স্বৰ্গদেউ-দিম্পী গগৈ

অসমীয়া সাহিত্যৰ চানেকি
0
1225 খৃ :ত মাওলুঙ ত্যাগ কৰি 
অসমকে আঁকোৱালি 
সকলোকে এক কৰি ৰাখিছিল তাহানি
জানানে আজি তেওঁক অসমৰ অসমীয়াই 
কাৰ কাণত ৰিঙিয়াই তেওঁৰ এটি মাত,
সকলোকে এক কৰিলে নামানিলে জাত - পাত 
দিছিল পৰিচয় বৰ অসমৰে অসমীয়া আমি এটাই জাতি।


সময় পাৰ হ'ল 
সকলোবোৰ হেৰাই ৰ'ল
সাতভনী আৰু অসমখন সৰু হ'ল
বৰ অসমৰ অস্তিত্ব আজি ক'ত
হেৰাই ৰ'ল 
শেষত কাৰ সপোনবোৰ চূৰমাৰ হ'ল,


পাৰিবনে কোনোবাই আহিবনে ওলাই
সোণৰ  অসমখন গঢ়িবলৈ পুনৰাই
বিশাল মনৰ মহান ব্যক্তিয়ে
সোণৰ অসমখন গঢ়াত কৰিবনে সহায়।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)