মন ৰাই-জাই ,
জুমি চাই দেখা পাওঁ
আকৌ শৰৎ পদূলিত।
শৰৎ অহাৰ বতৰাই
সকলোৰে দেহা-মন পুলকিত কৰিলে ,
মা-দুৰ্গাক আদৰণিৰ পূৰ্ণোদ্যম আয়োজন।
শৈশৱৰ পৰাই পূজা বুলিলে মনত অলেখ হেঁপাহ ,
নীল আকাশ শুকুলা মেঘেৰে ভৰা
অপৰূপ দৃশ্য চাই সকলোৰে মন ভৰে।
শৰৎ অহাৰ বাতৰি পাই কঁহুৱাৰ গাত তৰণি নাই
হালি-জালি কিমান যে অভিনয় ,
কবিয়ে সুৰুঙা পাই কঁহুৱাক লৈ লিখে কবিতা ।
প্ৰখৰ ৰ'দ ও স্তিমিত শৰৎ অহাত ,
নৈ , বিলৰ পানী ধীৰ প্ৰশান্ত ,
বাটেও পোৱালি মেলিছে ,
জগত খনৰ সকলোৰে
হৃদয় উলাহে নধৰা
আকৌ শৰৎ পদূলিত ।
✍🏼মমিতা ভট্টাচাৰ্য্য
৩/১০ ২১
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