সূৰ্যোদয়-খণ্ড নং-১৯ নাহৰৰ চিৰিলা চিৰিলি পাত-৮

পংখী মৰাণ
0

    (১) 
অৱশ্যে সকলোৰে ৰুচি সুকীয়া।"যি খায় চাধা সৰস্বতীৰ আধা। যি নাখায় চাধা গৰুতকৈ গাধা।" কথাষাৰ মন কৰিবলগীয়া। ঐ কাম এৰি গৈ কামত নধৰ। কাহিনীলৈ আগবাঢ়। মই আকৌ নাহৰৰ দেশলৈ মনটো ওলোটাই আনিবলৈ চেষ্টা কৰিছোঁ। কেম্পাচটোৰ প্ৰতিচ্ছবি মনত আঁকিছোঁ। সেউজীয়া সেউজীয়া লাগি যায়। ৰূপকোঁৱৰলৈ মনত পৰে-
"সেউজী সেউজী সেউজী অ'
সেউজী ধৰণী ধুনীয়া ।

সোণোৱালী শইচৰ
পথাৰ কোলাত শোভে
ৰ'দালিৰে ফুল-ফল সেন্দূৰীয়া... "

যিয়ে এবাৰ পঢ়ি যায় । সিয়েই পাহৰি যাব নোৱাৰে। ধৰণীখন সেউজীয়া হৈ পৰে।আত্মাত সোমাই পৰে। ডিয়ুৰ প্ৰতিপল অনুপল। মনলৈ বহুত কিবা কিবি ভাঁহি আহিছে। যেন মই চৌপাশটোত চাইকেল চলাই তন্ন তন্নকৈ চাব ধৰিছোঁ। জেষ্ঠ, কনিষ্ঠ, অভিজ্ঞ দুই-চাৰিজনৰো সহায় ল'ম। গ্ৰন্থ অধ্যয়ন বাঞ্ছনীয়। বিশ্ববিদ্যালয়ৰ অধ্যাপক/অধ্যাপিকাই ভাষা-সাহিত্য-সংস্কৃতিৰ বিশেষ দিশত পাৰ্গত। লগতে সেই দিশটো বহুদূৰ আগবঢ়াই নিছে ; নিছিল। সাহিত্য,ইতিহাস,ভ্ৰমণ দিশত ড° নগেন শইকীয়া,সংস্কৃতি, লোকসাহিত্যৰ দিশত ড° লীলা গগৈ, জীৱনমুখী চিন্তা-চৰ্চাৰ দিশত প্ৰহ্লাদ কুমাৰ বৰুৱা, মহেন্দ্ৰ বৰাৰ সাহিত্যৰ কবিতা, ছন্দ ইত্যাদি দিশত, লোক-সংস্কৃতিৰ দিশত কেশৱানন্দ দেৱ গোস্বামী, বিশ্বসাহিত্য,অনুবাদ,সাহিত্য ড° বসন্ত কুমাৰ গোস্বামী,অসমৰ ভাষাৰ দিশত ড° ভীমকান্ত বৰুৱা, শিশু সাহিত্য, ভ্ৰমণ ৰ দিশত ড° কৰবী ডেকা হাজৰিকা ইত্যাদি। সম্প্ৰতি কৰ্মৰত ছাৰ/বাইদেউ সকলেও নিৰ্দিষ্ট এটা সুঁতিক প্ৰতিনিধিত্ব কৰি আছে। 

