০১- অক্টোবৰ - ইতিহাসত আজিৰ দিনটো

  • আজি অসম পুলিচ দিৱস 
  • ৩৩১ খ্ৰীষ্টপূৰ্ব - আলেকজেণ্ডাৰ দা গ্ৰেটে গৌগামেলাৰ যুদ্ধত পাৰ্চিয়াৰ ডাৰিউছ তৃতীয়ক পৰাস্ত কৰে।
  • ১৯০৮ - হেনৰী ফৰ্ডে মডেল টি কাৰ প্ৰৱৰ্তন কৰে, মূল্য ৮২৫ ডলাৰ আছিল।
  • ১৯৫৮ - নাকাৰ (NACA) নাম সলনি কৰি নাছা (NASA) কৰা হৈছিল। ইয়াৰ আগতে National Advisory Committee for Aeronautics বা চমুকৈ NACA নামেৰে জনা গৈছিল।
  • ১৯৬৪ - টকিঅ অলিম্পিকৰ লগত সংগতি ৰাখি জাপানত ঘণ্টাত ৩২০ কিলোমিটাৰ বেগত বুলেট ৰেলৰ প্ৰচলন আৰম্ভ কৰা হৈছিল।
  • ১৯৮২ - চনীয়ে জাপানত প্ৰথম চিডি প্লেয়াৰ লাঞ্চ কৰিছিল। সেই সময়ত ইয়াৰ মূল্য আছিল ৫০ হাজাৰ টকা।
  • ২০০০ - চিডনীত অনুষ্ঠিত অলিম্পিকৰ সামৰণি হৈছিল।

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send