মৰম লবা। আহিনৰ আবতৰীয়া বতাহজাকে কোবাই যোৱাৰ সময়কণতে এটি সপোন হৈ মোৰ বুকুত ধৰা দিছিলাহি তুমি। আপুনিৰ পৰা তুমি হোৱাৰ ক্ষণতে লহপহকৈ বাঢ়ি আহিছিল ভালপোৱাবোৰ। সপোনবোৰে সংগোপনে বাট বুলিছিল একা বেকা পথটোৰে। তোমাৰ নীলা নীলা টনা চকুযুৰিত মুঠি মুঠি ভালপোৱাবোৰ সিঁচি দিছিলো হেঁপাহ পলুৱাই, আলফুলে সপোনবোৰ তোমাৰ দুহাতত তুলি দিছিলো তুমি সযতনে ৰাখিবা বুলি ! আজিও মাজে মাজে সাঁথৰ সাঁথৰ লাগে তোমাক ! তুমিটো জানাই মই ভালপোৱাৰ নামত নিবিচাৰো কোনো নিৰ্জন পাৰ্ক অথবা ৰেষ্টোৰাৰ এচুক; কিন্তু কিয় জানো তুমি বাৰে বাৰে বিবস্ত্ৰ হোৱা মোৰ উদাসীনতা বোৰৰ মাজত।
জানা মেঘা বহুত নিলিখো তুমি আমনি পাবা। কিন্তু কিয় জানো তোমাৰ ঢৌ খেলা চুলিটাৰিত আবেলিৰ বেলিটি অংকন কৰিবলৈ বৰ উৎকণ্ঠিত হৈ ৰৈ আছোঁ.... হয়তো সময়ে এদিন সাহস দিব। বিশেষ নাই!
ইতি..
তোমাৰ
মনদ্বীপ
✒️ ৰঞ্জিত শৰ্মা ৰাজ
ছিপাঝাৰ, দৰং।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