তাত বলিছে শৰীৰ জঠৰ কৰা এজাক চেঁচা বতাহ ;
সেই পাহাৰৰ বুকুতে ছটফটাই আছে গৰম লাভাৰ কুণ্ড ,
এই যেন উদ্গিৰণ হওঁ হওঁ......!!!
আৰু মই লৰচৰ কৰিব নোৱাৰাকৈ থিয় হৈ আছোঁ পাহাৰৰ টিলাটোত ।
তেতিয়া ভৱিষ্যৎ মোৰ হাতৰ মুঠিত লুকাও লুকাও....!!!!
যদিও চৌপাশে মোৰ চকুহালে বিচাৰি ফুৰিছে
এডাল অলৌকিক জখলা(?)
কিজানিবা অতিক্ৰম কৰিব পাৰি এই অন্ধকাৰ নিৰাশা.......!!!
*✍নিহাল গগৈ*
*শিৱসাগৰ*