মেঘৰ মাদলৰ চেৱে চেৱে
চিকমিক বিজুলীয়ে জুনুকা বজায়,
পবনে আহি নাচোনৰ লহৰ তুলি
ধৰালৈ প্লাৱন আনে।
অশান্ত মনৰ ঘৰ্মাক্ত দেহাটি,
ক্ষন্তেকতে পেলাই দিয়া জুৰ।
চিপচিপ পানী আৰু মৃদু পৱনে,
জীপাল কৰিছা হি ধৰাৰ বুকু।
আছিলা তুমি ডাৱৰ হৈ ওলমি
মেঘ হৈ লুকা-ভাকু খেলি,
ঘণীভূত হৈ নামিলা দ্ৰুত গতিত,
সেউজীয়া কৰিলা ধৰণী।
আছিলা তুমি নিজৰা হৈ ভ্ৰমি,
নৈ হৈ সাঁতুৰি-নাদুৰি ফুৰি
সাৰুৱা উপত্যকা গঢ়ি,
মিলিলা তুমি সাগৰ-মহাসাগৰত।
তৰল হৈ থাকোঁতে
তুমি বাষ্প হৈ বায়ুত মিলি,
হ'লাগৈ তুমি আকাশৰ মেঘৰ মাদল যুতি।
তুমি বৰষুণ হোৱা দহৰ বাবে, সেউজীয়া ধৰিত্ৰীৰ আৱৰণৰ বাবে।
মনৰ উদাৰতা আৰু বিশালতাই
ধুই সমাজৰ কলোকিত,
দীপ্ত হয় প্ৰণয় সুৰুজৰ চাকি,
তুমিও প্লাৱিত হৈ সাৰুৱা কৰা পথাৰ।
তুমি এনেদৰে অহা আৰু যোৱা
মেঘৰ নাম লৈ, সিঁচি দিয়া এমুঠি প্ৰেমৰ কঠিয়া।
মনুষ্য জীৱনৰ গতিও একে
তোমাৰ দৰে,
অহা আৰু যোৱা
জন্ম আৰু মৃত্যুৰ
মাজেৰে ৰূপান্তৰিত হৈ,
এজাক বৰষুণ হয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