    (২) 
ল'ৱা ক । অ কৈ যা। সাংস্কৃতিক অনুষ্ঠান। 
অ। দুজনী ছোৱালী য়ে হাতে হাতে ধৰি নাচি যাব। একক অভিনয় বেছিকৈ দেখা পাব। ডিয়ুৰ ভিতৰৰ খৰ্গেশ্বৰ তালুকদাৰ খেলপথাৰতে সকলো দলে শাৰী পাতিছে। সেইয়া, সেইয়া। কেইবাটাও দল। ১৭ টা বিভাগ, ১৪ টা চেন্টাৰৰ সকলোৱে যোগদান কৰিছে। খৰ্গেশ্বৰ তালুকদাৰৰ নামত গীত পোৱা যায়। অসম আন্দোলনৰ প্ৰথম শ্বহীদ। সদৌ অসম ছাত্র সন্থাৰ সক্ৰিয় ব্যক্তি। ১৯৭৯ চনৰ ১০ ডিচেম্বৰ তাৰিখে লোকসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলত বাধা দিবলৈ গৈ পুলিচৰ গুলীত তেওঁ নিহত হৈছিল। য'তেই আছে শ্ৰদ্ধা নিবেদিছোঁ। 
"দহৰ বাবে মই আহিছোঁ ওলাই
মোৰ দেশৰ মাটিৰ গান গাবলে সদায়
ভাৰতৰে পূর্ব দিশৰ সোণালী অসম... " (সহায় লৈ)
বিৰাট ডাঙৰ কালচাৰেল ৰেলি।চকুৰ আগতে যে ৰে'লৰ দৰে দেখি থাকোঁ। নিজা নিজা কলা-কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন হয়। বহু মানুহে এই প্ৰগেম চায়। স্বচক্ষে,টেলিভিশ্যনটো চায়। বহুতে ভাৱেই কেতিয়ালৈ যে নাহৰৰ দেশত পঢ়িবলৈ পাম? নাহৰৰ দেশত পঢ়িবলৈ পোৱা হ'লে? নাহৰৰ দেশত পঢ়িবলৈ পোৱা সকলৰ সৌভাগ্য ?
ভাল লাগিল শুনি। কালচাৰেল প্ৰগেমৰ কথা আৰু শুনিম। তই পঢ়, নেট আকৌ নিদিবি জানো? দিম। জে. আৰু. এফ লগাম চাই থাক। সেইকাৰণে কেইবাবাৰো ফেইল কৰিছ। ফেইল কৰিছোঁ। সেইবাবে শিকিছোঁ।মাত্ৰ এটা প্ৰশ্নৰ বাবেহে। মোৰ অল্ড পাৰচেন্টটেজতকৈটো ডিক্ৰিছ হোৱা নাই। ইনক্ৰিছ হৈছে। ই মোক চেল্ফ কনফিডেন্ট ইনক্ৰিছ কৰিছে। কোনোৱে কয়-
"ফেইলাৰ ইছ এ পিলাৰ অৱ চাকচেছ"। 
ঘৰৰ ভাইটিহঁতে বিশ্বাস হেৰুৱাইছে। মোৰ ওস্তাদি মৰা স্বভাৱ এটা নথকা নহয়। কি কৰোঁ কওঁক।ওস্তাদি অকণো মাৰিব লাগেই। মোৰ এইবাৰ ভীষণ প্ৰস্তুতি। চিৰিয়াছ। মই মোক বিচাৰি উলিয়াবই লাগিব। মাজে মাজে অনুভৱৰ টুকুৰা লিখি সময় পাৰ কৰোঁ বাবে বহুতে বেয়াও পায়। ভাল কমকৈ পায়। এবাৰ বাৰিষা। চাৰিওফালে পানী। নেট পৰীক্ষা দি উঠিছোহে। ৰিজাল্ট দিব আৰু। মোৰ চিন্তা। আকৌ ঘৰৰ মানুহমখাৰ আগত যদি লাজ পাওঁ। এনে বুকু ধপধপনিৰ আগত ৰিজাল্ট টোকে ভাল হোৱা হ'লে।নেটত চালোৱেই। বেয়া। বহুত কান্দিলোঁ। বাৰিষাৰ বাবে এখন বাৰান্দাত চাং সজা হৈছে। তেতিয়া লৈ ভিতৰৰ বিছনা বুৰ যোৱা নাই। মই তাতে ৰিজাল্ট চাই গাৰোতে শোকত ভাগি পৰিছোঁ। নিজকে বুজাব পৰা নাই। ভেকুলীৰ পিঠিত নোম কেতিয়া গজিব অ'। চোনাই নামানে ফেইল হৈছোঁ। বহু কান্দিলে। মই বুজালোঁ। বুজিছে।বছৰ বছৰ ভালপোৱা হৈছে । তাতে বায়েক বিয়া হোৱাৰ পিছতে প্ৰেচাৰ বেছি। তাই প্ৰায়ে কয়-
"ডাঙৰজনী থাকোঁতে সৰুজনী কেনেকৈ বিয়াত বহিব?"আৰু মোৰ এতিয়াই বিয়াত বহিবলৈ মন নাই। মানে তাইৰ মোলৈ মন। অৱশ্যে তাই চাবলৈ অহা মানুহক সুন্দৰকৈ বুজাই দিব জানে। বিয়া যে সাধাৰণ কথা নহয়; ই এক সৰগীয় অনুভৱ। ইজনে সিজনে বুজি পোৱা এখনি তাজমহল। 
আগত মোৰ মন, কঁহুৱা বন। গোঁড়াবিলাকৰ দদৰীয়া দুশাৰীত পাঁও-
"অৰে,চোঙ্গী ৰে পিয়ে উলজ ঝোইয়া
মেহৰ সুৰৰি সুৰৰি কে হোৱত হোঁ কোইলা । 
(অৰ্থাৎ, পাতৰ চুঙাত ধঁপাত ভৰাই হুপিলে সি যেনেকৈ ধীৰে ধীৰে জ্বলে, সেইদৰে তোমাক বাৰে বাৰে স্মৰণ কৰি মই জ্বলিব লাগিছোঁ।(ড°প্ৰফুল্ল দত্ত গোস্বামী ৰচনাৱলী) 

