সৰাপাতৰ সুৰ বিচাৰি - নীভা লয়িং

Aditi Tanti
0
মন পৰশা মোৰ গাঁও খনিলৈ
নিজানতে বহি অলেখ স্মৃতি সোঁৱৰি য'ত পাৰ হৈছিল মোৰ শৈশৱ, 
মনৰ মাজত জিৰি জিৰি কৈ বৈ আছে অলেখ সুৰৰ লহৰ।
এইদিনবোৰ সোঁৱৰি শান্তিৰ নিশ্বাস পাওঁ।
বিৰিখৰ সৰাপাতে সুহুৰি বতাহত উৰে।
এজাক বৰষুণৰ পৰশত য'ত সেউজীয়া হয় পথাৰ বোৰ।

বৰবিলৰ স্মৃতিবোৰ অ'ত ত'ত সিঁচৰিত হৈ আছে।
বৰবিলৰ পাৰৰ নল-খাগৰিবোৰ চোন নোহোৱা হ'ল,
আজিকালি আহুধানৰ সলনি বড়ো ধানৰ খেতিহে কৰে।
বৰবিলৰ পাৰৰ এজাৰ জোপাই বহু কথাই কয়।
শাওনৰ পথাৰত ভূঁই ৰোৱা
ক্লান্ত দেহাটি এজাৰ জুপিৰ
তলতে জুৰায়‌।

শাওনৰ সেউজীয়াবোৰ 
আঘোণত হালধীয়া হয়।
ৰোৱনী বায়ে দাৱনী ৰূপত
পুৱাৰ ৰ'দালীৰ সৈতে বাটবুলি
ৰান্ধনী বেলিক বিদায় জনাই
মুনিচুনি বেলাত গৰখীয়াৰ
বাঁহীৰ সুৰে সন্ধিয়া নমাই।সন্মুখৰ দিচৈ নদীখনেও বহু কথাই কয়।

শৈশৱৰ আদি -পাঠ
যৌৱনৰ সুৰভি,
দিচৈ নৈ পাৰৰ আবেলি
সৰিয়হ ফুলৰ সুবাসে
মতলীয়া কৰিছিল মন।

নিৰ্জনত নিজান
দিচৈৰ তীৰত এজাক বগলী
নীল আকাশত হেৰাই,
লগৰীয়াহঁতৰ লগত নদীৰ পাৰৰ 
ধেমালি সময়ৰ খোজত হেৰাই।
চিনিব পৰাৰ পৰা চিনাকি মানুহবোৰ হেৰাই গৈছে।

ঋতু আহে আৰু যায়,
প্ৰকৃতিৰ ৰূপ ৰস সলায়।
এয়ে প্ৰকৃতিৰ লগত খোজ মিলাই
সেউজীয়া কৰিলো মন।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)