কটনৰ দেৱব্ৰত শইকীয়া-নেহাশ্ৰী নাথ

Rinku Rajowar
0
কটনৰ দেৱব্ৰত শইকীয়া;
তোমাক পাবলৈ ভীষণ হাবিয়াস জানা!
হীৰুদাৰ শ্ৰদ্ধাঞ্জলীলৈ নাহিলা যে ?
কবিতা ভাল নোপোৱা নেকি?
মেঘাই থকা সন্ধিয়াত তুমি বাৰু
চিগাৰেটৰ কথা ভাবা নে একাপ চাহৰ?
নে মোৰ দৰেই বৰষুণ এজাক আহক বুলি সুখবোৰ থূপাই থাকা।
ৰাতিবোৰত তোমাৰ বেদনা গধুৰ হয়নে ?
শ্বিলঙৰ মনালিছাৰ প্ৰেমত পৰা নে ?
কোনোবাই ছোৱালীৰ নাম লৈ জোকালে 
তোমাৰো মুখত লাজবোৰে ভিৰ কৰেহি নেকি ?
নে তাই 'চেটিং' হৈ গ'ল বুলি 'বিয়েৰ'ৰ পাৰ্টি দলিয়াই দিয়া?
উফফ..
কিমান যে প্ৰশ্ন তোমালৈ...।
কটনৰ দেৱব্ৰত শইকীয়া;
তোমাক পাবলৈ মোৰ ভীষণ হাবিয়াস জানা...!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)