এতিয়া মই নিচাত আছোঁ
মই ঘূৰি ফুৰিছোঁ
পৃথিৱীৰ অৰঙে-দৰঙে
এই অষ্ট্রিয়া , আমেৰিকা
সিন্ধু-ভাৰত-মহাসাগৰ
আৰব-আফ্রিকা
যদি আপুনি
কিবা কৈছে
মই একো শুনা নাই
অন্য একো দেখা নাই
ভাত খাইছোঁ নে
পানী খাইছোঁ
তাকো জনা নাই
কেৱল ঘূৰি ফুৰিছোঁ
আঁতৰাব নোৱাৰোঁ চকু
একো নুশুনো
একো নুবুজো
কিযে নিচা
লৰচৰ কৰিব নোৱাৰোঁ
একো নক'ব
খং উঠিব পাৰে
নাখাব পাৰোঁ মদ
ভাং , গুটখা , চিগাৰেট
কিম্বা ড্রাগছ্
তথাপি মই এতিয়া
নিচাত আছোঁ , গভীৰ নিচা ।
✍🏻হেমেন হাজৰিকা
মিৰ্জা