অভিমানী প্ৰেমৰ গাঁ‌থা-ৰশ্মি ৰেখা ফুকন কাকতি

Rinku Rajowar
0
তুমি জানানে, যে তোমাৰ অভিমানবোৰৰ মাজতে
মোৰ শব্দবোৰ বিলীন হৈ আছে ?
তোমাৰ অভিমানৰ আঁ‌ৰত
দোলা দি আছে মোৰ অনুভৱবোৰে!
তোমাৰ অভিমানত বিলীন হৈ আছে মোৰ আঙুলিৰ বুলনি !
সেয়ে বাৰে বাৰে কওঁ ,
তুমি অভিমানী বাবেই মই 
অভিমান লালসা!
তোমাৰ অভিমানী মনটোক 
তেনেদৰেই থাকিব দিয়া।
তোমাৰ অভিমানবোৰ খামুচি ৰাখিলে, 
আঙুলিৰ বুলনিৰে  
তাতেই লিৰিকি বিদাৰি 
অনুভৱবোৰ আলফুলে বুটলি আনি শব্দৰ মায়াৰে সজাই তুলিম!
গাঁঠি ৰাখিম 
তোমাৰ মোৰ অনুভৱী ঠিকনা !
সৃষ্টি কৰিম অভিমান জোৰা একোটা পৃষ্ঠা!
যাৰ শিৰোনাম হ'ব 
অভিমানী প্ৰেমৰ গাঁ‌থা"!


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)