এক অবিশ্বাস্য মিমাংসা-চুমিন্দ্ৰ চৌধুৰী

©Admin
0
( সত্য ঘটনাৰ আলম লৈ )

১৯৯৯ চনৰ কথা হ'ব। অৰুণাচল প্ৰদেশৰ ইটানগৰত থকা  কেন্দ্ৰীয় মানৱ সম্পদ  মন্ত্ৰণালয়ৰ অধীনৰ "নৰ্থ-ইষ্টাৰ্ণ ৰিজিওনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকনলজি" চমুকৈ নেৰিষ্টত পঢ়ি থকাৰ সময়ত ঘটা এটা ঘটনা। তেতিয়া মই পঞ্চম বৰ্ষৰ মেকানিকেল ইঞ্জিনীয়াৰিঙত স্নাতকৰ ছাত্ৰ আছিলো ।  সচৰাচৰ ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰম দৰে নেৰিষ্টৰ পাঠ্যক্ৰম চাৰিবছৰীয়া নহয় । নেৰিষ্টৰ ইঞ্জিনীয়াৰিং পাঠ্যক্ৰম ছয় বছৰ ,চাৰি বছৰ আৰু আঢ়ৈ বছৰ তিনিটা বিশেষ মডুলাৰ আৰ্হিৰে আগবঢ়োৱ হয় ।  ১৯৮৬ চনতে প্ৰথমবাৰৰ বাবে শিক্ষাদানৰ পাতনি মেলা কেন্দ্ৰীয় চৰকাৰৰ এই বিশেষ অভিযান্ত্ৰিক মহাবিদ্যালয়খনত হাইস্কুল, উচ্চতৰ মাধ্যমিক আৰু ডিপ্লমা ইঞ্জিনীয়াৰিঙৰ শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলে তিনিটা বিশেষ বাছনি পৰীক্ষাৰ জৰিয়তে পাঠ্যক্ৰমত অন্তৰ্ভুক্তি হ'ব পাৰে ।  নেৰিষ্টৰ ছয় বছৰীয়া অভিযান্ত্ৰিক পাঠ্যক্ৰমক চাৰ্টিফিকেট (আই টি আই), ডিপ্লমা আৰু ডিগ্ৰী নামৰ তিনিটা বিশেষ মডুল ( পৰিমাপ খণ্ড) ত বিভক্ত কৰা হৈছে।  এজন ছাত্ৰই হাইস্কুলীয়া শিক্ষা সামৰিয়েই এন ই ই-১ বাছনি পৰীক্ষাৰ জৰিয়তে ছয় বছৰীয়া  অথবা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিজ্ঞান শাখাত উত্তীৰ্ণ হৈ  এন ই ই -২ বাছনি পৰীক্ষাৰ জৰিয়তেই চাৰি বছৰীয়া অভিযান্ত্ৰিক স্নাতক পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিব পাৰে । ডিপ্লমা ইঞ্জিনীয়াৰিঙৰ পাঠ্যক্ৰমৰ অন্তত ইচ্ছুক ছাত্ৰ ছাত্ৰীয়েও  এন ই ই-৩  বাছনি পৰীক্ষাৰ জৰিয়তে পাৰ্শ্বীয় ভাবে নেৰিষ্টৰ আঢ়ৈ বছৰীয়া অভিযান্ত্ৰিক স্নাতক পাঠ্যক্ৰমত নামভৰ্ত্তি কৰিব পাৰে ।       নেৰিষ্টত অভিযান্ত্ৰিক শিক্ষাৰ সমাপ্তিৰ আগে আগে  পঞ্চাশ দিনীয়া ঔদ্যোগিক প্ৰশিক্ষণ বাধ্যতামূলক আছিল ।  পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত বাধ্যতামূলক এই ঔদ্যোগিক প্ৰশিক্ষণৰ বাবে প্ৰাক্‌ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে কলিকতা, মুম্বাই, দিল্লী, চেন্নাই, হাইদৰাবাদ অথবা গুৱাহাটীৰ ওচৰে পাজৰে থকা ঔদ্যোগিক অনুষ্ঠান প্ৰতিষ্ঠান আদিলৈ  গৈছিল। পাছে অৰুণাচলৰ নিছি জনজাতিৰ সহপাঠী ছিভিল ইঞ্জিনীয়াৰিং শাখাৰ টাডৰ কাছোং-ৰ প্ৰস্তাৱক সন্মতি জনাই ত্ৰিপুৰাৰ সঞ্জীৱ, নাগালেণ্ডৰ ইলিমপছন, আন এজন নিছি বন্ধু ইয়াঙফু, কাছোং , মই আমি পাঁচজনে গেমন ইণ্ডিয়া লিমিটেডৰ ইয়াজালিৰ ৰঙানদী হাইড্ৰ ইলেক্ট্ৰিক প্ৰকল্পটোতেই আমাৰ পঞ্চাশ দিনীয়া ঔদ্যোগিক প্ৰশিক্ষণ লবলৈ সিদ্ধান্ত ললোঁ

     ১৯৯৯ চনৰ জুন মাহৰ ২৫  তাৰিখৰ  দিনাখন পুৱা যথাসময়ত আমি পাচঁজন সহপাঠীয়ে নেৰিষ্টৰ সন্মুখৰ নিৰজুলিৰ পৰা  জিৰ'ৰ ইয়াজালি অভিমুখে অৰুণাচল প্ৰদেশ ট্ৰেন্সপোৰ্ট ছাৰ্ভিচৰ বাছ এখনত উঠি দিলোঁ ।  আমাৰ বাছখন নিৰজুলিৰ পৰা চিধাই গৈ অসম আৰু অৰুণাচলৰ সীমান্তৰ কিমিন আৰক্ষী তালাচী প্ৰৱেশদ্বাৰেৰে ইয়াজালিলৈ বুলি অগ্ৰসৰ হৈছিল ৷ অকোৱা পকোৱা পাহাৰীয়া পথেৰে চেৰ, পটিন, পুচা, জেৰম আদি বিভিন্ন ঠাই অতিক্ৰম কৰি প্ৰায় চাৰি ঘন্টা পথ যাত্রাৰ অন্তত আমি ইয়াজালিৰ ওচৰৰ তীখাৰে নিৰ্মিত পিটাপুল ব্ৰীজৰ ওচৰত নামি দিছিলোঁ । পিটাপুলৰ পৰা এখন মালবাহী ট্ৰাকৰ পিছত বহি আমি পাচঁজন বন্ধুই কিন্‌ কিনিয়া বৰষুণ এজাক মুৰত লৈ একা বেকা দুৰ্গম পথেৰে গৈ অৱশেষত গেমন ইণ্ডিয়া লিমিটেডে বনাই থকা ৰঙানদী জল বিদ্যুত প্ৰকল্পৰ নদীবান্ধৰ কাৰ্যালয়ত উপস্থিত হৈছিলো গৈ । প্ৰকল্পটোৰ কাৰ্যালয়ত গৈ পোৱাৰ লগে লগে গেমন ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰকল্প পৰিচালক জনে তত্পৰতাৰে অনাগত পঞ্চাশ দিনৰ বাবে আমাৰ থকা খোৱাৰ ব্যৱস্থা কৰি দিছিল । পাচঁজনৰ বাবে আগতীয়াকৈ  আটোম টোকাৰি কৈ সজাই পৰাই সাজু কৰি থোৱা আৱাস গৃহটো পাই আমি মনতে খুব আনন্দ পাইছিলোঁ । লগতে প্ৰকল্পটোৰ অফিচাৰ মেচত আমাৰ খোৱা বোৱাৰ ব্যৱস্থা  কৰি দিয়াৰ মনে মনে আমি গৌৰৱবোধো কৰিছিলোঁ ।  ২৬ জুনৰ পৰা আমাৰ প্ৰশিক্ষণ আৰম্ভ হৈছিল।  মই আৰু সঞ্জীৱ আছিলো মেকানিকেল ইঞ্জিনীয়াৰিঙৰ ছাত্ৰ গতিকে আমাৰ দায়িত্ব আছিল প্ৰকল্পটোৰ ওৱৰ্চপত আনহাতে কাছোং ,ইয়াঙফু আৰু ইলিমপছন ছিভিল ইঞ্জিনীয়াৰিং শাখাৰ আছিল বাবে তাহাঁতৰ দায়িত্ব আছিল নদীবান্ধ আৰু দলং বনাই থকা ঠাইত। ৰাতিপুৱাই নাস্তা কৰি ওলাই যোৱাৰ পাছত দুপৰীয়া আমি পাচঁজন বন্ধু একলগে মেচত আহাৰ খাই পুনৰ নিজৰ নিজৰ কামত ওলাই গৈছিলো। বাৰিষাৰ বতৰ আছিল বাবে কেতিয়াবা একেধাৰে হোৱা ধাৰাষাৰ বৰষুনৰ বাবে প্ৰকল্পটোৰ আবাস গৃহতে ব্যস্ত থাকিব লগীয়া  হৈছিল ।বিশেষকৈ ৰবিবাৰ আৰু শনিবাৰে সাপ্তাহিক বন্ধৰ দিনাখন বৰষুণৰ পাছত গৰমত  গুপগুপাই থকা আৱাসটোত সোমাই থকাটো একেবাৰেই অসহ্যকৰ হৈ উঠিছিল । তেতিয়া আৱাস গৃহটোৰ নাতিদুৰৈত থকা দোকানদুখনৰ লগতে থকা একমাত্ৰ ভিডিঅ' হলটোত গৈ দহ টকা খৰচ কৰি পুৰণিকলীয়া হিন্দী চিনেমা এখন চোৱাক বাদে আৰু আন উপাই নাছিল । কেতিয়াবা আকৌ আৱাসটোৰ পাছফালে থকা মুকলি পকী চোতালখনত ওচৰৰ নিচি জনজাতি গাঁওখনৰ পৰা অহা কন কন লৰা-ছোৱালীবোৰে গুবৰুৱা পোঁকবোৰ ধৰি হালবাই খেতি কৰা  আদি খেলাৰে উমলি থকা চায়েই সময় অতিবাহিত কৰিব লগীয়া হৈছিল ।  কিয়নো আমি থকা আৱাসটোৰ ওচৰে পাজৰে কোনো বজাৰ-সমাৰ অথবা জনবসতিও নাছিল। তদুপৰি নদীবান্ধৰ  বাবে পাহাৰ খনন কাম চলি থকাত  কেউদিশে বাৰিষাৰ বতৰত অজস্ৰ বিষাক্ত সাপ-নেউল উলাই ফুৰিছিল । তাৰমাজতে সহপাঠী কাছোঙে এদিন শনিবাৰে ৰঙানদী প্ৰকল্পৰ পৰা সমীপৱৰ্তী দূৰৈৰ নিচি জনজাতি গাঁওখনৰ গাঁওবুঢ়া জনৰ ঘৰলৈ ফুৰাবলৈ নিলে । গাঁওবুঢ়া জনৰ জোৱায়েক জন কাছোঙৰ নিজৰ পৈতৃক গৃহ চায়েঙটাজোৰ নিৱাসী। সেই সূত্ৰে কাছোঙকো গাঁওবুঢ়া তথা গাঁওখনে এজন জোৱাইৰ দৰে মৰম আৰু স্নেহৰ চকুৰে চাই।  