মোৰ আটাইতকৈ ভাল লাগে। চোনাই মোৰ ওপৰত ৰখা গভীৰ বিশ্বাস। ঘৰৰ-গাঁৱৰ মানুহৰ মোৰ প্ৰতি থকা গভীৰ আস্থা। এইবোৰকে মূলধন হিচাপে লৈ আগবাঢ়িছোঁ। এৰা ঢেঁকীত ধান বানেহে বানে,খুন্দ নাখায়। গুৰি নহয়;খুদকণ বেছি। সেইদৰে মই ঢেঁকী দিলে নেটৰ কথা ভাবি নিজকে মেৰিয়াই মেৰিয়াই বুজাই থাকোঁ। অভিজ্ঞতা হৈছে।লাহে লাহে পানী কমি আহিছে। মই কি হয় নহয় নাজানো কিবা এটা লিখি থাকোঁ। সেইদিনাও ব্যতিক্রম নহ'ল। 
"পিতাইৰ মতে কবিতা হ'ব লাগে
শুকান মুখত নাকী পিঙোৱা
তিনিমূৰে দহঠেঙীয়াৰ চহোৱা লেকেচি
যিয়ে দিব বছৰৰ ভাত
ঋতু বাগৰাৰ হিচাপ-নিকাচ

পিতাইয়ে নাজানে নে
মৰম আৰু দয়াৰ জুমুঠি
নেৰে আকৌ ভিতৰি বেথা

পিছে এতিয়া এইবোৰ বিষয়
কোন কাহানিয়ে ধোঁৱাচাঙত এৰাবাৰী

পিতাইটি বাপ ঢোৰাসাপ
পিতাইয়েই ক'ব লাগিছে নে

পিৰলা-পিৰালিৰ সময় এতিয়াও দৰকাৰী
মহাজন কজুৱাৰ টিলিঙা বাজিব

জালে- ডনে চেপাই -সোকাই ঘৰখন শুৱনি
গোসাঁই ঘৰ শেষ ভৰসাৰ থলি
নহ'লে যে পেটত গাঁঠি টেকেলিও কাটি

পিতাইৰ মতে বুঢ়া-বুঢ়ী অলৰ
জী-পো সদায় চকু-কাণ দিব

পিতাইয়ে এদিনীয়া পাঠশালাৰ
কাঁঠিত লিখিলে নিজৰ নাম
আজিও হৈ আছে পোন-পজৰ

পিতাইয়ে কপালৰ ঘাম মাটিত পেলায়
কেঁচা গোঁসাইঘৰৰ শিলৰ গোঁসাইয়েই সাৰ

পিতাইয়ে জালৰ পোঙাত বিচাৰি পাই
নিজৰেই পো-জী ৰ আঙুলি
বিলে-নদীয়ে বিচাৰি পায়
এমুঠি দিনৰ

পিতাইয়ে পঢ়া নাই কোনো অংকশাস্ত্ৰ;
তথাপি মোতকৈ হিচাপ-নিকাচত এচুলিমান নহয় বিচলিত।

মই কবিতা লিখিলে পিতাইয়ে
নিজকে বিচাৰে;
মই গণো বৰচাঙত ভৰবাৰিষাৰ ধপধপনি।

জীৱন আগুৱালে
হাতে-কামে কাম কৰাৰ কথা পিতাইয়ে কয়
ভাতৰ পাতত সকলোৱে এই কথা সদায় মন দি শুনা হয়

