শান্তি-বিটুমনি কোঁছ

পংখী মৰাণ
0
পো-বোৱাৰীৰ লগত কাজিয়া লাগি জীয়েকৰ ঘৰত আহি থকা মানুহজনী আজি দুখত ভাগি পৰিছে । জীয়েকে বাৰে বাৰে সুধাৰ পিছতো মাকে দুখৰ কথা ব্যক্ত নকৰাত খং উঠি জীয়েকে ক'লে , "মোৰ ঘৰত দুদিনমান থাকিম বুলি আহিছ ,ভালকৈ আনন্দ মনেৰে থাক । বেয়া পাইছ যদি গুচি যা ঘৰলৈ..." । মানুহজনৰ মৃত্যুৰ পিছত ল'ৰা-ছোৱালীহালক বুকুতে লৈ জীয়াই থকা মানুহ জনীয়ে আজি জীয়েকৰ কথাত নিজকে বৰ নিঠৰুৱা অনুভৱ কৰিলে । ভাতৰ কাঁহীখন আগবঢ়াই জীয়েকে ক'লে , "তই কিয় দুখ কৰি আছ মা ?? ভাইটি আৰু মোৰ বাবে তয়েই জানো সাহস নহয় !!আমি বিয়া পাতি নিজৰ নিজৰ সংসাৰৰ দায়িত্ব লওঁতে তোৰ প্ৰতি দায়িত্ব যিদৰে পালন কৰিব লাগিছিল , সেইদৰে কৰিব পৰা নাই ; তাত তই দুখ নকৰিবি ।" জীয়েকৰ কথাত মাকৰ চকু মেল খালে । পুতেক-বোৱাৰীয়েকে অৱহেলাৰ চকুৰে চাই বুলি মিছাতেই ভাবি বোৱাৰী জনীক দুখ দি অহা মানুহজনী আজি অনুতপ্ত হ'ল । "মা ঘৰলৈ ব'ল । তোক নিবলৈ আহিছোঁ । কাইলৈ ইলেক্সন...ভোট দিব লাগিব ।" - পুতেকৰ কথাত মাকৰ মন ভৰি পৰিল । "ব'ল বোপাই আজিৰ পৰা তহঁতৰ লগত শান্তিৰে মই জীয়াই থাকিম । মোৰ ভুল হ'ল ।"

             

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)