মই যিহেতু কাছোঙৰ বন্ধু গতিকে গাওঁবুঢ়াৰ ঘৰৰমানুহে জোৱাই বুলি সম্বোধন কৰাত মোৰো ডেকা মনটোৱে কিবা এক বুজাব নোৱাৰ  অনাবিল আনন্দ লাভ কৰিছিল । তাতে আকৌ সেই নিচি গাওঁবুঢ়াজনৰ তিনিজনী সুনদৰী গাভৰু কন্যা আছিল। গতিকে এৰাল চিগা বয়সত গাওঁবুঢ়াই জোৱাই বুলি মতাত গাভৰু কেইজনীৰ আগত নিজৰ মনটো চঞ্চল আৰু ৰোমাঞ্চিত হৈ পৰাটো স্বাভাৱিক আছিল । ইটো সিটো কথা বতৰাৰ মাজতে গাওঁবুঢ়াই বন্ধু কাছোঙক  অষ্টম শ্ৰেণীত পঢ়ি থকা বুঢ়াৰ সৰু ছোৱালীজনীক সময় পালেই গণিত আৰু বিজ্ঞান খিনি অলপ পঢ়াই দিবলৈ ক'লে।  কাছোঙে গাওঁবুঢ়াৰ প্ৰস্তাৱটো শুনি একেকোবেই মোৰ ফাললৈ ঠেলি দি কলে যে গণিতত মোতকৈও মোৰ হাৰেঙ ( অনা অৰুণাচলী ) আজিং ( বন্ধু )জনে বেচি ভালদৰে পঢ়াব পাৰিব। গতিকে আচ্চে (মহাশয়) আপোনাৰ আপত্তি নাথাকিলে মোৰ অসমীয়া আজিং জনে ভনীটি কাটোক ঢোলক 
।ড হসমচকফ ঠগন  বুজি পঢ়াবলৈ আহিব ।  কাছোঙৰ প্ৰস্তাৱটো শুনি গাওঁবুঢ়াই  গল খেকাৰি এটা মাৰি  সন্মতি জনোৱাত মোৰ মনটো ভালেই লাগিছিল।  কমচেকম সন্ধিয়াৰ সময় খিনি ভালদৰেই কটি যাব আৰু সুস্বাদু নিচি খাদ্যও বিনামূলীয়াকৈ খাবলৈ পোৱা যাব। 
 যি কি নহওঁক সেইদিনাখন গাওঁবুঢ়াৰ ঘৰলৈ গৈ লাই শাকেৰে সিজোৱা মিথুনৰ মাংস আৰু মাৰুৱা আপং ( অৰুণাচলী ফটিকা ) ডিঙিৰ গুৰিলৈ খাই ৰাতি ন'মান বজাত কাছোঙ আৰু মই প্ৰকল্পটোৰ আবাস গৃহলৈ উভতি আহিছিলোঁ ।
পিছদিনাখনৰ পৰা নিতৌ গধুলি প্ৰশিক্ষণৰ পৰা উভতি আহি নদীবান্ধৰ কামত চলাচল কৰি থকা ডাম্পাৰ, বস্তুবোজাই কৰি অনা ট্ৰাক অথৱা চিনাকী অচিনাকী লোকৰ মটৰ চাইকেল আদিৰ পাছত বহি গাওঁবুঢ়াৰ সৰু জীয়েক কাটোক পঢ়াবলৈ যোৱা আৰম্ভ কৰি দিছিলোঁ । গাওঁবুঢ়াৰ তিনিজনী গাভৰু ছোৱালীৰ সান্নিধ্যত সন্ধিয়াৰ সময় খিনি খুবেই ভাল লগা হৈ পৰিছিল আৰু  ইয়াজালিত অতিবাহিত কৰা প্ৰশিক্ষণৰ দিনবোৰো খৰতকীয়া গতিত আগুৱাব ধৰিছিল।  
