ জীৱনলৈ সুযোগেই নাহিল , সহযোগ নাপালোৱেই | নহ'লে মইও কিবা এটা হ'ব পাৰিলোঁ হয় |
       সুযোগ নাহিল বুলি আমি হাত সাবটি বহি থাকিলেটো নহ'ব | আমি আমাৰ বাবে সুযোগ নিজেই সৃষ্টি কৰি ল'ব লাগিব | কেতিয়াবা আমিও সুযোগৰ কাৰণ হ'ব পাৰো নিজা প্রচেষ্টাত | জীৱনৰ বাবে সুযোগ অৱশ্যম্ভাৱী | তাক সৃষ্টি কৰি ল'ব পাৰিলে জীৱনটো আমি সুন্দৰকৈ সজাব পাৰো | জীৱন ইমান সহজ নহয় | অকল জীয়াই থকাকে জীৱন নোবোলে | জীৱন এটা সুন্দৰভাৱে পৰিচালিত হ'বলৈ হলে বহু কিবা কিবিৰ প্রয়োজন হ'ব | পৰিপূৰ্ণ ভাৱে জীয়াই থকাটোও ডাঙৰ কথা | কিন্তু আপুনি জীয়াই থাকিব কেনেকৈ ? কেনেকৈ আপুনি নমৰালৈকে জীয়াই থাকিব সেইটো নিৰ্ভৰ কৰিব আপোনাৰ ওপৰত | আপুনি বেয়াকৈও জীয়াই থাকিব নোৱাৰে | কাৰণ আপোনাক ইতিকিং কৰিবলৈ ৰৈ আছে চকুচৰহাবোৰ |
       মই ভাবোঁ আপুনি জীয়াই থাকক আপোনাৰ মনৰ জোখাৰে | আন কোনেও আপোনাক সুযোগ আনি নিদিয়ে | কোৱা মানুহৰ শেষ নাই , নানা উপদেশ , ইটো সিটো বহুতো | কিন্তু আপোনাক জীৱনটো গঢ়াকৈ সুযোগৰ সন্ধান দিয়া সতীৰ্থজন আপুনি পাবনে বিচাৰি | তেতিয়া সকলোৱে লুকাব , নানা অজুহাত | কাৰণ আমি এতিয়াও বাপেক পুতেক আৰু গাধৰ পৰ্যায়তে আছোঁ | গতিকে মানুহে কি ক'ব সেইটো কথা চিন্তা নকৰি মই মানুহক ক'ব পৰাকৈ নিজকে প্রস্তুত কৰিব পাৰিছোনে অথবা মই কেনেকৈ প্রস্তুত কৰিছোঁ সেইটোহে হ'ব প্রকৃত কথা | সুযোগৰ বাবে সুযোগ সৃষ্টি কৰিব লাগে | যিদিনা সুযোগ আহি আমাৰ হাতত ধৰা দিব সেইদিনাৰ পৰাই মুকলি হ'ব আমাৰ অন্য এক পথৰ দুৱাৰ 
       সেই পথেৰে কেৱল আগুৱাই যাব লাগিব | পিছলৈ চোৱাৰ অৱকাশ নাথাকে | সেই পথেৰে আগুৱাই গৈ আমি থপিয়াই আনিব লাগিব জোন | সেই জোনৰ পোহৰত ক্ষন্তেক জিৰাব লৈ কাৰ নো মন নাযাব ? আহক তাৰ বাবে সৃষ্টি কৰি লওঁ সুযোগ  ।

   

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send