মিটিঙে-মাটাঙে সজ বাক্য শুনি পিতাইয়ে
বুজি পাইছিল জীৱনৰ অৰ্থ।

আজি-কালি দহোবন কাটি কৰি
গধূলি দ-দো-ম-দ-দো-ম-দ-দো-ম-দি
ৰাইজৰ হৈ জনায় কাকূতি-ঘোষা

পিতাইয়ে লিখিবলৈ কোৱা কবিতা লিখা নহ'ল
কিন্তু পিতাইৰ হাক বচন শুনি বুজি পালোঁ জীৱনৰ অৰ্থ অভিনৱ
এতিয়া মই ধূলি-বালি লেলেটিওৱা কবি
মই হ'বলা কবিতা লিখা-পঢ়া কবি আছিলোঁ ইহকালে-ইহকালে পৰকালে-পৰকালে
পিতাইয়ে সেইটো কেনেকৈ জানিব!"

   (৩) 
লাহে লাহে পানী কমিছে। ৰিলিফৰ চাউল, দাইল, নিমখ আহিছে। বছৰেকলৈ নাটে,মানুহ সৰহ। ৰিলিফে সহায় কৰিছে। মোৰ মনলৈ চিন্তা এটাই। মই কিবা প্ৰকাৰে জে. আৰ. এফ লগাবই লাগিব। ঘৰখন বচাব লাগিব। ইয়াৰ বাবে ঘৰৰ পৰা ওলাই যাব লাগিব। সুকীয়াকৈ এদিনীয়াকৈ প্ৰস্তুতি চলাব লাগিব। নিজৰ ওপৰত মোৰ প্ৰবল বিশ্বাস আছে। মায়ে কয় হাঁহি হাঁহি তই নোৱাৰ আৰু। হাজিৰা-চাজিৰা কৰি খাব লাগিব। মই মাৰ কথাখিনি পজিটিভলি লৈছিলোঁ। এনেকৈ তই পাৰিবি। চাকৰি-বাকৰি কৰি খাব লাগিব। নহ'লে যে ঘৰখন পানীকেঁচুৱাই হৈ থাকিব। নাই নাই। চণ্ডিপ ছাৰৰ মটিভেশ্বনেল ভিডিঅ'ইও সহায় কৰিছে। তাতে নবদ্বীপ কৌৰ(Navclass) ,টলবীৰ সিং(Commerce net achievers), gradeup app, kumar bharat ইত্যাদি ইউটিউবৰ চেনেল, চাইড,ওৱেবচাইটবোৰ চোৱা আৰম্ভ কৰিলোঁ। অসমীয়া পেপাৰখনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জে. আৰ. এফ. হৌল্ডাৰ শিখা চহৰীয়াৰ ভিডিও (New learn in Assamese) , Assam study chennel ৰ সহায় লৈছোঁ। আগতে চেনেলবোৰ চাইছোঁ যদিও এইবাৰ চিৰিয়াছ। মই দেৰগাঁও লৈ আহিছোঁ। টিউশ্যন দুটা যোগাৰ কৰিম। ৫০০কৈ এহেজাৰ। কলেজত পালে কন্ট্ৰেকচুৱেল ত হ'লেও কৰিম। কে. কে. এইচ(KKHSOU)ত পালেও কৰিম,পঢ়িম। ওলাই যাম। আকৌ নাহৰৰ দেশে হাত বাউলি দি মাতি আছে। 