এদিন সন্ধিয়া কাটোক পঢ়াই থকাৰ মাজতেই গাওঁবুঢ়াৰ ঘৰৰ পদূলিত কিবা হুলস্থুল লগা উমান পাই কাটো,মই আৰু ঘৰৰ বাকীবোৰ সদস্য ওলাই আহিলোঁ ।  ৰাস্তাৰ বিজুলীৰ  তাৰত ওলমি থকা লাইটৰ পোহৰত এজন মানুহে  কাণত ধৰি আঠু কাঢ়ি গাওঁবুঢ়াক কিবা অনুনয় বিনয় কৰি থকা পৰিলক্ষিত হৈছিল।  ওচৰ চাপি বুজিছিলোঁ যে ৰঙানদী প্ৰকল্পটোত কৰ্মৰত এজন ডেচুৱালী ট্ৰাক ড্ৰাইভাৰে এন্ধাৰতে গাওঁবুঢ়াৰ পদুলিৰ সন্মুখতে প্ৰাস্ৰাৱ কৰি আছিল।  দুৰ্ভাগ্যবশত আকস্মিক ভাবে বিজুলী সৰবৰাহ চালিত হোৱাৰ লগে লগে ড্ৰাইভাৰজনে সৰুপানী চুই থকা কথাটো গাওঁবুঢ়াই প্ৰত্যক্ষ কৰিলে।  লগে লগে গাওঁবুঢ়াই ড্ৰাইভাৰজনক ধৰি আনি ঘৰৰ পদূলিত প্ৰাস্ৰাৱ কৰাৰ বাবে তৰ্জন গৰ্জন কৰিব ধৰিছিল।  ডেচুৱালী ড্ৰাইভাৰজনে ভয়তে পেপুৱা লাগি গাওঁবুঢ়াক ক্ষমা কৰি দিবলৈ খাটিছিল।  তাৰ মাজতে কোনোবা এপাকত ঘৰৰ  ভিতৰত গৈ গাওঁবুঢ়াই ডিঙিত পৰম্পৰাগত দীঘল দীঘল নিচি দাখন ওলোমাই আহিছিল।  গাওঁবুঢ়াৰ ডিঙিত ওলমি থকা ভালুকৰ  চালৰ খাপত সোমাই থকা দীঘল দা খন দেখি ড্ৰাইভাৰজনে মুধাচিত দিছিল ।  কাৰণ নিচি সকলে সামান্য কথাটো দা দি ঘপিয়াই দিয়াৰ নজিৰ আছে।  পৰিস্থিতি ক্রমে বেয়াৰ ফালে ঢাল খোৱাৰ উমান পাই অৱশেষত মই সংঘাতৰ মিটমাট কৰিবলৈ আগবাঢ়িব লওতেই কাটোই মোৰ হাতখনত খামুচি ৰখাই কানে কানে কৈছিল, আচচে   আপুনি একো নক'বি।  আবৌৰ এতিয়া প্ৰচণ্ড গুচ্চা (খঙ) উঠি আছে । হ'লে ভি  আবৌৱে মাৰধৰ নকৰিব । কাটোৰ কথাত মই ৰৈ দিছিলোঁ ।
হঠাত সকলোকে আচৰিত কৰি গাওঁবুঢ়া স্বাভাৱিক অৱস্থালৈ ঘূৰি আহি নিম্ন স্বৰেৰে ড্ৰাইভাৰজনক উদ্দেশ্যি কৈছিল,  ঠিক আছে মই তোক চাৰি ( এৰি ) দিব । কিন্ত একটা স্বৰ্তত ।  তই যিদৰে প্ৰাস্ৰাৱটো মোৰ ঘৰৰ সন্মুখতে পেলাইছে ঠিক তেনেদৰে তাক ওৱাপছ ( উভটাই ) লৈ লবি । গাওঁবুঢ়াৰ অদ্ভুত অসম্ভৱ সিদ্ধান্ত শুনি ড্ৰাইভাৰজনৰ লগতে  মইয়ো হতচকিত হৈ পৰিছিলো।  ওলাই যোৱা প্ৰাস্ৰাৱকন কিদৰে বাৰু পুনৰ শৰীৰৰ ভিতৰত উভটাই ল'ব পাৰি ? গাওঁবুঢ়াই শুনোৱা এই শাস্তি পালন  কৰাটো অসম্ভৱপৰ  লগতে অমানৱীয়  আছিল । গতিকে মানবীয়তাৰ খাটিৰত মাত মতাৰ সিদ্ধান্ত লৈ যিমান পাৰো শান্ত ভাবে ক'লো, আচ্চে আপোনাৰ পদূলিত হাৰেঙ ড্ৰাইভাৰ লৰাটোৱে যি গলতি ( ভুল) কৰিলে সেইটো বহুত বেয়া হৈছে।  এইটোৰ শাস্তিটো হ'বই লাগে  । কিন্ত আপুনি দিয়া শাস্তিটোতকৈ মই এটা বেলেগ শাস্তিৰ কথাহে ভাবিছো।  যদি আপুনি অনুমতি দিয়ে কব বিচাৰিম। 
মোৰ কথা শুনি ক্ষনিকৰ বাবে আটাইকেইজনে মোৰ ফালে উৎকণ্ঠাৰে ৰহ লাগি চাইছিল ।  গাওঁবুঢ়াৰ পৰা ইংগিত পোৱাৰ মাত্ৰ কে কলো, আপোনাৰ ঘৰলৈ সদায়েই আহিবলৈ আৰু উভতি যাবলৈ মোৰ বহুত অসুবিধা হয়।  কেতিয়াবা বহুত দেৰিলৈ ডাম্পাৰ অথৱা ট্ৰাক একোৱেই নাপাওঁ । গতিকে শাস্তি স্বৰূপে এই ড্ৰাইভাৰজনকে মোৰ অনা নিয়াৰ ব্যৱস্থাৰ দায়িত্ব দিয়ক। 
     মোৰ প্ৰস্তাৱক সমৰ্থন জনাই গাওঁবুঢ়াই চোবাই থকা তামোলৰ পিক খিনি দূৰলৈ চিটিকি পেলাই কৈছিল, ঠিক আছে  জোৱাইৰ কথাটোৱেই হওঁক ।  আজিৰ পৰা জোৱাইক সদায়েই সন্ধিয়া অনা নিয়াৰ  দায়িত্ব তোৰ । গঢ়বঢ়  কৰিলে কিন্তু লম্বা দাৰ পৰা কাটিব । ডেচুৱালী ড্ৰাইভাৰজনে অনাকাংক্ষিত সংঘাতৰ পৰা ৰক্ষা পেলোৱাৰ বাবে কৃতজ্ঞতা জনাই মোক আবাস গৃহত নমাই থৈ গৈছিল ।  কাটোৰ লগতে  বাকী দুজনী ছোৱালীয়েও সেই দিনাখন গাওঁবুঢ়াৰ খং দমাই সমস্যাৰ সমাধান কৰা বাবে মোক ধন্যবাদ জ্ঞাপন কৰিছিল । 
সেই ঘটনাৰ পাছত বিগত বছৰ বোৰত পাহাৰ আৰু ভৈয়ামৰ মানুহৰ মাজত কেতিয়াবা কিবা কাৰণত  সংঘাতৰ সৃষ্টিৰ হলেই মোৰ ইয়াজালিৰ সেই কঠোৰ হৃদয়ৰ গাওঁবুঢ়া জনৰ কথা মনত পৰে। আমি প্ৰতিবাদী মনোভাৱৰ সলনি যদি অনুকম্পা আৰু সহানুভূতিশীল হৈ পৰস্পৰে পৰস্পৰক অকণমান বুজিব অথৱা বুজাব চেস্তা কৰো তেতিয়া হয়তো বহুতো অনাকাংক্ষিত সংঘাত এৰাই চলিব পৰা যাব । এই ক্ষেত্ৰত ভৈয়ামৰ লোক সকল বেচি স্পৰ্শকাতৰ হোৱাৰ দৰকাৰ বুলি ভবাটো থল আছে। 


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)