      (৪) 
দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ৰ কাষৰতে কোঠা এটা পালোঁ। মাহে ৭০০ । কিবাকৈ চলি যাম। মুঠতে পঢ়ি-শুনি থাকিব পাৰিলেই হ'ল। ঘৰৰ পৰা মাজে মাজে চাউল, দাইল, পাচলি, পইচা, মাছ, টেঙা, গাজৰ খৰিচা, নামচিং,কলডিল,ঢেঁকীয়া,টেঙামৰা,হাঁহৰ ডিম ,কলমৌ,খুতৰা, মানিমুনি আনিমেই। ভাইটিহঁতেও কলেজলৈ আহিলে সময় সুবিধা অনুসৰি আনি দিব। দুপদ-এপদ গোট খাব। মুঠতে মই ৰিজাল্ট ফাটাফাটি কৰিম। ডি.কে.ডি কলেজৰ কাষৰতে আছোঁ। মনত তয়াময়া ৰণ। লক্ষ্য জে. আৰ. এফ। লক্ষ্যই যদি নাথাকে লক্ষ্য ৰ পিছত পাগল হ'ম কেনেকৈ। এফচিআইৰ মৃদুমণি বাইদেউৰ ঘৰতে দুটি টিউশ্যন ঠিক কৰিলোঁ। সংযোগ স্থান অজয় দাদা। দাদা ডিয়ুতে পঢ়া। বিভাগ- বুৰঞ্জী। বহু সংগ্ৰাম কৰিছে। কলেজ, জুনিয়ৰ কলেজত কাম কৰিছে। সমান্তৰালভাৱে পঢ়া-শুনা । ঘৰতো খেতি পথাৰ। দেৰগাঁৱতে থকা লগৰবোৰৰ লগত ডিচকাছ কৰিবলৈ যায়। মইয়ো উৎসাহ পালোঁ। দাদাই এছআইৰ বাবে কেইবাবছৰৰ পৰা চেষ্টা কৰি আছে মইয়ো নেট/জে.আৰ.এফ.ৰ বাবে লাগি আছোঁ। যদুমণি ও যাক মই জুকি মানে জো-জোনাক। কি-কিশোৰ। জোনাক কিশোৰ বুলি মাতো। সিও বহু কষ্ট কৰি আছে। নেট সোনকালেই লগালে। লক্ষ্য জে. আৰ এফ। এইবাৰ শেনৰ এজাত। সি মোৰ আটাইতকৈ বিশ্বাসী বন্ধু। যাৰ লগত সকলো কথা শ্বেয়াৰ কৰিব পাৰি। বা কৰি আহিছোঁ। বিশ্ববিদ্যালয়ে উপহাৰ দিয়া শ্ৰেষ্ঠ বন্ধু। বহু বন্ধুৰ মাজৰ। দুয়ো দুখ-সুখৰ বহু কথা পাতোঁ। সদায় পজিটিভ থাকোঁ। অনুভৱ লিখো। বাৰ্তাপখিলীত সিদিনা ওলোৱা অনুভৱটি -
অভিভূত ফুলৰ বিতস্পৃহ 


সম্ভৱঃ সকলোৰে মাজত
ওখ-চাপৰ হ'ব পাৰে
মতৰো অমত দ্বিমত

জীৱনে এসেকা পাঁওতেই দেখা
পতা হ'ল সমস্ত আশা-নিৰাশাৰ কথা

আকৌ নতুন কুঁহিপাত 
আহে আৰু ওভতনিও 
আমিও জীপ পাওঁ
জীৱন বিচাৰি চাওঁ

জীপবোৰ দুহাতে লিৰিকি 
বিদাৰি থাকোঁতেই
পাৰ হৈ গ'ল কেইবাটাও বসন্ত 
শীতাৰ্ত ৰাতি এটাৰ
তুঁহ জুইকুৰাৰ দৰেই
আমাৰ কথা-বাৰ্তা
চলি থাকে
কেতিয়াবা সজীৱ
কেতিয়াবা নিৰ্জীৱ

সময়বোৰ পকে
জীৱন ঘূৰে 
ঘূৰি ঘূৰি আহি 
আকৌ সেইবাটতে লগ হওঁ
আমাৰ জীৱনে পাখি মেলি উৰে...

ইমান বাস্তৱ এই বন্ধুত্ব
জোন গলে-ৰাতিও জ্বলে
ফৰিংফুটা জোনাকে
আৱৰে

আহা----
আমি বিলীন হওঁ সৰাপাতৰ 
কুচনিয়ে কুচনিয়ে 
নিভাঁজ উশাহবোৰে বৰ 
লেহুকাকৈ ভাঁজ লয়
যেন হাজাৰ দুৰ্যোগেও 
উভালিব নোৱাৰিব এনে 
অভিভূত ফুলৰ বিতস্পৃহ ; 

ব'লা,
আমি সৰাপাতৰ
শুষ্কতা গুচাই
জীৱনটোক
নিজহাতে
সজাওঁ
আৰু যাপন কৰোঁ 
এনেকৈয়ে আজীৱন...

(প্ৰিয়বন্ধু যদুমণি গগৈৰ হাতত)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)